পাকিস্তানৰ আশাত চেঁচা পানী ঢালিলে বৰষুণে; টী-২০ বিশ্বকাপৰ প্ৰথম ৰাউণ্ডৰ পৰাই ল’লে বিদায়

ভাগ্যই লগ নিদিলে পাকিস্তানক। শুকুৰবাৰে নিশা টী-২০ বিশ্বকাপৰ পৰা পাকিস্তান ক্ৰিকেট দলৰ বিদায় নিশ্চিত হ’ল। পাকিস্তানে যেতিয়া বিচাৰিছিল যে  ফ্ল’ৰিডাৰ বৰষুণ বন্ধ হওক, ল’ডাৰহিল ক্ৰিকেট ষ্টেডিয়ামৰ খেলপথাৰখন শুকাই যাওক, তেতিয়া ভাগ্য দেৱতাই তেওঁলোকৰ লগত যেন অলপ পৰিহাস কৰিলে।

শুকুৰবাৰে মেচখনৰ বহু আগতেই ফ্ল’ৰিডাত বৰষুণ বন্ধ হৈ গ’ল৷ কিন্তু পানী জমি যোৱা খেলপথাৰখন শুকাই যোৱা নাছিল। ফলত বাবৰ আজমৰ দলটোৱে আটাইতকৈ বেছি আশংকা কৰাটোৱেই হ’ল। আয়াৰলেণ্ড-আমেৰিকাৰ খেলখন বাতিল হ’ল। ফলত বিশ্বকাপৰ পৰা বাহিৰ হব লগা হ’ল পাকিস্তান।

বাবৰ আজম বাহিনী বিশ্বকাপৰ প্ৰথমখন খেলত আমেৰিকাৰ হাতত পৰাস্ত হৈ নিজৰ বাবে দুৰ্দশাৰ সৃষ্টি কৰিছিল। যিটো গ্ৰুপৰ পৰা ভাৰত আৰু পাকিস্তানে ছুপাৰ এইটত খেলিব বুলি আশা কৰা হৈছিল, সেই গ্ৰুপটোৰ পৰা আমেৰিকাৰ হাতত পৰাস্ত হোৱাৰ ফলত পাকিস্তানৰ দলটোৱে চাপত পৰিছিল। ইয়াৰ পিছতে ভাৰতৰ হাতত প্ৰত্যাশিত পৰাজয়।

একেৰাহে দুখন মেচৰ অন্তত শুকুৰবাৰে পাকিস্তানৰ অনুৰাগীসকলে আয়াৰলেণ্ড-আমেৰিকাৰ মেচখনলৈ অতি আগ্ৰহেৰে বাট চাই আছিল। যদি আয়াৰলেণ্ডে আমেৰিকাক পৰাস্ত কৰিব পাৰিলেহেঁতেন তেন্তে পাকিস্তানৰ বাবে ছুপাৰ এইটত খেলাৰ সম্ভাৱনা কিছু পৰিমাণে সজীৱ হৈ থাকিলহেঁতেন।

কিন্তু ফ্ল’ৰিডাৰ বতৰে সেই আশাত চেঁচা পানী ঢালিলে। খেলখনৰ প্ৰায় আধা ঘণ্টা আগতে বৰষুণ বন্ধ হৈ গ’ল যদিও ল’ডাৰহিলৰ ষ্টেডিয়ামৰ পানী নিষ্কাশন ব্যৱস্থাটো বিশ্বৰ পাঁচখন ক্ৰিকেট মেচ খেলা দেশৰ দৰে নহয়। তদুপৰি ফ্ল’ৰিডাত অবিৰতভাৱে বৰষুণ দি আছে। বাস্তৱিকতে বানৰ পৰিস্থিতি। ফলত ষ্টেডিয়ামখন যথেষ্ট সময় পোৱাৰ পিছতো খেলাৰ উপযোগী কৰি তুলিব পৰা নগ’ল। খেলখন বাতিল কৰিবলগীয়া হ’ল।

শুকুৰবাৰৰ খেলখনৰ পৰা আমেৰিকাই এটা পইণ্ট লাভ কৰে। ৪খন মেচৰ শেষত আমেৰিকাৰ পইণ্ট ৫। ইতিমধ্যে ভাৰতে ৬ পইণ্টেৰে তিনিখন মেচত জয়লাভ কৰিছে। বাবৰ বাহিনীয়ে ৩ খন খেলৰ ভিতৰত ২ খন খেলত পৰাস্ত হৈ লাভ কৰে ২ পইণ্ট। পাকিস্তান দলে শেষৰখন খেলত জয়ী হ’লেও সৰ্বাধিক ৪ পইণ্ট লাভ কৰিব পাৰে। অৰ্থাৎ আমেৰিকাক উফৰাই পেলোৱাৰ কোনো সুযোগ নাই। ঘৰুৱা খেলপথাৰত কিছু অভাৱনীয়ভাৱে পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰি আমেৰিকাই ছুপাৰ এইটলৈ উঠিল।