• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তীৰ অনুষ্ঠান সম্পন্ন

'জাতীয় জীৱনৰ সেৱাত উৎসৰ্গিত হওঁ আহক' : ড০ উপেন্দ্ৰজিত শৰ্মা

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
December 25, 2021 9:15 pm
347
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ জিলা সাহিত্য সভাৰ উদ্যোগত খাৰৈপৰীয়া শাখা সাহিত্য সভা আৰু খাৰৈপৰীয়া লেখিকা সমাৰোহ সমিতিৰ সহযোগত শনিবাৰে বিশ্বনাথৰ কলাবাৰীস্থিত পশ্চিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্য্যসূচীৰে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অতুল চন্দ্ৰ বৰুৱাৰ স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভাৰ লগতে জিলা সাহিত্য সভাৰ বৰ্দ্ধিত তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা সম্পন্ন হয় ।

পুৱা ৮.৪৫ মিনিটত পতাকা উত্তোলন কৰে খাৰৈপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি অনিল বৰাই । ১০.১৫ বজাত দুয়োগৰাকী প্ৰাক্তন সভাপতিৰ প্ৰতিচ্ছবিৰ সন্মুখত স্মৃতি তৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে ক্ৰমে সমাজকৰ্মী ৰাজেন হাজৰিকা আৰু খাৰৈপৰীয়া শাখা সাহিত্য সভাৰ উপসভাপতি দীননাথ শৰ্মাই ।

দিনৰ ১১ বজাৰ পৰা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি গোলাপ বৰাই সভাপতিত্ব কৰা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তৃতা আগবঢ়ায় অসম সাহিত্য সভাৰ পত্রিকা সম্পাদক তথা ধুবুৰী ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ উপেন্দ্ৰজিত শৰ্মাই ।

ভাষণ প্ৰসংগত তেওঁ কয় যে অসমৰ সমাজ জীৱনৰ সবল গুৰিধৰোতা দুয়োগৰাকী পুৰোধা ব্যক্তিৰ সোঁৱৰণ কৰি আমি আৰ্শীবাদিত হৈছো; আহক তেওঁলোকে দেখুৱাই যোৱা পথেৰে আমি জাতীয় জীৱনৰ সেৱাত উৎসৰ্গিত হওঁ ।

অসম সাহিত্য সভাৰ উত্তৰ লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ইন্দ্ৰমণি ৰাজকুমাৰ, মাতৃভাষা উপসমিতিৰ আহ্বায়ক সঞ্জীৱ উপাধ্যায়, ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক আজাদ আলী আহমেদ, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, মাজুলী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য শংকুসিদ্ধ নাথ, পশ্চিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাই সন্মানিত অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাখনত কবি মনালিছা নেওগ বৰাৰ কাব্যগ্ৰন্থ ‘কহয় যাজ্ঞসেনী’ উন্মোচন কৰে বিশ্বনাথ জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা ৰেণু শইকীয়া বৰাই ।

জিলা সাহিত্য সভাৰ সম্পাদক অপূৰ্ব ফুকনে উদ্দেশ্য ব্যাখ্যা কৰা আৰু খাৰৈপৰীয়া শাখা সাহিত্য সভাৰ সম্পাদক দীপক হাজৰিকাই আঁত ধৰা সভাখনৰ উদ্বোধন কৰে অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বংশী বৰাই ।

খাৰৈপৰীয়া লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ৰিজুমণি বৰা আৰু সম্পাদিকা পল্লবী চুতীয়াৰ নেতৃত্বত শিল্পী বৃন্দই আৰম্ভণি গীত পৰিৱেশন কৰা সভাখন সমাপন হোৱাৰ পিছতে বিশ্বনাথ জিলা সাহিত্য সভাৰ বৰ্দ্ধিত তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা সুকলমে সম্পন্ন হয় ।

উক্ত সভাতেই জিলাৰ সাতজনীয়া আইনী উপদেষ্টা সমিতি গঠন, অহা মাৰ্চ মাহত বৰগাঙত এখন প্ৰতিনিধিত্ব মূলক সাধাৰণ সভা অনুষ্ঠিত কৰা, ২৭ ডিচেম্বৰত জিলাৰ অন্তৰ্গত সমূহ শাখাই শাখাই অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd