মৃত্যু উপত্যকাত পৰিণত হৈছে আফগানিস্তান। দেশখনত এতিয়া মৃত্যুৰ কিৰিলী। আজি পুৱতি নিশা ভয়াৱহ ভূমিকম্পই জোকাৰি যোৱাৰ পিছত ধ্বংসস্তূপত পৰিণত হৈছে আফগানিস্তান। ৬.১ প্ৰাবল্যৰ এই বিধ্বংসী ভূমিকম্পত দেশখনত এতিয়ালৈকে ২৯০ জনতকৈও অধিক লোকৰ মৃত্যু হৈছে।
ভূমিকম্পৰ জোকাৰণিৰ ফলত সৃষ্টি হোৱা ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ পৰিছে দেশখনৰ বহু লোক। আনহাতে এনে ভয়াৱহ দুৰ্যোগৰ ফলত আহত হৈছে কেইবাশতাধিক লোক। এনে পৰিস্থিতিত স্থানীয় প্ৰশাসনে মৃত্যুৰ সংখ্যা অনেক বৃদ্ধি পাব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে (ইউএছজিচি) জনোৱা অনুসৰি পাকিস্তান সীমান্তৰ ওচৰৰ খোষ্ট চহৰৰ পৰা প্ৰায় ৪৪ কিলোমিটাৰ দূৰত এই ভূমিকম্পটোৰ উৎপত্তি হৈছিল বুলি সদৰি কৰিছে। ইফালে ইউৰোপীয় ভূমধ্যসাগৰীয় ভূকম্পন কেন্দ্ৰই (ইএমএছচি) এই ভয়াৱহ ভূমিকম্পই পাকিস্তান আৰু ভাৰতকো চুই গৈছে বুলি উল্লেখ কৰিছে
আফগানিস্তানৰ তালিবান চৰকাৰৰ মুখপাত্ৰ বিলাল কৰিমীয়ে এক টুইটযোগে প্ৰকাশ কৰিছে যে দেশখনৰ সকলো সাহায্য সংস্থাক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূ্হত তৎক্ষণাত উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
দেশখনৰ অভ্যন্তৰীণ মন্ত্ৰালয়ৰ বিষয়া ছালাহুদ্দিন আয়ুবিয়ে কয় যে এইপৰ্যন্ত মৃত্যু হোৱা অধিকাংশ লোকেই পূৱ আফগান প্ৰদেশ পাকটিকাৰ। এই অঞ্চলটোত প্ৰায় ২৫৫ জন লোক নিহত হোৱাৰ লগতে ২০০ ৰো অধিক লোক আহত হৈছে বুলি তেওঁ উল্লেখ কৰে।
ইতিমধ্যে আফগানিস্তান কৰ্তৃপক্ষই উদ্ধাৰ অভিযান আৰম্ভ কৰিছে আৰু আহতসকলৰ সহায়ৰ লগতে চিকিৎসা সামগ্ৰী আৰু খাদ্য যোগানৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে বুলিও বিষয়া গৰাকীয়ে লগতে কয়।
ভূমিকম্পটোৰ কম্পন আফগানিস্তানৰ লগতে পাকিস্তান আৰু ভাৰততো অনুভূত হোৱা বুলি ইউৰোপীয় ভূমধ্যসাগৰীয় ভূকম্পন কেন্দ্ৰই উল্লেখ কৰিলেও অৱশ্যে দুইখনদুইখনে কোনো ক্ষয়ক্ষতিৰ খবৰ প্ৰকাশ হোৱা নাই।
উল্লেখ্য যে তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পিছত দেশখনক তীব্ৰ অৰ্থনৈতিক সংকটে জুৰুলা কৰিছে। এনে অৱস্থাত এই প্ৰলয়ংকাৰী দুৰ্যোগে দেশখনক আন এক মাধমাৰ শোধোৱা বুলি ক’ব পাৰি।