• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তীৰ অনুষ্ঠান সম্পন্ন

'জাতীয় জীৱনৰ সেৱাত উৎসৰ্গিত হওঁ আহক' : ড০ উপেন্দ্ৰজিত শৰ্মা

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
December 25, 2021 9:15 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথ জিলা সাহিত্য সভাৰ উদ্যোগত খাৰৈপৰীয়া শাখা সাহিত্য সভা আৰু খাৰৈপৰীয়া লেখিকা সমাৰোহ সমিতিৰ সহযোগত শনিবাৰে বিশ্বনাথৰ কলাবাৰীস্থিত পশ্চিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্য্যসূচীৰে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অতুল চন্দ্ৰ বৰুৱাৰ স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভাৰ লগতে জিলা সাহিত্য সভাৰ বৰ্দ্ধিত তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা সম্পন্ন হয় ।

পুৱা ৮.৪৫ মিনিটত পতাকা উত্তোলন কৰে খাৰৈপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি অনিল বৰাই । ১০.১৫ বজাত দুয়োগৰাকী প্ৰাক্তন সভাপতিৰ প্ৰতিচ্ছবিৰ সন্মুখত স্মৃতি তৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে ক্ৰমে সমাজকৰ্মী ৰাজেন হাজৰিকা আৰু খাৰৈপৰীয়া শাখা সাহিত্য সভাৰ উপসভাপতি দীননাথ শৰ্মাই ।

Apply Now

দিনৰ ১১ বজাৰ পৰা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি গোলাপ বৰাই সভাপতিত্ব কৰা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তৃতা আগবঢ়ায় অসম সাহিত্য সভাৰ পত্রিকা সম্পাদক তথা ধুবুৰী ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ উপেন্দ্ৰজিত শৰ্মাই ।

ভাষণ প্ৰসংগত তেওঁ কয় যে অসমৰ সমাজ জীৱনৰ সবল গুৰিধৰোতা দুয়োগৰাকী পুৰোধা ব্যক্তিৰ সোঁৱৰণ কৰি আমি আৰ্শীবাদিত হৈছো; আহক তেওঁলোকে দেখুৱাই যোৱা পথেৰে আমি জাতীয় জীৱনৰ সেৱাত উৎসৰ্গিত হওঁ ।

অসম সাহিত্য সভাৰ উত্তৰ লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ইন্দ্ৰমণি ৰাজকুমাৰ, মাতৃভাষা উপসমিতিৰ আহ্বায়ক সঞ্জীৱ উপাধ্যায়, ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক আজাদ আলী আহমেদ, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, মাজুলী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য শংকুসিদ্ধ নাথ, পশ্চিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাই সন্মানিত অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাখনত কবি মনালিছা নেওগ বৰাৰ কাব্যগ্ৰন্থ ‘কহয় যাজ্ঞসেনী’ উন্মোচন কৰে বিশ্বনাথ জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা ৰেণু শইকীয়া বৰাই ।

জিলা সাহিত্য সভাৰ সম্পাদক অপূৰ্ব ফুকনে উদ্দেশ্য ব্যাখ্যা কৰা আৰু খাৰৈপৰীয়া শাখা সাহিত্য সভাৰ সম্পাদক দীপক হাজৰিকাই আঁত ধৰা সভাখনৰ উদ্বোধন কৰে অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বংশী বৰাই ।

খাৰৈপৰীয়া লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ৰিজুমণি বৰা আৰু সম্পাদিকা পল্লবী চুতীয়াৰ নেতৃত্বত শিল্পী বৃন্দই আৰম্ভণি গীত পৰিৱেশন কৰা সভাখন সমাপন হোৱাৰ পিছতে বিশ্বনাথ জিলা সাহিত্য সভাৰ বৰ্দ্ধিত তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা সুকলমে সম্পন্ন হয় ।

উক্ত সভাতেই জিলাৰ সাতজনীয়া আইনী উপদেষ্টা সমিতি গঠন, অহা মাৰ্চ মাহত বৰগাঙত এখন প্ৰতিনিধিত্ব মূলক সাধাৰণ সভা অনুষ্ঠিত কৰা, ২৭ ডিচেম্বৰত জিলাৰ অন্তৰ্গত সমূহ শাখাই শাখাই অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd