ভাৰত চৰকাৰে CAA ৰ জৰিয়তে বিদেশীক নাগৰিকত্ব প্ৰদান কৰিছে।আনহাতে বহু সমালোচকে কয় যে, এন আৰ চিৰ জৰিয়তে ভাৰতৰ বসবাস কৰাসকলৰো নাগৰিকত্ব কাঢ়ি লোৱাৰ পৰিকল্পনা কেন্দ্ৰৰ আছে। কিন্তু এই সকলোবোৰৰ মাজত যিটো বিষয় আলোচনাৰ পৰা আঁতৰত আছে সেয়া হ’ল প্ৰতি বছৰে ভাৰতীয়ৰ নাগৰিকত্ব ত্যাগৰ ঘটনা। নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰদান কৰা পৰিসংখ্যাৰ পৰা দেখা গৈছে যে এই বছৰ ২ লাখৰো অধিক ভাৰতীয়ই দেশ এৰি গৈছে। পাঁচ বছৰৰ পাছত এই সংখ্যা হ’ব প্ৰায় ৯ লাখ।
ৰাজ্যসভাত লিখিত প্ৰশ্নৰ উত্তৰত মোদী চৰকাৰে কয় যে ২০২৪ চনতে ২ লাখ ৬ হাজাৰ লোকে ভাৰত এৰি যোৱাৰ সিদ্ধান্ত লৈছে। ২০২২ আৰু ২০২৩ চনত দুই লাখৰো অধিক লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছিল। দৰাচলতে বিগত কেইবছৰমানৰ পৰা ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰাৰ ধাৰাটো চিন্তাৰ কাৰণ হৈ পৰিছে।
২০২৪: ২০৬,৩৭৮ জন
২০২৩: ২১৬,২১৯ জন
২০২২: ২২৫,৬২০ জন
২০২১: ১,৬৩,৩৭৯ জন
২০২০: ৮৫,২৫৬ জন
সাধাৰণতে বহিঃৰাষ্ট্ৰত ভাল চাকৰি বা ব্যৱসায়ৰ সুযোগ পালে নাগৰিকে এনেদৰে দেশ এৰি যায়। বহু সময়ত দেশৰ শ্ৰেষ্ঠ প্ৰতিভাবিলাকে বহিঃৰাজ্যলৈ প্ৰব্ৰজন কৰে বিদেশী কোম্পানীত ভাল দৰমহা পোৱা চাকৰি বা আন দেশত উন্নত সুযোগৰ আশাত। যাক কোৱা হয় ‘ব্ৰেইন ড্ৰেইন’। এই ‘মগজুৰ বহিৰ্গমন’ যিকোনো উন্নয়নশীল দেশৰ বাবে এক সমস্যা আৰু চিন্তাৰ বিষয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় দাবী কৰি আহিছে যে তেওঁৰ কাৰ্যকালত নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নত হৈছে। কিন্তু ভাৰতৰ মগজুৰ বহিৰ্গমন যিদৰে ঘটিছে,ইয়াৰ বিপৰীত ছবিখনহে পৰিস্ফূট হৈছে।
কিন্তু ইমানবোৰ নাগৰিক কিয় দেশ এৰি গৈছে?
কিছু সূত্ৰৰ মতে যোৱা কেইবছৰমানৰ পৰা ভাৰতৰ কৰ গাঁথনি অধিক জটিল হৈ পৰিছে। ভাল চাকৰিৰ সুযোগ কমি আহিছে। তদুপৰি প্ৰদূষণ, অসহিষ্ণুতা, হিংসা, সন্ত্ৰাসবাদী আক্ৰমণ আদি ঘটনায়ো শিক্ষিত, উচ্চাকাংক্ষী ভাৰতীয়সকলৰ মাজত উদ্বেগ প্ৰকাশ কৰিছে।