জম্মু-কাশ্মীৰত ৭০০ তকৈও অধিক “সন্ত্ৰাসবাদীৰ প্ৰতি সহানুভূতিশীল” ব্যক্তিক আটক

Jammu and Kashmir

কাশ্মীৰী পণ্ডিত, শিখ আৰু মুছলমান সম্প্ৰদায়ৰ লোকসহ সাতজন নাগৰিকক ছয় দিনৰ ভিতৰত হত্যা কৰাৰ প্ৰতিক্ৰিয়াস্বৰূপে জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীয়ে ৭০০ ৰো অধিক লোকক আটক কৰিছে।

আটক কৰা কেইবাজনো লোকৰ নিষিদ্ধ জামাত-ই-ইছলামীৰ সৈতে সম্পৰ্ক আছে বুলি ধাৰণা কৰা হৈছে আৰু সন্দেহযুক্ত অভাৰগ্ৰাউণ্ড কৰ্মী বুলি সন্দেহ কৰা হৈছে।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য মতে কাশ্মীৰ উপত্যকাত ক্ৰমবৰ্দ্ধমান সন্ত্ৰাসবাদী কাৰ্যকলাপৰ শৃংখলা ভাঙিবলৈ এইসকল লোকক আটক কৰা হৈছে।

বিষয়াজনে লগতে তালিবানৰ ক্ষমতালৈ অহাৰ পিছত মৌলবাদ বৃদ্ধি হোৱাৰ ফলত এই আক্ৰমণবৃদ্ধি হৈছে বুলি বুলি মন্তব্য কৰে।

ক্ৰমবৰ্দ্ধমান হত্যাকাণ্ডই ইতিমধ্যে উত্তেজনাপূৰ্ণ কাশ্মীৰ উপত্যকাত ক্ষোভৰ সৃষ্টি কৰিছে। বিৰোধী নেতাসকলে এনে আক্ৰমণ বন্ধ কৰিবলৈ অক্ষম হোৱা প্ৰশাসনক তীব্ৰ সমালোচনা কৰিছে। ট্ৰেঞ্জিট কেম্পত বাস কৰা অসংখ্য কাশ্মীৰী পণ্ডিত পৰিয়াল ইতিমধ্যে উপত্যকাৰ পৰা পলাই গৈছে।

জম্মু কাশ্মীৰ আৰক্ষীয়ে এই আক্ৰমণবোৰৰ বেছিভাগেই “দ্য ৰেজিচটেঞ্চ ফ্ৰণ্ট” ৰ দ্বাৰা সংঘটিত হৈছে বুলি সন্দেহ কৰিছে। এই সংগঠনটো নিষিদ্ধ ঘোষিত লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী গোটৰ এটা শাখা বুলি ইতিমধ্যে আৰক্ষী বাহিনী নিশ্চিত হৈছে।

আৰক্ষীয়ে জনোৱা মতে জানুৱাৰীৰ পৰা নিহত হোৱা ২৮ জন নাগৰিকৰ ভিতৰত সাতজন অ-মুছলমান ব্যক্তি আছে।

বৃহস্পতিবাৰে গৃহ মন্ত্ৰালয়ে জ্যেষ্ঠ বিষয়াৰ দ্বাৰা গঠিত এটা দল কাশ্মীৰলৈ অভিযানৰ তদাৰক কৰিবলৈ পঠিয়াইছিল। গৃহমন্ত্ৰী অমিত শ্বাহে এখন বৈঠক অনুষ্ঠিত কৰাৰ পিছত এই সিদ্ধান্ত লোৱা হয়।

জম্মু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই এই হত্যাকাণ্ডক গৰিহণা দিছে আৰু সন্ত্ৰাসবাদীসকলক সতৰ্ক কৰি দিছে যে আক্ৰমণত জড়িত লোকসকলক কঠোৰ উত্তৰ দিয়া হ’ব।