• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজভাগতে শিক্ষা এৰিছে IIT, কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ২৫ হাজাৰ ৫৯৩ জন SC, ST, OBC ছাত্ৰ-ছাত্ৰীয়ে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 27, 2023 5:29 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা পাঁচ বছৰত আই আই টি, কেন্দ্ৰীয় বিশ্ববিদ্যালয়কে ধৰি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানৰ পৰা ২৫ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে মাজভাগতে শিক্ষা বাদ দিছে। সংসদত দাখিল কৰা চৰকাৰী তথ্য অনুসৰি ২০১৯ চনৰ পৰা ২০২৩ চনৰ ভিতৰত কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা এতিয়ালৈকে ১৭,৫৪৫ জন সংৰক্ষিত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰিছে। ইফালে, অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচিৰ ৮,১৩৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আই আই টিৰ পৰা পঢ়াশুনা এৰি গৈছে।

কিন্তু কিয় ইমানবোৰ সংৰক্ষিত অনুসূচিত জাতি-জনজাত বা অ’বিচিৰ ছাত্ৰ-ছাত্ৰীয়ে মাজভাগতে পঢ়াশুনা এৰিছে? পি এইচ ডি ছাত্ৰ-ছাত্ৰীৰ ভিতৰত যিসকলে মাজভাগতে পঢ়াশুনা এৰিছে তেওঁলোকৰ বেছিভাগেই চাকৰি পোৱাৰ বাবে পঢ়াশুনা বাদ দিয়া বুলি আনুষ্ঠানিকভাৱে প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইফালে স্নাতক পৰ্যায়ত এই ‘কাৰণ’বোৰ হ’ল- বিষয়ৰ ভুল বাছনি, বেয়া ফলাফল, ব্যক্তিগত সমস্যা বা শাৰীৰিক অসুস্থতা।

লগতে পঢ়ক: বাপৰে বাপ! মোডী-যোগীৰ আধাৰৰ তথ্য সলনি যুৱকৰ; গ্ৰেপ্তাৰ অভিযুক্ত

ইপিনে, শিক্ষা মন্ত্ৰালয়ে দাখিল কৰা তথ্য অনুসৰি ২০১৮ চনৰ পৰা ২০২৩ চনৰ ভিতৰত কেন্দ্ৰীয় বিশ্ববিদ্যালয়, আই আই টি, এন আই টি, আই আই এমকে ধৰি উচ্চ শিক্ষানুষ্ঠানত মুঠ ৯৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ ফলত মৃত্যুক সাৱটি লয়।

তথ্য অনুসৰি ২০২৩ চনত এতিয়ালৈকে ২০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছে। ২০২২ চনত মুঠ সংখ্যা আছিল ২৪ জন। ইয়াৰ পূৰ্বে ২০২১ চনত ৭ জন ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছিল। ২০২০ চনত আত্মহত্যা কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৭ জন। ২০১৯ চনত ১৯ জন আৰু ২০১৮ চনত ২১ জন ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছিল।

লগতে পঢ়ক:  দেশত নাৰী এতিয়াও পণ্য! ঋণ শোধাব নোৱাৰিলে স্বামীয়ে; ঋণদাতাৰ যৌন লালসাৰ বলি হ’ল পত্নী! গ্ৰেপ্তাৰ অভিযুক্ত

আনহাতে, তথ্য অনুসৰি আত্মহত্যা কৰা এই ৯৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত সৰ্বাধিক আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে আই আই টি কেম্পাছত। যোৱা ৫ বছৰত দেশৰ বিভিন্ন আই আই টিত মুঠ ৩৯ জন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে। তাৰ পিছত তালিকাত আছে এন আই টি। তাত আত্মহত্যা কৰিছে ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে। কেন্দ্ৰীয় বিশ্ববিদ্যালয়তো ২৫ জন ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰে। ইয়াৰ উপৰিও আই আই এমত ৪ জন, আই এছ আৰত ৩ জন, আই আই আই টিত ২ জন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰে।

কেন্দ্ৰীয় শিক্ষা ৰাজ্য মন্ত্ৰী সুভাষ সৰকাৰে কয় যে বিশ্ববিদ্যালয় অনুদান আয়োগে কোভিডৰ সময়ত আৰু পিছত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে উচ্চ শিক্ষানুষ্ঠানসমূহক বিভিন্ন পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ উপৰিও ইউজিচিয়ে উচ্চ শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক ফিটনেছ, ক্ৰীড়া, স্বাস্থ্য, মানসিক সুস্থতা বৃদ্ধিৰ বাবেও নিৰ্দেশনা জাৰি কৰিছে।

লগতে পঢ়ক: ২ লাখ টকাৰ বিনিময়ত নিজৰ ১১ দিনীয়া সন্তান বিক্ৰী কৰিলে বিধৱা মাতৃয়ে

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে অৱগত কৰে যে মন্ত্ৰালয়ে শৈক্ষিক চাপ হ্ৰাস কৰিবলৈ সমনীয়াৰ সহায়ত শিক্ষণ, আঞ্চলিক ভাষাত কাৰিকৰী শিক্ষাৰ প্ৰৱৰ্তন আদি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। মন্ত্ৰালয়ে প্ৰতিষ্ঠানসমূহৰ ব্যৱস্থা আৰু শক্তিশালী কৰাৰ পৰামৰ্শ দিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd