• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ ভাৰতৰ পূবৰ পৰা আক্ৰমণ আৰম্ভ কৰাৰ ভাবুকি দিলে পাকিস্তানী সেনা প্ৰধান আছিম মুনিৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2025 12:36 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাত এক অনুষ্ঠানত পাকিস্তানী সেনা প্ৰধান আছিম মুনিৰে কয় যে পাকিস্তানে এইবাৰ ভাৰতৰ পূব দিশৰ পৰা আক্ৰমণ চলাব। এনে পৰিস্থিতি স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়, সেই ক্ষেত্ৰত পাকিস্তানে বাংলাদেশক ‘বেছ’ হিচাপে ব্যৱহাৰ কৰিব নেকি?

দ্য প্ৰিণ্টে প্ৰকাশ কৰা বাতৰি অনুসৰি, আমেৰিকাত এই অনুষ্ঠানত মুনিৰে কয়, ‘এইবাৰ আমি ভাৰতৰ পূব দিশৰ পৰা আৰম্ভ কৰিম। য’ত তেওঁলোকৰ সকলো গুৰুত্বপূৰ্ণ সম্পদ আছে। তাৰ পিছত আমি পশ্চিমলৈ যাম।’

Apply Now

প্ৰসংগক্ৰমে অপাৰেচন সিন্দুৰ স্থগিত ৰখাৰ কেইমাহমানৰ ভিতৰতে পাকিস্তান অধিকৃত কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদী ঘাটি গঠন কৰা হৈছে। ইফালে শেহতীয়াকৈ দিল্লীত ধাৰাবাহিকভাৱে উচ্চ পৰ্যায়ৰ বৈঠকৰ সময়ত ইছলামবাদতো তৎপৰতা আৰম্ভ হৈছে।

এই সকলোবোৰৰ মাজতে পাকিস্তান সেনাৰ আই এছ পি আৰৰ ডি জি লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়েও কিছুদিন পূৰ্বে দাবী কৰিছিল যে যদিহে অপাৰেচন সিন্দুৰৰ দৰে আন এক অভিযান হয় তেন্তে পাকিস্তানে হেনো পূব ভাৰতত আক্ৰমণ কৰিব।

শেহতীয়াকৈ দ্য ইকনমিষ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পাকিস্তান সেনাৰ ডি জি আই এছ পি আৰ লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়ে কয় যে, ‘যদি ভাৰতে অপাৰেচন সিন্দুৰৰ দৰে কোনো সামৰিক ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে পাকিস্তানে ভাৰতৰ গভীৰত আক্ৰমণ কৰিব। আৰু সেই আক্রমণ আৰম্ভ হ’ব পূব ভাৰতৰ পৰা৷ ভাৰতৰ যিকোনো ঠাইতে আমি ষ্ট্ৰাইক কৰিব পাৰো।’

উল্লেখ্য যে ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছে যে এতিয়াৰ পৰা ভাৰতত যিকোনো সন্ত্ৰাসবাদী আক্ৰমণক যুদ্ধ হিচাপে গণ্য কৰা হ’ব। সন্ত্ৰাসবাদী আক্ৰমণক ‘ছাঁয়া যুদ্ধ’ বুলি গণ্য কৰা নহ’ব। এই পৰিবেশত সন্ত্ৰাসবাদীক সমৰ্থন কৰা পাকিস্তানী সেনা ভাৰতৰ লক্ষ্য হ’ব।

ভাৰত চৰকাৰৰ এই স্থিতিত ইতিমধ্যে পাকিস্তানত জোকাৰণি আৰম্ভ কৰিছে। কিন্তু ইয়াৰ পিছতো ৰাৱালপিণ্ডিত থকা সেনা বিষয়াসকলে নিজৰ অভিসন্ধি ত্যাগ কৰা নাই। এই পৰিৱেশত তেওঁলোকে পূব ভাৰতক লক্ষ্য কৰি নতুন পৰিকল্পনা ৰচনা কৰিছে।

কিন্তু শেহতীয়াকৈ ভাৰতে স্পষ্ট কৰি দিছে যে পাকিস্তানৰ পাৰমাণৱিক ভাবুকিৰ সন্মুখত ই পিছুৱাই নাযায়। পাকিস্তানৰ পৰা অহা এই পাৰমাণৱিক ভাবুকি যে এক ফোচফোচনি সেয়া ভাৰতে অপাৰেচন সিন্দুৰৰ জৰিয়তে প্ৰমাণ কৰিছে। তাৰমাজতে পাকিস্তানী সেনাই পূব ভাৰতক আক্ৰমণ কৰাৰ ভাবুকি দিছে।

মন কৰিবলগীয়া যে বৰ্তমানৰ বাংলাদেশ চৰকাৰে পাকিস্তানৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰিছে। বাংলাদেশৰ সেনাৰ এটা অংশ পাকিস্তানৰ পক্ষ লৈছে। এই পৰিস্থিতিত এজন পাকিস্তানী সেনা বিষয়াৰ পৰা অহা এনে ভাবুকি যথেষ্ট তাৎপৰ্যপূৰ্ণ।

ইয়াৰ পূৰ্বে পেহেলগাম আক্ৰমণৰ কেইদিনমান পূৰ্বে প্ৰবাসী পাকিস্তানীৰ এখন সন্মিলনত মুনিৰে কাশ্মীৰক ‘পাকিস্তানৰ ডিঙিৰ শিৰ’ আখ্যা দি উত্তেজক মন্তব্য কৰিছিল। এইবাৰো তেওঁ আমেৰিকাত বসবাস কৰা পাকিস্তানীসকলৰ বাবে ‘ব্লেক টাই ইভেণ্ট’ত এনে এক উচটনিমূলক ভাবুকি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd