ক’ৰ’নাই প্ৰাণ কাঢ়ি নিলে ৯৩ গৰাকী চিকিৎসকৰ : আই এম এ

fa1e5a717eeb9e35f890d36fdc2e7c1bfb150bd5fe4e041eca817a7f7e7c3831

দেশত ক’ৰ’না ভাইৰাছৰ চিকিৎসা প্ৰদান কৰি ৯৩ গৰাকী চিকিৎসকে এই মহামাৰী ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে। ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যন (আই এম এ) এ এই তথ্য ৰাজহুৱা কৰিছে।

আই এম এৰ মুখ্য চিকিৎসক ৰাজন শৰ্মাই জানিবলৈ দি কয় যে ক’ৰ’নাৰ ফলত এই পৰ্যন্ত ৯৩ গৰাকী চিকিৎসকৰ মৃত্যু হৈছে আৰু ১,২৭৯ গৰাকী চিকিৎসক আক্ৰান্ত হৈছে।

তেওঁ লগতে কয় যে ৩৫ বছৰৰ তলৰ ৭৭১ গৰাকী, ৩৫ বছৰৰ ওপৰৰ ২৪৭ গৰাকী আৰু ২৬১ গৰাকী চিকিৎসক ৫০ বছৰৰ উৰ্ধ্বৰ বুলি জনাইছে।

শৰ্মাই লগতে কয় যে এই সংখ্যাত নাৰ্চ তথা অন্য স্বাস্থ্য কৰ্মী অন্তৰ্ভুক্ত নহয়।

ইফালে আই এম এৰ বিপৰীত তথ্য দাঙি ধৰিছে ডাঃ জয়দেৱনে। তেওঁৰ মতে ভাৰতত ১১০ গৰাকী চিকিৎসক ক’ৰ’নাৰ ফলত মৃত্যুবৰণ কৰিছে।

চিকিৎসকৰ মৃত্যুৰ সংখ্যা চাব গ’লে মহাৰাষ্ট্ৰত সৰ্বাধিক ২৩ শতাংশ, তামিলনাডুত ১৬ শতাংশ, গুজৰাট আৰু দিল্লীত ১১ শতাংশ আৰু উত্তৰ প্ৰদেশত ৯ শতাংশ।

ডাঃ জয়দেৱনে লগতে কয় যে চিকিৎসৰ লগত যদি স্বাস্থ্যকৰ্মীৰ সংখ্যা যোগ কৰো তেন্তে এই সংখ্যা হ’ব ১৩৬। ইয়াৰে আঠগৰাকীৰ হিংসাংত্মক কাৰ্যকলাপত প্ৰাণ গৈছে আৰু দুগৰাকীয়ে আত্মহত্যা কৰিছে।