মাজনিশা ‘পাকিস্তান জিন্দাবাদ’ ধ্বনিত কঁপি উঠিল ৰাজধানী চহৰ দিল্লীৰ ৰাজপথ, কোনে দিলে এই ধ্বনি?

a People-In-Delhi-Shouted-

শনিবাৰে নিশা তেতিয়া প্ৰায় ১ বাজিছিল।

দিল্লীৰ টোগলঘ ৰোডেৰে বাইকত উঠি তীব্ৰ বেগেৰে যাত্ৰা কৰিছিল কেইজনমান লোকে।

তেওঁলোকৰ মাজৰে কোনোৱা এজনে ‘পাকিস্তান জিন্দাবা’ধ্বনি দি বাইকৰ ৰেচ বঢ়াই দিছিল।

লোক জনে এই কাৰ্য বাৰে বাৰে কৰি গৈছিল। ফলত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনিৰে ৰজনজনাই গৈছিল দেশৰ ৰাজধানী চহৰ দিল্লীৰ ৰাজপথ।

সেই সময়ত পথেৰে গৈ থকা কোনো লোকে টেলিফোনেৰে ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰে।

আৰক্ষীয়ে এই বিষয়ে জানিব পাৰি লগে লগে ঘটনাস্থলীত উপস্থিত হয়। সেই সময়তো  উক্ত স্থানত তিনিগৰাকী মহিলা আৰু দুজন পুৰষে অৱস্থান কৰি আছিল।

ভাড়ালৈ লোৱা নীলা ৰঙৰ বাইক চলাই অহা দলটোৱৰ মাজৰেই কোনোৱাই চিঞৰি চিঞৰি পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল।

আৰক্ষীয়ে কেউ জনকে আটক কৰি থানালৈ লৈ আহে আৰু জেৰা আৰম্ভ কৰে।

আৰক্ষীৰ জেৰাতহে জোলোঙাৰ মেকুৰী ওলাই পৰে। পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া কোনো এজন লোকেই ভাৰতীয় নহয়।

তেওঁলোক আটাইকেইজনেই বিদেশৰ পৰা ভাৰতলৈ অহা পৰ্যটক।

নিজা ইণ্ডিয়া গেটলৈ তেওঁলোকে বাইক ৰেচ কৰিছিল। তেতিয়াই তেওঁলোকৰ মাজত থকা পাকিস্তানৰ পৰ্যটকগৰাকীয়ে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়ে।

আৰক্ষীয়ে এই ঘটনাৰ আঁৰত কোনো ৰাষ্ট্ৰবিৰোধী শক্তি জৰিত নাই বুলি প্ৰকাশ কৰিছে।