• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হজৰ নামত ভিক্ষাৰী প্ৰেৰণ কৰিছে পাকিস্তানে! কাঢ়া সকীয়নি ছৌদি আৰবৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 25, 2024 3:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাজাৰ হাজাৰ পাকিস্তানী ভিক্ষাৰীৰে ভৰি পৰিছে চৌদি আৰৱ। এই সকলো ভিক্ষাৰী দল হজ্জৰ নামত আৰবত প্ৰৱেশ কৰিছে। এই ঘটনাত অতিশয় ক্ষুব্ধ হৈ পৰা ছৌদি আৰবে পাকিস্তানলৈ এখন কঠোৰ চিঠি প্ৰেৰণ কৰে। তীৰ্থযাত্ৰীৰ নামত ভিক্ষাৰী পঠোৱা এই প্ৰক্ৰিয়াটো পাকিস্তানে অনতিপলমে বন্ধ কৰিব লাগে বুলি জনোৱা হৈছে। অন্যথা কঠোৰ ব্যৱস্থা ল’বলৈ বাধ্য হ’ব।

এই সন্দৰ্ভত যোৱা মঙলবাৰে পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল এক প্ৰতিবেদন। য’ত কোৱা হৈছে যে চৌদি আৰৱৰ হজ মন্ত্ৰালয়ৰ হৈ পাকিস্তানৰ ধৰ্মীয় পৰিক্ৰমা মন্ত্ৰালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে। য’ত স্পষ্টকৈ কোৱা হৈছে, পাকিস্তানে উমৰা ভিছা ব্যৱহাৰ কৰি ভিক্ষাৰী পঠোৱা বন্ধ কৰিব লাগে। অন্যথা অনাগত দিনত পাকিস্তানৰ নাগৰিকে ছৌদিলৈ হজলৈ যাবলৈ সমস্যাৰ সন্মুখীন হ’ব লাগিব। সূত্ৰৰ মতে, ছৌদি আৰৱৰ পৰা অহা চিঠিখনৰ পাছত পাকিস্তানে ভিক্ষাৰী সমস্যাৰ মোকাবিলা কৰিবলৈ দেশখনত আইন অনাৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। সাধাৰণতে পাকিস্তানৰ কেইবাটাও পৰ্যটন কোম্পানীয়ে নিজৰ নাগৰিকক উমৰা কৰিবলৈ পঠিয়াই দিয়ে। এতিয়া চৰকাৰে পোনপটীয়াকৈ আইনৰ অধীনলৈ অনাৰ পৰিকল্পনা কৰিছে।

চৌদি আৰবে চলিত বৰ্ষৰ মে’ মাহত হজৰ সময়ত ভিক্ষাৰ সমস্যা ৰোধৰ বাবে ফাতোৱা জাৰি কৰিছিল। য’ত কোৱা হৈছে যে তেওঁলোকক অনুমতি অবিহনে হজ কৰিবলৈ দেশলৈ আহিবলৈ দিয়া নহ’ব। কোনোবাই অবৈধভাৱে আহিলে ১০ হাজাৰ ৰিয়াল জৰিমনা বিহা হ’ব। ভাৰতীয় মুদ্ৰাত সেয়া প্ৰায় ২ লাখ ২২ হাজাৰ টকা। আৰু যিকোনো ব্যক্তিক অবৈধভাৱে প্ৰৱেশ কৰিলে তৎক্ষণাত দেশলৈ ঘূৰাই পঠিওৱা হ’ব।

Apply Now

মন কৰিব যে যোৱা বছৰ এটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদন প্ৰকাশ পাইছিল। দাবী কৰা হৈছে যে বহিঃৰাজ্যত গ্ৰেপ্তাৰ হোৱা ভিক্ষাৰীসকলৰ ৯০ শতাংশই পাকিস্তানী নাগৰিক। কেৱল সেয়াই নহয়, মক্কাৰ মছজিদ এলেকাত ধৰা পৰা পকেটৰ অধিকাংশই পাকিস্তানৰ। এই সমস্যা বছৰ বছৰ ধৰি চলি আহিছে। পাকিস্তানেও স্বীকাৰ কৰিছে যে এই সন্দৰ্ভত অসংখ্য অভিযোগ পোৱা গৈছে। ইয়াৰ পূৰ্বে পাকিস্তানৰ স্বৰাজ মন্ত্ৰী মহছিন নাকৱীয়ে পাকিস্তানত থকা চৌদি আৰৱৰ ৰাষ্ট্ৰদূত নৱাফ বিন চৈয়দ আহমেদ আল-মালকীৰ সৈতে একমুখী বৈঠকত মিলিত হৈছিল। য’ত পাকিস্তানে চৌদি আৰৱক আশ্বাস দিছে যে তেওঁলোকে এই ভিক্ষাৰী পঠোৱা মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা ল’ব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত ‘পূবৰ আমাজন’! দিহিং পাটকাইত অইলক খননৰ অনুমতি

ধ্বংসৰ গৰাহত ‘পূবৰ আমাজন’! দিহিং পাটকাইত অইলক খননৰ অনুমতি

June 10, 2026 3:32 pm
গেৰুৱা ধুমুহাত নিঃচিহ্ন কংগ্ৰেছ, স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে গুজৰাটৰ পৰা ৰাজ্যসভাত শূন্য হ’ব দলটো

গেৰুৱা ধুমুহাত নিঃচিহ্ন কংগ্ৰেছ, স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে গুজৰাটৰ পৰা ৰাজ্যসভাত শূন্য হ’ব দলটো

June 10, 2026 3:21 pm
বেদখলমুক্ত কৰা বনভূমিত আন কোনো প্ৰকল্প নিৰ্মাণ কৰিব নোৱাৰিব : গুৱাহাটী উচ্চ ন্যায়ালয়

বেদখলমুক্ত কৰা বনভূমিত আন কোনো প্ৰকল্প নিৰ্মাণ কৰিব নোৱাৰিব : গুৱাহাটী উচ্চ ন্যায়ালয়

June 10, 2026 3:15 pm
ভাৰতৰ আটাইতকৈ দীঘলীয়া সময়ৰ প্ৰধানমন্ত্ৰীৰ অভিলেখ গঢ়িলে নৰেন্দ্ৰ মোদীয়ে, ইটালীৰ প্ৰধানমন্ত্ৰীৰ অভিনন্দন

ভাৰতৰ আটাইতকৈ দীঘলীয়া সময়ৰ প্ৰধানমন্ত্ৰীৰ অভিলেখ গঢ়িলে নৰেন্দ্ৰ মোদীয়ে, ইটালীৰ প্ৰধানমন্ত্ৰীৰ অভিনন্দন

June 10, 2026 3:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত ‘পূবৰ আমাজন’! দিহিং পাটকাইত অইলক খননৰ অনুমতি

ধ্বংসৰ গৰাহত ‘পূবৰ আমাজন’! দিহিং পাটকাইত অইলক খননৰ অনুমতি

June 10, 2026 3:32 pm
গেৰুৱা ধুমুহাত নিঃচিহ্ন কংগ্ৰেছ, স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে গুজৰাটৰ পৰা ৰাজ্যসভাত শূন্য হ’ব দলটো

গেৰুৱা ধুমুহাত নিঃচিহ্ন কংগ্ৰেছ, স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে গুজৰাটৰ পৰা ৰাজ্যসভাত শূন্য হ’ব দলটো

June 10, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd