NORTHEAST NOW (Assamese)

পদ্মশ্ৰী বিজয়ীৰ এয়া কি অৱস্থা! হায়দৰাবাদৰ পথত শ্ৰমিক হিচাপে কাম কৰিছে দৰ্শনম মগুলিয়াই

May 3, 2024 2:43 pm · এন ই নাও নিউজ, গুৱাহাটী

দুবছৰ পূৰ্বে দৰ্শনম মুগুলিয়াই বাদ্যযন্ত্ৰ কিন্নাৰক নতুনকৈ উদ্ভাৱনৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছিল। শেহতীয়াকৈ তেওঁক হায়দৰাবাদৰ এটা নিৰ্মাণ স্থানত দৈনিক মজুৰ হিচাপে কাম কৰা দেখা গৈছে। তেলেংগানা চৰকাৰৰ পৰা লাভ কৰা নগদ ১ কোটি টকাৰ সাহায্য ঘৰুৱা খৰচ আৰু ঋণ পৰিশোধতে ব্যয় হৈছিল। ফলত এতিয়া তেওঁ এই ৭৩ বছৰত দুবেলা-দুমুঠি খোৱা সংগ্ৰহ কৰিবলৈ পুনৰ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে।

২০২২ চনত তেওঁ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা লাভ কৰে। আৰু সেই দৰ্শনম মুগুলিয়াই বৰ্তমান হায়দৰাবাদত শ্ৰমিক হিচাপে কাম কৰি আছে! টাইমছ অৱ ইণ্ডিয়াক দিয়া সাক্ষাৎকাৰত তেওঁ কয়, ‘মোৰ এজন ল’ৰা বৰ অসুস্থ হৈ আছে। তাক আৰু মোক চিকিৎসাৰ বাবে প্ৰতিমাহে ৭০০০ টকাৰ ঔষধৰ প্ৰয়োজন হয়। ইয়াৰ উপৰিও নিয়মীয়া তেজ পৰীক্ষাৰ খৰচো আছে।’

তেওঁ লগতে উল্লেখ কৰে যে তেওঁৰ ৯টা সন্তানৰ ভিতৰত ৩টা সন্তানৰ ইতিমধ্যে অসুস্থতাৰ বাবে মৃত্যু হৈছে। তিনিজন বিবাহিত আৰু বাকীসকল ছাত্ৰ। তেওঁলোকে পঢ়াশুনা কৰি আছে

লগতে পঢ়কঃ ক’ভিশ্বিল্ডৰ বিতৰ্কৰ মাজতে ভাৰত বায়’টেকে দিলে বিবৃতি; ক’ভাক্সিনৰ পাৰ্শ্বক্ৰিয়া সম্পৰ্কত কি ক’লে?

কিন্তু দুবছৰতে এক কোটি টকা শেষ! এই সন্দৰ্ভত তেওঁ কয় যে সেই এক কোটি টকাৰে তেওঁৰ তিনিটা সন্তানক বিয়া পাতি দিছে। আৰু হায়দৰাবাদৰ মফচল অঞ্চলত মাটি কিনিলে। তাত ঘৰ সাজোতে তেওঁৰ টকা শেষ হৈ গ’ল। ফলত সেই কামো মাজতে বন্ধ হৈ যায়। কিন্তু কেৱল এক কোটি টকা নহয়, চৰকাৰে ৬০০ বৰ্গ গজ মাটি দিয়াৰ প্ৰতিশ্ৰুতিও দিছিল। কিন্তু সেই মাটি তেওঁ এতিয়াও পোৱা নাই।

Related News