• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘৰমুৱা পাকিস্তান, জয়ী হৈও নাপালে ছেমি ফাইনেল; আশাত চেঁচাপানী ঢালিলে শ্ৰীলংকাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2026 9:31 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জয়ী হ’লেও প্ৰতিযোগিতাত টিকি থাকিব নোৱাৰিলে। অৱশেষত ২০২৬ চনৰ আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল পাকিস্তান। ছুপাৰ-৮ পৰ্যায়ৰ অন্তিমখন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰিও পাকিস্তানে ছেমি ফাইনেলত প্ৰৱেশৰ চৰ্ত পূৰণ কৰিব নোৱাৰিলে।

ইয়াৰ ফলত তেওঁলোকৰ বিশ্বকাপ অভিযানৰ অন্ত পৰিল। আৰু পাকিস্তানৰ বাহিৰ হোৱাৰ লগে লগে গ্ৰুপ-২ৰ পৰা ইংলেণ্ডৰ পিছতে ছেমি ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয়টো দল হিচাপে পৰিগণিত হ’ল নিউজিলেণ্ড।

Apply Now

ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ পাকিস্তানে শ্ৰীলংকাৰ বিৰুদ্ধে বৃহৎ ব্যৱধানত জয়ী হোৱাৰ প্ৰয়োজন আছিল। তেওঁলোকে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৮ উইকেটত ২১২ ৰান সংগ্ৰহ কৰে। লক্ষ্য আছিল শ্ৰীলংকাক কম স্ক’ৰত সীমাবদ্ধ কৰি নেট ৰান ৰেটত আগবাঢ়ি যোৱা। কিন্তু শেষত সেই লক্ষ্যত উপনীত হ’ব নোৱাৰিলে।

পাকিস্তানৰ হৈ পুনৰ দুৰ্দান্ত বেটিং কৰে চাহিবজাদা ফাৰহানে। প্ৰতিযোগিতাখনত তেওঁ দ্বিতীয় শতক অৰ্জন কৰে। ফখৰ জামানে তেওঁৰ সৈতে অনবদ্য বেটিং কৰে। ৬০টা বলত ১০০ ৰান কৰি চাহিবজাদা আউট হয়। তেওঁৰ ইনিংছত আছিল ৯টা চাৰি আৰু ৫টা ছয়। আনজন পাকিস্তানী অ’পেনাৰ ফখৰ জামানে ৪২টা বলত ৯টা চাৰি আৰু ৪টা ছয়ৰে ৮৪ ৰান সংগ্ৰহ কৰে। অ’পেনাৰ দুগৰাকীয়ে ১৭৬ ৰানৰ উজ্জ্বল যুটী গঢ়ি তুলিছিল।

অৱশ্যে পাকিস্তানী অ’পেনাৰ দুজনৰ বাহিৰে আন কোনোৱে দুটা সংখ্যাত উপনীত হ’ব নোৱাৰিলে। দৰাচলতে ফখৰৰ আউটৰ পিছত হঠাৎ পাকিস্তানৰ ইনিংছ ভাগি পৰে। অন্তিম চাৰিটা অভাৰত মাত্ৰ ৩৫ ৰানহে হয় আৰু ৭টা উইকেট পৰে। নিৰ্ধাৰিত ২০ অভাৰত পাকিস্তানে ৮ টা উইকেট হেৰুৱাই ২১২ ৰান সংগ্ৰহ কৰে।

শ্ৰীলংকাৰ ইনিংছৰ আৰম্ভণিতে পাকিস্তানে ভাল চাপ প্ৰয়োগ কৰিছিল। তেওঁলোকে দ্ৰুতগতিত উইকেট ল’লে। স্পিনাৰ আব্ৰাৰ আহমেদে ৩টা উইকেটৰে দলটোক পুনৰ যুঁজলৈ আনে। এনে লাগিছিল যেন পাকিস্তানে মেচখন নিয়ন্ত্ৰণত ৰাখিছিল। কিন্তু ইয়াৰ পিছতে শ্ৰীলংকাৰ অধিনায়ক দাছুন শানাকা আৰু পৱন ৰত্নায়কে প্ৰত্যাক্ৰমণ আৰম্ভ কৰে। দুয়ো মিলি মেচখনৰ গতি ঘূৰাই দিলে।

ৰত্নায়কে ৩৭টা বলত ৫৮ ৰান সংগ্ৰহ কৰে আৰু শনাকাই ৩১টা বলত ৭৬ ৰানৰ অপৰাজিত ইনিংছ খেলে। শেষত তেওঁলোকে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটত ২০৭ ৰান সংগ্ৰহ কৰে। মাত্ৰ ৫ ৰাণত জয়ী হোৱাৰ পাছতো পাকিস্তান বিশ্বকাপৰ পৰা বাহিৰ হয়।

মেচখনত পাকিস্তানে জয়লাভ কৰে যদিও বৃহৎ ব্যৱধানত জয়ী হ’ব নোৱাৰাৰ বাবে নেট ৰান ৰেটত পিছ পৰি ৰ’ল। পাকিস্তানৰ বলাৰসকলে যদি শ্ৰীলংকাক ১৪৭ ৰানত সীমাবদ্ধ কৰিব পাৰিলেহেঁতেন তেন্তে ছেমি ফাইনেলত প্ৰৱেশ কৰিলেহেঁতেন। তেনে ক্ষেত্ৰত নেট ৰান ৰেটৰ ক্ষেত্ৰত পাকিস্তানে নিউজিলেণ্ডক অতিক্ৰম কৰিলেহেঁতেন। কিন্তু যিহেতু সেয়া নহ’ল, সেয়েহে পাক ব্ৰিগেডৰ বাবে ছেমি ফাইনেলৰ সপোন শেষ হ’ল। আনহাতে এই ফলাফলৰ পৰা নিউজিলেণ্ড লাভৱান হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm
নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd