ইমান এজাহাৰ পৰাৰ পিছতো বিজেপিয়ে হজৰত মহম্মদৰ বিৰুদ্ধে মন্তব্য কৰা নুপূৰ শৰ্মাক গ্ৰেপ্তাৰ নকৰাৰ আঁৰত গভীৰ ষড়যন্ত্ৰৰ গোন্ধ পাইছে অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিন (এআইএমআইএম)ৰ মুৰব্বী আছাদুদ্দিন ৱাইচিয়ে ৷ ৱাইছিয়ে কয় যে বিজেপিৰ নিলম্বিত নেত্ৰী নুপূৰ শৰ্মাক বিজেপিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী পদত প্ৰক্ষেপ কৰিব পাৰে৷
এই দাবী কৰি অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিন (এআইএমআইএম)ৰ মুৰব্বী আছাদুদ্দিন ৱাইচিয়েলগতে কয় যে নুপূৰ শৰ্মাক গ্ৰেপ্তাৰৰ ইমান দাবীৰ পিছতো বিজেপিয়ে তেওঁক সুৰক্ষিত কৰিহে ৰাখিছে৷ নুপূৰ শৰ্মাৰ বিৰুদ্ধে আইন অনুসৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী জনায় ৱাইছিয়ে। নুপুৰ শৰ্মা অহা ছয়-সাত মাহৰ ভিতৰত এগৰাকী ডাঙৰ নেতাত পৰিণত হ’ব বুলিও ৱাইছিয়ে কয়৷
নুপূৰ শৰ্মাৰ বিৰুদ্ধে ইমান এজাহাৰ দাখিল হোৱাৰ পিছতো তেওঁক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলিও ৱাইছিয়ে চৰকাৰক জবাবদিহি কৰে৷
এআইএমআইএমে নুপূৰ শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে , তথাপি আৰক্ষীয়ে একো পদক্ষেপ গ্ৰহণ নকৰা বুলি ৱাইছিয়ে ক্ষোভ প্ৰকাশ কৰে৷
উল্লেখ কৰিব পাৰি যে বিতৰ্কিত মন্তব্য কৰা নেতাক বিজেপিয়ে অপসাৰণ কৰাৰ পিছতো ক্ষান্ত হোৱা নাই মধ্য প্ৰাচ্যৰ দেশসমূহ। আনহাতে, পয়গম্বৰ মহম্মদকলৈ বিজেপি নেতাৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া অধিক শক্তিশালী আৰু তীব্ৰ হৈ উঠিছে। উপসাগৰীয় ইছলামিক দেশসমূহত অসন্তুষ্টি বৃদ্ধি পাইছে। কাটাৰ, কুৱেইট আৰু ইৰাণে ইতিমধ্যে ভাৰতীয় ৰাষ্ট্ৰদূতক তলব কৰিছে।
সামাজিক মাধ্যমত ভাৰতীয় সামগ্ৰী বৰ্জন কৰাৰ বাৰ্তা বিয়পি পৰিছে। বিদেশত ভাৰতৰ ধৰ্মনিৰপেক্ষ নীতি প্ৰশ্নৰ সন্মুখীন হৈছে।
বিজেপিয়ে দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মা আৰু দিল্লীৰ সংবাদ মাধ্যমৰ মুৰব্বী নবীন কুমাৰ জিন্দালৰ মন্তব্যকলৈ যে বিতৰ্কৰ সৃষ্টি হ’ব সেইকথা গেৰুৱা বাহিনীয়ে অনুমান কৰিব পাৰিছিল। সেয়ে পৰিস্থিতি অধিক জটিল হোৱাৰ পূৰ্বে বহিষ্কাৰ কৰা হয় দলৰ দুই নেতাক।
বিজেপিয়ে জাৰি কৰা এটা বিবৃতিত কোৱা হৈছিল যে ই “সকলো ধৰ্মক সন্মান কৰে” আৰু “যিকোনো ধৰ্মীয় ব্যক্তিৰ অপমানক তীব্ৰ গৰিহণা দিয়ে”।”