NORTHEAST NOW (Assamese)

আন্তৰ্জাতিক নিয়ম পালনত ব্যৰ্থ; ১৮৮খন দেশত নিষিদ্ধ হ’ব পাকিস্তান এয়াৰলাইনছ!

November 10, 2020 12:12 pm · এন ই নাও নিউজ
পাকিস্তান এয়াৰলাইনছৰ বিমান।

পাইলটসকলৰ লাইছেন্স সম্পৰ্কীয় বিষয়ত আন্তৰ্জাতিক নিয়ম পালন নকৰাৰ বাবে বিশ্বৰ ১৮৮খন দেশত নিষিদ্ধ হ’ব পাৰে পাকিস্তান এয়াৰলাইনছ।

দেওবাৰে পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক প্ৰতিবেদনত এই কথা সদৰী হৈছে।

যোৱা ৩ নৱেম্বৰত ইন্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যনে প্ৰেৰণ কৰা এখন পত্ৰত কোৱা হৈছে যে পাইলটসকলৰ লাইছেন্স আৰু প্ৰশিক্ষণৰ যি আন্তৰ্জাতিক নিয়ম আছে সেয়া পাকিস্তান চিভিল এভিয়েশ্যন অথৰিটি (পিচি এএ) পূৰণ কৰাত ব্যৰ্থ হৈছে।

এই সম্পৰ্কত ইন্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যনে পাকিস্তান চিভিল এভিয়েশ্যন অথৰিটিক সতৰ্ক কৰি দিছে।

পাকিস্তানৰ এক্সপ্ৰেছ ট্ৰিবিউনত প্ৰকাশ পোৱা প্ৰতিবেদনত কোৱা হৈছে যে এই নিয়ম পূৰণত ব্যৰ্থ হোৱা পাকিস্তান এয়াৰলাইনছৰ বিমান তথা পাইলটসকলক ইন্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যনে বিশ্বৰ ১৮৮খন দেশত নিষিদ্ধ কৰিব পাৰে।

ইপিনে, পাকিস্তানৰ পাইলটসকলৰ সংগঠন পাকিস্তান এয়াৰলাইনছ পাইলট এছ’চিয়েশ্যনৰ মুখপাত্ৰই কয় যে ইন্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যনে এনে সিদ্ধান্ত গ্ৰহণ কৰিলে পাকিস্তানৰ বিমান পৰিবহন উদ্যোগত বিপৰ্যয় নামি আহিব।

সংগঠনটোৱে বিষয়টোত হস্তক্ষেপ কৰাৰ বাবে প্ৰধান মন্ত্ৰী ইমৰাণ খানক কাষ চাপিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও পাকিস্তান এয়াৰলাইনছৰ বিৰুদ্ধে লাইছেন্স কেলেংকাৰিৰ অভিযোগ উত্থাপন হৈছিল যাৰ বাবে ব্ৰিটেইন আৰু য়ুৰোপীয় য়ুনিয়নত পাকিস্তান এয়াৰলাইনছ নিষিদ্ধ।

Related News