• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আফগানিস্তানত পাকিস্তানৰ বিমান আক্ৰমণ; মাদ্ৰাছা ধ্বংস, ১৭ জন সাধাৰণ নাগৰিকৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2026 8:59 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে পুৱতি নিশা পাকিস্তানে আফগান সীমান্তত বিমান আক্ৰমণ চলায়। পাকিস্তানে দাবী কৰিছে যে তেহৰিক-ই-তালিবান পাকিস্তানৰ ঘাটিত সংঘটিত হৈছে এই আক্ৰমণ। পাকিস্তানী সেনাই এই আক্ৰমণত কেইবা ডজনো টি টি পি যোদ্ধা নিহত হোৱা বুলিও জানিবলৈ দিয়ে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিমান আক্ৰমণৰ বহু ভিডিঅ’। ইফালে আফগান সংবাদ মাধ্যমে দাবী কৰিছে যে পাকিস্তানৰ আক্ৰমণত এখন মাদ্ৰাছা ধ্বংস হৈছে। মুঠতে পাকিস্তানে আফগানিস্তানৰ পাক্তিকাৰ বাৰমাল আৰু উৰগুন জিলা, নংগাৰহাৰৰ খোগ্যানী, বেহছুদ আৰু গনীখেলে জিলাবোৰত আক্ৰমণ চলায়। এই আক্ৰমণত ১৭ জন সাধাৰণ নাগৰিক নিহত হয়।

Apply Now

এই বিমান আক্ৰমণ আত্মঘাতী আক্ৰমণৰ প্ৰতিশোধ আছিল নেকি? জানিব পৰা মতে, শনিবাৰে পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত সংঘটিত আত্মঘাতী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই এই বিমান আক্ৰমণ চলোৱা হৈছে। শনিবাৰে চোৰাংচোৱা অভিযানৰ সময়ত টিটিপিয়ে আত্মঘাতী আক্ৰমণ সংঘটিত কৰে। সেই আক্ৰমণত দুজন পাকিস্তানী নিৰাপত্তাৰক্ষী নিহত হৈছিল। আৰু সেই আক্ৰমণৰ ২৪ ঘণ্টা নৌহওঁতেই এই বিমান আক্ৰমণ সংঘটিত হৈছে।

উল্লেখ্য যে ২০২৫ চনত ডুৰাণ্ড লাইনৰ কাষত পাকিস্তানী আৰু আফগান সীমান্তৰক্ষী বাহিনীৰ মাজত হোৱা তীব্ৰ সংঘৰ্ষৰ কেন্দ্ৰবিন্দু আছিল ‘তেহৰিক-ই-তালিবান পাকিস্তান’।পাকিস্তানে দাবী কৰিছে যে আফগান তালিবানে টিটিপিক আশ্ৰয় দিছে। আৰু সেই উগ্ৰপন্থীয়ে তাৰপৰা পাকিস্তানত আক্ৰমণ চলাই আছে।

ইফালে, ইছলামিক ষ্টেটৰ দৰে উগ্ৰপন্থী সংগঠনক পাকিস্তান চৰকাৰ আৰু সেনাই সহায় কৰি থকা বুলি তালিবানৰ প্ৰতি অভিযোগ। ২০০৭ চনৰ ডিচেম্বৰ মাহত বাইতুল্লাহ মেহছুদৰ নেতৃত্বত পাকিস্তানৰ ফেডাৰেল প্ৰশাসিত জনজাতি এলেকাত বিভিন্ন উগ্ৰপন্থী গোটক একত্ৰিত কৰি টিটিপি গঠন কৰা হয়। এই গোটটোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্ত্ৰাসবাদী সংগঠন হিচাপে চিনাক্ত কৰা হৈছে। আল কায়দাৰ উগ্ৰপন্থীৰ বিৰুদ্ধে পাকিস্তানৰ সামৰিক অভিযানৰ প্ৰতিক্ৰিয়া স্বৰূপে ইয়াৰ জন্ম হৈছিল। বৰ্তমান টি টি পিৰ মূল লক্ষ্য হৈছে পাকিস্তান চৰকাৰক আঁতৰাই নিজা মতাদৰ্শৰ ওপৰত ভিত্তি কৰি ইছলামিক শাসন ব্যৱস্থা স্থাপন কৰা।

এই পৰিস্থিতিত ২০২৫ চনৰ ৯ অক্টোবৰৰ মাজনিশা কাবুলৰ পূব অংশত এক শক্তিশালী বিস্ফোৰণ সংঘটিত হয়। তাৰ পিছত আফগানসকলে পাকিস্তান সীমান্তত থকা সেনাৰ আউটপোষ্টত আক্ৰমণ কৰি প্ৰতিশোধ লয়। সেই আক্ৰমণত ৫৮জন পাকিস্তানী সৈনিক নিহত হোৱা বুলি দাবী কৰিছিল তালিবানে। আনহাতে, পাকিস্তানী সেনাই নিজৰ ২৩ জন জোৱান নিহত বুলি দাবী কৰে।

ইয়াৰ পাছত ১৪ অক্টোবৰৰ নিশা পাকিস্তান-আফগানিস্তান সীমান্তত নতুন সংঘৰ্ষৰ সূচনা হয়। ইয়াত কমেও ১৫ জন আফগান সাধাৰণ নাগৰিক আৰু ৬ জন পাকিস্তানী অৰ্ধসামৰিক জোৱান নিহত হয়। পিছত নৱেম্বৰৰ আৰম্ভণিতে পাকিস্তানে আফগানিস্তানৰ স্পিন বাল্ডক অঞ্চলত পুনৰ গুলীচালনা কৰে। এইবাৰ পাকিস্তানে আফগান সীমান্তৰ সমীপৰ টিটিপি ঘাটিত বিমান আক্ৰমণ চলালে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

October 12, 2026 11:13 am
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am
‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

October 12, 2026 9:29 am
অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

October 12, 2026 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

October 12, 2026 11:13 am
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd