• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডী হে তু মুমকিন হে! মোডীৰ ভ্ৰমণত কেৱল মস্কো আৰু আবুধাবি দূতাবাসৰ খৰচ ২০ কোটি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2025 2:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনত ১৬খন দেশ ভ্ৰমণ কৰিছিল। কিন্তু মস্কো আৰু আবুধাবিৰ বাহিৰে আন ঠাইত থকা ভাৰতীয় দূতাবাসে এই ভ্ৰমণৰ খৰচৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই।

স্বচ্ছতাৰক্ষা কৰ্মী তথা অৱসৰপ্ৰাপ্ত সেনা বিষয়া লোকেশ বাট্ৰাই তথ্য জনাৰ অধিকাৰ আইন (আৰ টি আই)ৰ অধীনত প্ৰধানমন্ত্ৰী মোডীৰ বিদেশ ভ্ৰমণৰ সৈতে জড়িত খৰচৰ ৰেকৰ্ড বিচাৰিছিল।

Apply Now

তাৰ পৰাই জানিব পৰা গৈছে যে ২০২৪ চনত প্ৰধানমন্ত্ৰীগৰাকীৰ ৰাছিয়া ভ্ৰমণৰ বাবে ১৫ কোটি টকাৰো অধিক খৰচ হৈছিল। ইয়াৰ উপৰিও আবুধাবি দূতাবাসে ৫ কোটি টকা ব্যয় দেখুৱাইছে। অৰ্থাৎ কেৱল এই দুই ঠাইলৈ যাত্ৰাত ২০ কোটিতকৈ অধিক টকা খৰচ হৈছিল। ইয়াৰে ১.৮৭ কোটি টকা জুলাই মাহৰ মস্কো ভ্ৰমণৰ সময়ত কমিউনিটি ৰিচেপছনত ব্যয় কৰা হৈছিল।

বিষয়টো পোহৰলৈ অহাৰ পিছতে বিৰোধীয়ে অভিযোগ কৰিছে যে ৰাজকোষৰ পৰা এই বৃহৎ ব্যয় সামূহিক অভ্যৰ্থনাৰ অজুহাতত প্ৰকৃততে ৰাছিয়াৰ মাটিত ‘মোডী-বন্দনা’ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবেহে কৰা হৈছে। কেৱল সেয়াই নহয়, এই প্ৰশ্নও উত্থাপন হৈছে যে মস্কো আৰু আবুধাবিৰ বাহিৰে আন কোনো দূতাবাসে কিয় মোডীৰ ভ্ৰমণৰ খৰচৰ সন্দৰ্ভত তথ্য প্ৰকাশ কৰা নাই।

২০২৪ চনত প্ৰধানমন্ত্ৰী মোদীয়ে ভূটান, কুৱেইট, ইউক্ৰেইন, ৰাছিয়া, সংযুক্ত আৰব আমিৰশ্বাহী, আমেৰিকাকে ধৰি মুঠ ১৬খন দেশ ভ্ৰমণ কৰিছিল।

অৱসৰপ্ৰাপ্ত সেনা বিষয়া লোকেশ বাট্ৰাই দাবী কৰিছে যে আৰ টি আইৰ আবেদনৰ ভিত্তিত খৰচৰ সবিশেষ তথ্য কেৱল মস্কো আৰু আবুধাবিৰ দূতাবাসেহে প্ৰদান কৰিছে। তেওঁ অভিযোগ কৰে যে আন দূতাবাসসমূহে খৰচৰ আনুমানিক হিচাপ নিদিয়াকৈ বৈদেশিক মন্ত্ৰালয়ৰ আদালতত বলটো ঠেলি দিছে।

বাট্ৰাই কয় যে ২০১৫ চনত অনুৰূপ আৰ টি আই আবেদনত বিতং তথ্য প্ৰদান কৰা দূতাবাসসমূহে এতিয়া আচৰিত ধৰণে খৰচৰ কথা প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে। কিন্তু এই দূতাবাসসমূহে উদ্যোগ ল’ব লাগিছিল আৰু তেওঁলোকৰ খৰচৰ হিচাপ ৰাজহুৱা কৰিব লাগিছিল।

আনহাতে, আন চহৰৰ দূতাবাসসমূহ বাদ দিয়া হৈছে যদিও মস্কো আৰু আবুধাবিত থকা ভাৰতীয় দূতাবাসসমূহে বিশদ খৰচৰ হিচাপ দাখিল কৰিছে। ইয়াৰ পৰা দেখা যায় যে ২০২৪ চনত প্ৰধানমন্ত্ৰী মোডীৰ ৰাছিয়া ভ্ৰমণৰ দুটা ভ্ৰমণৰ ভিতৰত প্ৰথমটো আছিল ৮ জুলাইৰ পৰা ১০ জুলাইলৈ। একে সময়তে তেওঁ অষ্ট্ৰিয়া ভ্ৰমণো কৰিছিল। সেই ভ্ৰমণৰ খৰচ আছিল ৫.১২ কোটি টকা।

ব্ৰিকছ সন্মিলন উপলক্ষে ২২-২৩ অক্টোবৰত তেওঁ পুনৰ ৰাছিয়া ভ্ৰমণ কৰিছিল। মুঠ খৰচ ১০.২৪ কোটি। আনহাতে, ২০২৪ চনৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈকে সময়ছোৱা সংযুক্ত আৰব আমিৰশ্বাহী আৰু কাটাৰ ভ্ৰমণৰ মুঠ খৰচ আছিল ৪.৯৫ কোটি টকা।

দেশৰ জনতাই অন্ন, সংস্থান আৰু নিজৰ উত্তৰ পুৰুষৰ ভৱিষ্যতকলৈ উদ্বিগ্ন হৈ থকাৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এনে ব্যয়বহুল বিদেশ ভ্ৰমণৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। প্ৰশ্ন হৈছে এই বিলাসী ভ্ৰমণে কঢ়িয়াই অনা ফলাফল অশ্বডিম্বৰ বাহিৰে আৰুনো কি?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd