ড্ৰাগছ সৰবৰাহৰ অপৰাধত ১৫ বছৰৰ কাৰাদণ্ড ভুগি থকা নেপালৰ কাৰাগাৰৰ পৰা পলায়ন কৰা এগৰাকী ৫০ বছৰীয়া পাকিস্তানী মহিলাক শনিবাৰে দক্ষিণ ত্ৰিপুৰাত নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ শ্বেইখুপুৰা জিলাৰ ইয়ংগনাবাদৰ মহম্মদ গোলাফ ফৰাজৰ পত্নী লুই নিঘাট আখতাৰ বানো নামৰ মহিলাগৰাকীক চৰকাৰী ৰে’লৱে আৰক্ষীয়ে নিশা প্ৰায় ৮.৩০ বজাত ছাব্ৰুম ৰে’লৱে ষ্টেচনত আটক কৰে। মহিলাগৰাকী শিলিগুৰিৰ পৰা কাঞ্চনজংঘা এক্সপ্ৰেছত আহিছিল বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে।
প্ৰথম অৱস্থাত মহিলাগৰাকীয়ে নিজকে দিল্লীৰ পুৰাণী বস্তিৰ ছাহিনা পাৰবীন বুলি পৰিচয় দি বিগত কেইবছৰমানৰ পৰা ঘৰুৱা সহায়িকা হিচাপে ৰাষ্ট্ৰীয় ৰাজধানীত বাস কৰা বুলি দাবী কৰে। কিন্তু মহিলাগৰাকী কোনো বৈধ পৰিচয় প্ৰমাণ দাখিল কৰাত ব্যৰ্থ হয়। তালাচীৰ সময়ত বিষয়াসকলে তেওঁৰ কঁকালত বান্ধি থোৱা ভাঁজ কৰা কাগজৰ টুকুৰাত কেইবাটাও পাকিস্তানৰ নম্বৰ উদ্ধাৰ কৰে।
দীৰ্ঘসময়ৰ জেৰাৰ অন্তত তেওঁ নিজৰ প্ৰকৃত পৰিচয় স্বীকাৰ কৰি প্ৰকাশ কৰে যে তেওঁ প্ৰায় ১২ বছৰ পূৰ্বে পাকিস্তানী পাছপ’ৰ্ট ব্যৱহাৰ কৰি ড্ৰাগছ সৰবৰাহৰ বাবে নেপাললৈ গৈছিল। দুহেজাৰ চৈধ্য চনত নেপাল আৰক্ষীয়ে এক কিলোগ্ৰাম ব্ৰাউন চুগাৰ লৈ গ্ৰেপ্তাৰ কৰাৰ পাছত মহিলাগৰাকীক ১৫ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। যোৱা মাহত হোৱা নেপালৰ অশান্ত পৰিস্থিতিৰ সময়লৈকে তেঁও কাঠমাণ্ডু কাৰাগাৰত আবদ্ধ হৈ আছিল।
আৰক্ষীৰ মতে, মহিলাগৰাকীয়ে কোনো দালালৰ সহায়ত বাংলাদেশ সীমান্ত পাৰ হৈ প্ৰায় ১৫ৰ পৰা ১৬ দিন পূৰ্বে পশ্চিম বংগৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিছিল। পাছত তেঁও দিল্লীলৈ যায় আৰু দালালৰ নিৰ্দেশনা অনুসৰি বাংলাদেশ হৈ পাকিস্তানলৈ উভতি যোৱাৰ চেষ্টা কৰে। পশ্চিম বংগৰ মাজেৰে পথ বিচাৰি নাপাই ত্ৰিপুৰালৈ যাত্ৰা কৰি শিলিগুৰিৰ পৰা কাঞ্চনজংঘা এক্সপ্ৰেছত উঠি তাৰ পৰা সীমান্ত পাৰ হোৱাৰ আশাত শিলিগুৰিৰ পৰা ছাব্ৰূমলৈ যায়।
আৰক্ষী আৰু চোৰাংচোৱাৰ জ্যেষ্ঠ বিষয়াসকলে জনোৱা মতে, মহিলাগৰাকীৰ গতিবিধি, যোগাযোগ আৰু যিকোনো আন্তঃৰাষ্ট্ৰীয় অপৰাধী বা চোৰাংচোৱা নেটৱৰ্কৰ সৈতে সম্ভাৱ্য সংযোগৰ বিষয়ে জানিবলৈ বৰ্তমানেও জেৰা চলাই থকা হৈছে।





