NORTHEAST NOW (Assamese)

কাৰ্বি আংলঙৰ খেৰণিত ‘বিষক্ৰিয়া’ৰ ফলত বনৰীয়া হাতীৰ মৃত্যু

April 13, 2019 10:06 am · এন ই নাও নিউজ
প্রতিনিধিত্বমূলক ফটো

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত শুকুৰবাৰে এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

বাতৰি প্ৰকাশ পোৱা অনুসৰি হাতীটোৰ মৃতদেহটো খেৰণিৰ সমীপৰ ছেংছেঙ বিলৰ এখন কুঁহিয়াৰতলীত উদ্ধাৰ কৰা হয়। জন বসতিপূৰ্ণ অঞ্চলটোত এজাক বনৰীয়া হাতী প্ৰৱেশ কৰিছিল। জানিব পৰা মতে, কিবা বিষাক্ত খাদ্য খোৱাৰ ফলতে হাতীটোৰ মৃত্যু হয়।

আন এক ঘটনাত ৰংজুলিত এজাক বনৰীয়া হাতীয়ে বহুতো ঘৰ-দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰে। কাৰ্বি আংলঙত হাতী আৰু মানুহৰ সংঘাত আচৰিত ধৰণে বৃদ্ধি পাই আহিছে।

এই গোটেই সমস্যাটোৰ প্ৰতি উদাসীনতা প্ৰদৰ্শন কৰাৰ বাবে গাঁৱবাসীয়ে জিলা প্ৰশাসন তথা বন বিভাগকে দোষাৰোপ কৰে।

বন্যহস্তীৰ আবাসস্থলীত মানুহৰ বসতি বৃদ্ধি পোৱাৰ লগতে বনাঞ্চলসমূহত হোৱা অবাধ বেদখল আদিৰ ফলত হাতী-মানুহৰ মাজত সংঘাত ক্ৰমে বৃদ্ধি পাই আহিছে।

Related News