৯০ ঘণ্টাৰ ভিতৰত তিনিখনকৈ বৈঠক অনুষ্ঠিত হোৱাৰ পিছতো পাকিস্তানে মুকলি কৰি দিয়া নাই বিএছএফৰ সেনা জোৱানক। বি এছ এফৰ জোৱান পূৰ্ণম কুমাৰ সৌক পাকসেনাই ঘৰলৈ ঘূৰাই পঠোৱাৰ কোনো লক্ষণ দেখা পোৱা হোৱা নাই।
ইফালে পাক ৰেঞ্জাৰছৰ দাবী, সীমান্ত পাৰ হৈ যোৱা বিএছএফৰ জোৱানজন সন্দৰ্ভত তেওঁলোকৰ হাতত কোনো তথ্য নাই। আকৌ পাক ৰেঞ্জাৰসকলে আৰু দাবী কৰে যে উচ্চ কৰ্তৃপক্ষৰ নিৰ্দেশ অবিহনে জোৱানজনক মুকলি কৰি দিয়া সম্ভৱ নহয়।
নাম প্ৰকাশ নকৰা বি এছ এফৰ এজন বিষয়াই কয় যে বুধবাৰে বিয়লিৰ পৰা তেওঁলোকে আশা কৰি আহিছে যে পাকিস্তানে হয়তো ইতিবাচক পদক্ষেপ ল’ব পাৰে। এই বিষয়ত বি এছ এফ আৰু পাক ৰেঞ্জাৰছৰ জ্যেষ্ঠ বিষয়াসকলে শুকুৰবাৰলৈকে তিনিবাৰকৈ বৈঠকত মিলিত হয়।
পূৰ্ণমৰ অৱস্থা সন্দৰ্ভত সোধাত পাক ৰেঞ্জাৰসকলে কয় যে তেওঁলোকৰ হাতত কোনো তথ্য নাই। উচ্চ কৰ্তৃপক্ষই নিৰ্দেশ নিদিয়ালৈকে তেওঁক মুকলি কৰি দিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব। অৱশ্যে ভুলতে সীমান্ত অতিক্ৰম কৰা সাধাৰণ নাগৰিক আৰু পাক ৰেঞ্জাৰৰ সদস্যক ভাৰতে সদায় উভটাই পঠায়।
মন কৰিবলগীয়া যে হুগলীৰ ৰিছাৰাৰ বাসিন্দা বি এছ এফ পূৰ্ণম কুমাৰ সৌ পঞ্জাৱৰ ফিৰোজপুৰ ছেক্টৰত কৰ্মৰত হৈ আছিল। বুধবাৰে বিয়লি তেওঁ সীমান্ত পাৰ হৈ ‘ভুলতে’ পাকিস্তানত প্ৰৱেশ কৰে। ইয়াৰ পিছতে তেওঁক পাকিস্তানী সেনাই গ্ৰেপ্তাৰ কৰে।
তাৰপইছত যোৱা পাঁচটা দিন ধৰি সন্ধানহীন হৈ আছে পূৰ্ণম। তেওঁ ক’ত আছে, তেওঁৰ অৱস্থা কি, সুস্থ নে নাই, অত্যাচাৰ কৰা হৈছে নে নাই, সেই বিষয়ে জানিব পৰা হোৱা নাই। এনে পৰিস্থিতিত দেওবাৰে বি এছ এফৰ বিষয়াসকল পূৰ্ণমৰ ঘৰলৈ যায়। আৱদ্ধ হৈ থকা পূৰ্ণমক ঘূৰাই অনা হ’ব বুলি আশ্বাস দিয়ে। অৱশ্যে বি এছ এফৰ জোৱান পূৰ্ণম কুমাৰ সৌৰ গৰ্ভৱতী পত্নী ৰজনী সৌৱে আৰু এই আশ্বাস মানি লোৱা নাই। গতিকে, তেওঁ হুগলীৰ ঘৰৰ পৰা ৫ জন লোকৰ সৈতে দেওবাৰে পাঠানকোটলৈ ৰাওনা হৈছে। তাৰ পৰা তথ্য নাপালে ৰজনী দেৱীয়ে দিল্লীলৈ গৈ কেন্দ্ৰৰ পৰা স্বামীৰ বিষয়ে তথ্য বিচাৰিব।