• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

বিশ্বত ভয়াবহভাৱে বৃদ্ধি পাব দৰিদ্ৰতা! আন্তৰ্জাতিক সংস্থা ‘অক্সফাম’ৰ সতৰ্কবাণী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 13, 2022 8:10 pm
Oxfam report on poverty
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ ফলত দেখা দিয়া খাদ্যৰ বৰ্ধিত মূল্যই এক বিলিয়নৰে এক চতুৰ্থাংশ লোকক চৰম দৰিদ্ৰতাৰ ফালে ঠেলি দিব পাৰে। আন্তৰ্জাতিক সংবাদ সংস্থা ‘The Guardian’ ত অলপতে প্ৰকাশ পোৱা অক্সফাম নামৰ এটা সংস্থাৰ চিন্তা উদ্ৰেককাৰী প্ৰতিবেদনত এই সতৰ্কবাণী কৰা হৈছে।

সংস্থাটোৱে কয় যে এই নতুন প্ৰত্যাহ্বানবোৰে কভিডৰ দ্বাৰা সৃষ্টি হোৱা অৰ্থনৈতিক সংকটক আৰু অধিক সংকটৰ পিনে ঠেলি দিছে। এই নতুন প্ৰত্যাহ্বানবোৰৰ পৰা বিশ্বক উদ্ধাৰ কৰিবলৈ দৰিদ্ৰ দেশবোৰৰ বাবে ঋণ পৰিশোধ বাতিল কৰাকে ধৰি জৰুৰী আন্তঃৰাষ্ট্ৰীয় পদক্ষেপ ল’বলৈ আহ্বান জনাইছে অক্সফামে।

Apply Now

অক্সফামৰ আন্তৰ্জাতিক কাৰ্যবাহী সঞ্চালক গেব্ৰিয়েলা বুচাৰে কয়, “তাৎক্ষণিকভাৱে যুগান্তকাৰী পদক্ষেপ নল’লে, মানৱতাৰ চূড়ান্ত অধ:পতন হবলৈ গৈ আছে তথা আমি চৰম দৰিদ্ৰতাৰ সন্মুখীন হ’ব পাৰোঁ।”

অহা সপ্তাহত বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকৰ পূৰ্বে মঙলবাৰে মুকলি কৰা অক্সফামৰ প্ৰতিবেদনত কোৱা হৈছে যে বিভিন্ন আন্তৰ্জাতিক সংস্থাসমূহৰ পৰা ধাৰ লোৱা চৰকাৰসমূহে ইন্ধন আৰু খাদ্য আমদানিৰ বৰ্ধিত ব্যয় পূৰণ কৰিবলৈ ৰাজহুৱা ব্যয় হ্ৰাস কৰিবলৈ বাধ্য হ’ব পাৰে।

অক্সফামে লগতে কয় যে এই বছৰৰ বাবে ঋণ পৰিশোধ বাতিল কৰিলে পৰৱৰ্তী সময়ত বৃহৎ ঋণৰ সন্মুখীন হোৱা কেইবাখনো দেশ ৩০ বিলিয়ন ডলাৰ ধাৰৰ পৰা মুক্ত হব পাৰে।

বিশ্ব বেংকে ইতিমধ্যে অনুমান কৰিছে যে মহামাৰীৰ কবলত পৰি এই বছৰ ১৯৮ নিযুত লোক চৰম দৰিদ্ৰতাৰ গ্ৰাসত পৰিছে।

কিন্তু অক্সফামৰ প্ৰতিবেদন মতে যদি ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ আৰু বৰ্ধিত ইন্ধনৰ মূল্য বিবেচনা কৰা হয় তেন্তে আৰু ৬৫ নিযুত লোক চৰম দৰিদ্ৰতাৰ গ্ৰাসত পৰিব।

সংস্থাটোৱে লগতে ধাৰণা কৰিছে যে ইয়াৰ ফলত আৰু ২৮ নিযুত লোক পুষ্টিহীনতাত ভূগিব।

অক্সফামে লগতে কয় যে মহামাৰী বা ইউক্ৰেইন যুদ্ধৰ দৰে সংকটৰ দ্বাৰা লাভাৱন্বিত হোৱা সংস্থাবোৰৰ ওপৰত অধিক কৰ আৰোপ কৰিব লাগে। লগতে G-20 ক দৰিদ্ৰ দেশবোৰৰ বাবে থকা আবন্টিত পুঁজিৰ পৰা ১০০ বিলিয়ন ডলাৰ ৰাজসাহায্য প্ৰদানৰ আহ্বান জনাইছে অক্সফামে।

সামগ্ৰী আৰু সেৱাৰ ওপৰতো কৰ হ্ৰাসৰ জৰিয়তে দৰিদ্ৰ দেশবোৰক মুদ্ৰাস্ফীতিৰ পৰা সুৰক্ষিত কৰিবলৈ পৰামৰ্শ দিছে অক্সফামে।

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ বিগত সপ্তাহৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই খাদ্য সামগ্ৰী পূৰ্বতকৈ অধিক ব্যয়বহুল কৰি তুলিছে। বিগত বছৰৰ তুলনাত এই বছৰ এক তৃতীয়াংশকৈও অধিক খাদ্য সামগ্ৰী ব্যয়বহুল হৈছে।

কৃষ্ণ সাগৰ অঞ্চলৰ পৰা শস্য আমদানি ব্যাহত হোৱাৰ বাবে মধ্য প্ৰাচ্য আৰু আফ্ৰিকাৰ কিছু অংশ বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে। মধ্য প্ৰাচ্য আৰু আফ্ৰিকাৰ এই সংকটে অৰ্থনৈতিক আৰু জলবায়ু সংকট বৃদ্ধিত আৰু অধিক অৰিহণা যোগাইছে।

বুচাৰে কয় যে বৰ্ধিত দৰিদ্ৰতাৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰসমূহে উচিত পদক্ষেপ গ্ৰহণ কৰা নাই। এক কথাত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ ব্যৱহাৰ অযোগ্য।

বুচাৰে লগতে কয়, “দৰিদ্ৰতা আৰু ভোক নিৰাময়ৰ লগতে নাগৰিকৰ স্বাস্থ্য আৰু কল্যাণ নিশ্চিত কৰাৰ বাবে চৰকাৰৰ ওচৰত পুঁজি বা উপযুক্ত পদক্ষেপ উপায় নাই বুলি আমি ক’ব খোজা নাই। আমি কেৱল অৰ্থনৈতিক পৰিকল্পনা আৰু ৰাজনৈতিক ইচ্ছা শক্তিৰ অনুপস্থিতি দেখিছো।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm
SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd