হজত মৃতকৰ সংখ্যা ১৩০০ অতিক্ৰম; ছৌদি আৰৱৰ দাবী ৮৩ শতাংশই অবৈধ হজযাত্ৰী!

মক্কাত হজযাত্ৰী। ফটোঃ সংগ্ৰহীত।

মুছলমানসকলে বিশ্বাস কৰে যে ভাগ্যৰ বলতহে হজলৈ যোৱাৰ সুযোগ পায়। কিন্তু সেই পৱিত্ৰ হজ কৰিবলৈ গৈয়েই মৃত্যুৰ কোলাত ঢলি পৰিছে ১৩০০ৰো অধিক হজযাত্ৰী। ছৌদি আৰব প্ৰশাসনৰ তথ্য অনুসৰি অবৈধভাৱে তীৰ্থস্থানলৈ আহি ধৰ্মীয় অনুষ্ঠান সম্পাদন কৰি থকা অৱস্থাত ৮৩ শতাংশ তীৰ্থযাত্ৰীৰ মৃত্যু হয়। কাৰণ তেওঁলোকে তীব্ৰ ৰ’দত খোজকাঢ়ি তীৰ্থস্থানলৈ যাব লগা হৈছিল। উপযুক্ত নথি-পত্ৰৰ অভাৱত হোটেলত থাকিব পৰা নাই।

ইছলামৰ প্ৰধান পাঁচটা স্তম্ভৰ ভিতৰত হজ অন্যতম। সেইবাবেই প্ৰতি বছৰে মক্কা-মদিনালৈ তীৰ্থযাত্ৰীৰ ভিৰ হয়। সাধাৰণ মানুহৰ পৰা চেলিব্ৰিটিলৈকে বহু লোকে হজত অংশ লয়। কিন্তু এইবাৰ হজ পালনৰ সময়ত বাৰে বাৰে মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

লগতে পঢ়কঃ নাছাই প্ৰকাশ কৰিছে শংকা! পৃথিৱীত খুন্দা মাৰিব পাৰে এটা ‘বিপজ্জনক গ্ৰহাণু’ৱে

দেওবাৰে ছৌদি আৰৱৰ স্বাস্থ্যমন্ত্ৰী ফাহদ বিন আব্দুৰ ৰহমান আল জালাজেলে কয় যে মুঠ ১৩০১ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে। ইয়াৰে ৮৩ শতাংশই অবৈধভাৱে হজ কৰিবলৈ আহিছিল। পৰ্যাপ্ত নথি-পত্ৰ নথকাৰ বাবে এই তীৰ্থযাত্ৰীসকলে হোটেল বা আন ঠাইত জিৰণি লোৱাৰ সুযোগ নাপালে। প্ৰচণ্ড গৰমত খোজ কাঢ়ি ধৰ্মীয় ৰীতি-নীতি পালন কৰি থাকোঁতে অৱশেষত মৃত্যুৰ কোলাত ঢলি পৰিছে।

জানিব পৰা মতে, বৰ্তমান ৯৫ জন লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে। কেইবাজনো লোকক চিকিৎসাৰ বাবে ছৌদি আৰৱৰ ৰাজধানী ৰিয়াদলৈ অনা হৈছে। কিন্তু পৰ্যাপ্ত নথি-পত্ৰৰ অভাৱত মৃতকৰ পৰিচয় জনাটো কঠিন হৈ পৰিছে। আটাইকেইজন মৃত লোককে মক্কাত সমাধিস্থ কৰা হৈছে বুলি জালাজেলে জনায়।

সূত্ৰ অনুসৰি, মৃতসকলৰ ভিতৰত ৬৬০ জন ইজিপ্তৰ লোকো আছে। প্ৰায় সকলোৱেই অবৈধভাৱে হজলৈ গৈছিল। এই অভিযোগৰ পিছতে খবৰ আহিছে যে ইজিপ্ত চৰকাৰে অবৈধভাৱে হজ তীৰ্থযাত্ৰাৰ ব্যৱস্থা কৰা ট্ৰেভেল এজেন্সীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

লগতে পঢ়কঃ ICC T-20 World Cup: বাটলাৰৰ বেটিং ধুমুহাত বিধ্বস্ত আমেৰিকা; ১০ উইকেটত জয়লাভ কৰি ছেমি ফাইনেলত ইংলেণ্ড

উল্লেখ্য যে পুণ্য লাভৰ আশাত মক্কালৈ হজলৈ যোৱাৰ সময়ত এইবাৰ ৯৮ জন ভাৰতীয়ৰ মৃত্যু হৈছে। এইবাৰ ভাৰতৰ পৰা ছৌদি আৰৱলৈ মুঠ ১ লাখ ৭৫ হাজাৰ তীৰ্থযাত্ৰী হজলৈ গৈছিল। ইয়াৰে ৯৮ জনৰ মৃত্যু হৈছে। ইয়াৰে অধিকাংশই মক্কাত প্ৰচণ্ড গৰমৰ বাবে, কোনোবাই অসুস্থতাৰ বাবে আৰু কোনোবাই বাৰ্ধক্যজনিত অসুস্থতাৰ বাবে মৃত্যুবৰণ কৰিছে। ইয়াৰে আৰাফাতৰ দিনা ৬ জন ভাৰতীয়ৰ মৃত্যু হয়। ইয়াৰ উপৰিও দুৰ্ঘটনাত ৪ ভাৰতীয়ৰ মৃত্যু হৈছে।