পাকিস্তানৰ মাজেৰে আফগানিস্তানলৈ ঘেঁহু ৰপ্তানিৰ অনুমোদন জনাবলৈ পাকিস্তানক অনুৰোধ ভাৰতৰ

India request to Pakistan to let trucks its wheat to Afghanistan

পাকিস্তানৰ মাজেৰে স্থলপথৰ জৰিয়তে আফগানিস্তানলৈ খাদ্যশস্য প্ৰেৰণ কৰাৰ বাবে পাকিস্তানৰ অনুমোদন আহ্বান কৰিছে ভাৰতে।

অৱশ্যে উক্ত বিষয়টোত ইছলামাবাদে এতিয়ালৈকে কোনো সঁহাৰি জনোৱা নাই যদিও ভাৰতে তৎকালে সাহাৰ্যৰ চলাচল সংগঠিত কৰাৰ মানসেৰে পাকিস্তানৰ পৰা দ্ৰুত সঁহাৰিৰ আশা কৰিছে।

বিভিন্ন সময়ত ভাৰতে আফগানিস্তানৰ জনসাধাৰণলৈ মানৱীয় সাহাৰ্য প্ৰেৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে যদিও আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক তালিবান শাসনক স্বীকৃতি প্ৰদানৰ পৰিণামৰ বিষয়ে চিন্তা কৰিবলৈ সতৰ্ক কৰি দিছে।

ভাৰত চৰকাৰে আফগানিস্তানলৈ ৫০,০০০ মেট্ৰিক টন ঘেঁহু কঢ়িওৱা ট্ৰাকৰ চলাচলৰ অনুমতি দিয়াৰ বাবে অক্টোবৰত পাকিস্তানলৈ এটা মৌখিক টোকা প্ৰেৰণ কৰিছিল।

তালিবান শাসিত বিত্তীয় সংকটে আফগানিস্তানক পঙ্গু কৰি তুলিছে। দেশখনত খাদ্যৰ অভাৱ আসন্ন বুলি ইতিমধ্যে নিশ্চিত হৈছে আৰু চীন, তুৰস্কৰ দৰে কিছুমান দেশে যোৱা কেইসপ্তাহমানত আফগানসকলক খাদ্য বিতৰণ কৰা আৰম্ভ কৰিছে।

আফগান জনসাধাৰণৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰি ভাৰতেও আফগানিস্তানলৈ খাদ্য প্ৰেৰণ কৰিব বিচাৰে। কিন্তু ইমান বৃহৎ পৰিমাণৰ খাদ্য দ্ৰব্য বায়ু পৰিবহণৰ যোগেদি প্ৰেৰণ কৰা কঠিন বাবে ভাৰত স্থল পথ ব্যৱহাৰ কৰিব বিচাৰে আৰু সেই উদ্দেশ্যে স্থল পথ ব্যৱহাৰৰ অনুমতি বিচাৰি পাকিস্তানলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে বুলি এক সূত্ৰত প্ৰকাশ পাইছে।

ভাৰতীয় বিষয়া সকলে জানিবলৈ দিয়া অনুসৰি ৫০,০০০ মেট্ৰিক টন ঘেঁহু আফগানিস্তানলৈ প্ৰেৰণ কৰাৰ বাবে পাকিস্তানহৈ ৫,০০০ ট্ৰাক প্ৰেৰণ কৰিব লাগিব। ইছলামাবাদে প্ৰস্তাৱটো নিৰীক্ষণ কৰিছে যদিও এই পৰ্যন্ত পথ ব্যৱহাৰৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰা নাই।

ভাৰত মানৱীয় দৃষ্টিকোণেৰে আফগানিস্তানৰ জনসাধাৰণক সহায় কৰিবলৈ আগ্ৰহী আৰু পাকিস্তানৰ অনুমোদনে ভাৰতক আফগান জনসাধাৰণক সহায় কৰা ক্ষেত্ৰত পথ মুকলি কৰিব।

অৱশ্যে ভাৰতীয় অনুৰোধৰ প্ৰতি ৰাৱালপিণ্ডিৰ সঁহাৰি আৰু তালিবানৰ সাহাৰ্য গ্ৰহণ কৰাৰ ইচ্ছাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব।

ইতিমধ্যে তালিবানে মস্কো আৰু দোহাত ভাৰতীয় বিষয়াসকলৰ সৈতে হোৱা বাৰ্তালাপত ইংগিত দিছে যে তেওঁলোকে ভাৰতৰ পৰা সাহাৰ্য প্ৰাপ্ত কৰিবলৈ আগ্ৰহী। কিন্তু দুয়োখন দেশৰ মাজত সাহাৰ্য প্ৰেৰণৰ ক্ষেত্ৰত পাকিস্তানৰ সঁহাৰি প্ৰয়োজনীয় হৈ পৰিছে।