অসাধাৰণ! পাচলি বিক্ৰেতাৰ ৰূপত অকলে প্ৰচাৰ চলাইছে পদ্মশ্ৰীপ্ৰাপকে

ৰাস্তাত সমদল উলিওৱা, শাক-পাচলি বেপাৰীৰ ওচৰলৈ গৈ তেওঁলোকৰ সমস্যা শুনা,সময় সলনি কৰাৰ প্ৰতিশ্ৰুতি দিয়া- নিৰ্বাচনৰ পূৰ্বে এই ছবিখন নিশ্চয়কৈ অস্বাভাৱিক নহয়। ৰাজনৈতিক নেতাসকলে প্ৰায়ে এই ধৰণৰ জনসংযোগমূলক কাম নিৰ্বাচনৰ পূৰ্বে কৰা দেখা যায়। কিন্তু তামিলনাডুৰ তিৰুচিৰাপল্লীত ৰাজনৈতিক ক্ষেত্ৰখনত এজন কম পৰিচিত ব্যক্তিয়ে এই কাম কৰা দেখা গ’ল। ব্যক্তিজনৰ নাম এছ দামোদৰণ,বয়স ৬২ বছৰ। দুবছৰ পূৰ্বে তেওঁ কৰা সমাজহিতৈষী কামৰ বাবে ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল।

এইবাৰ তিৰুচিৰাপল্লীৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দামোদৰণে। ব্যক্তিজনৰ নিৰ্বাচনী প্ৰতীক হৈছে গেছ ষ্ট’ভ। শুকুৰবাৰে পুৱা তিৰুচিৰাপল্লীৰ গান্ধী মাৰ্কেটত দামোদৰণক ভোটৰ বাবে প্ৰচাৰ চলোৱা দেখা গৈছিল। প্ৰচাৰ ক্ষেত্ৰত দামোদৰণ অকলেই আছিল। তেওঁ নিজেই ভোট বিচাৰিছে। বজাৰত পাচলি বেপাৰীৰ লগত কথা পাতিছে, কেতিয়াবা গৈ ক্ৰেতাৰ লগত নিজেই দৰদাম কৰিছে। এইগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়েও ফুল বিক্ৰেতাৰ কাষত বহি ফুলৰ মালাও তৈয়াৰ কৰা দেখা গ’ল।

সংবাদ সংস্থা এএনআইক দামোদৰণে কয় যে মই তিৰুচিৰাপল্লী সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মই এই অঞ্চলৰ বাসিন্দা। মই ইয়াত কাম কৰিব বিচাৰোঁ। এতিয়া মোৰ বয়স ৬২ বছৰ। দুবছৰ আগতে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা পদ্মশ্ৰী লাভ কৰিছিলোঁ। যোৱা ৪০ বছৰ ধৰি মই এছ’চিয়েটছ চাৰ্ভিচ ভলান্টিয়াৰ চেনিটেচন চেণ্টাৰত কাম কৰি আহিছোঁ।মোৰ কামৰ বাবে দেশৰ চৰকাৰে মোক সন্মান জনাইছিল। এতিয়া মইও মোৰ কেন্দ্ৰত থাকি কাম কৰিব বিচাৰো।”

দামোদৰণে লগতে কয় যে তেওঁ মাত্ৰ ২১ বছৰ বয়সতে চাফাই কাম আৰম্ভ কৰিছিল। সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। দীৰ্ঘদিনীয়া জীৱনত তেওঁ প্ৰধানমন্ত্ৰীক ৯ বাৰ পৰিৱৰ্তন হোৱা দেখিছে। তেওঁৰ ভাষাত “তিৰুচিৰাপল্লীক চহৰখনক ‘সেউজ চহৰ’ হিচাপে বিকশিত কৰা উচিত।” মানুহে ভাল ৰাস্তা আৰু উৰণীয়া সেতু বিচাৰে। তাৰ বাবে আমি সকলোৱে একেলগে কাম কৰিব লাগিব।”

উল্লেখ্য যে, পদ্মশ্ৰী দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান। দামোদৰণে দক্ষিণ ভাৰতৰ বিস্তৃত অঞ্চলৰ সুদূৰ গাঁও আৰু নগৰীয়া বস্তিত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাম কৰি আহিছে। এজন সমাজকৰ্মী হিচাপে তেওঁক অসামৰিক সন্মান প্ৰদান কৰা হৈছে।