সোমবাৰে কেন্দ্ৰীয় চৰকাৰে ২০২৬ বৰ্ষৰ পদ্ম বঁটা ঘোষণা কৰাৰ এদিন পিছতেই দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানক লৈ আৰম্ভ হৈছে তীব্ৰ ৰাজনৈতিক বাকযুদ্ধ। বিৰোধী দল কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে পদ্ম বঁটাক ৰাজনীতিকৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। দলটোৰ দাবী অনুসৰি, এইবাৰৰ বঁটাপ্ৰাপকৰ এক বৃহৎ অংশই নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহৰ।
প্ৰফেচনেলছ কংগ্ৰেছ আৰু ডাটা এনালাইটিক্সৰ সভাপতি প্ৰবীণ চক্ৰৱৰ্তীয়ে সামাজিক মাধ্যম ‘এক্স’ৰ এটা পোষ্টত চৰকাৰক তীব্ৰ সমালোচনা কৰে। তেওঁ দাবী কৰে যে এইবাৰৰ পদ্ম বঁটা বিজয়ীসকলৰ ৩৭ শতাংশই হ’ল সেইসমূহ ৰাজ্যৰ, য’ত চলিত বৰ্ষতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। উল্লেখ্য যে, এই বছৰৰ আৰম্ভণিতে অসম, কেৰালা, তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰীত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।
চক্ৰৱৰ্তীয়ে লিখিছে, ‘‘মোদী চৰকাৰে আনকি পদ্ম বঁটাকো নিৰ্বাচনী অস্ত্ৰলৈ ৰূপান্তৰিত কৰিছে। জনসংখ্যাৰ হিচাপত এই ৰাজ্যসমূহৰ অংশ মাত্ৰ ১৮ শতাংশ হ’লেও তেওঁলোকক ৩৭ শতাংশ বঁটা প্ৰদান কৰা হৈছে।’’ তেওঁ ২০২০ চনৰ পৰা নিৰ্বাচনমুখী ৰাজ্যসমূহক লক্ষ্য কৰি বঁটা দিয়াৰ এক ধাৰাবাহিক আৰ্হি চলি থকা বুলিও অভিযোগ কৰে।
একেদৰে কংগ্ৰেছ সাংসদ কাৰ্তি চিদাম্বৰমেও চৰকাৰক কটাক্ষ কৰি কয় যে ‘এক দেশ এক নিৰ্বাচন’ৰ নীতি কাৰ্যকৰী হ’লে বঁটাপ্ৰাপক বাছনি কৰাটো চৰকাৰৰ বাবে কঠিন হৈ পৰিলহেঁতেন। তেওঁ কয়, ‘‘এতিয়া কামটো অতি সহজ; কেৱল নিৰ্বাচন হ’বলগীয়া ৰাজ্যসমূহৰ পৰাই ব্যক্তিক বাছনি কৰক।’’ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গিৰিজা শেটকাৰেও অনুৰূপ অভিযোগ উত্থাপন কৰি কয় যে পদ্ম বঁটাৰ তালিকাখন চালেই বুজিব পাৰি কোনখন ৰাজ্যত নিৰ্বাচন আছে।
ইফালে বিৰোধীৰ এই অভিযোগক তীব্ৰ প্ৰত্যাহ্বান জনাইছে শাসকীয় বিজেপিয়ে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বাহজাদ পুনৱাল্লাই কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজনৈতিক প্ৰতিদ্বন্দ্বীকো যোগ্য সন্মান দিব জানে। তেওঁ ওলোটাই কংগ্ৰেছক আক্ৰমণ কৰি কয়, ‘‘গান্ধী-ভদ্ৰা পৰিয়ালে নিজৰ মাজতেই ভাৰতৰত্ন বঁটা বিতৰণ কৰিছিল আৰু আম্বেদকাৰ তথা চৰ্দাৰ পেটেলৰ দৰে মহান নেতাক বঞ্চিত কৰিছিল।’’ পুনৱাল্লাই লগতে দাবী কৰে যে ৰাহুল গান্ধীয়ে শশী থাৰুৰ বা গুলাম নবী আজাদৰ দৰে নেতাক অপমান কৰাৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজনৈতিক সীমাৰ ঊৰ্ধ্বত গৈ কাম কৰা ব্যক্তিক সন্মানিত কৰিছে।
২০২৬ বৰ্ষৰ পদ্ম বঁটাৰ খতিয়ান: ২০২৬ চনৰ বাবে ৰাষ্ট্ৰপতিয়ে মুঠ ১৩১ টা পদ্ম বঁটাৰ অনুমোদন জনাইছে। ইয়াৰ ভিতৰত আছে:
পদ্ম বিভূষণ: ৫ গৰাকী
পদ্মভূষণ: ১৩ গৰাকী
পদ্মশ্ৰী: ১১৩ গৰাকী
এই তালিকাখনত ১৯ গৰাকী মহিলা, বিদেশী তথা এন আৰ আই শিতানত ৬ জন আৰু ১৬ গৰাকী ব্যক্তিক মৰণোত্তৰভাৱে সন্মানিত কৰা হৈছে। উল্লেখযোগ্য যে শিল্প, সামাজিক কাম, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত এই বঁটাসমূহ ঘোষণা কৰা হয়।



