ভাৰতৰ নাগৰিকত্ব (সংশোধন) আইনখন নাকচ পাকিস্তানৰ হিন্দু, শিখ, খ্ৰীষ্টান সমাজৰো

Story-2-8-1140x570

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে অসমত চলি থকা প্ৰতিবাদৰ এটা দৃশ্য।

বাংলাদেশৰ হিন্দু, বৌদ্ধ আৰু খ্ৰীষ্টান সমাজৰ পিছত পাকিস্তানৰ হিন্দু, খ্ৰীষ্টান আৰু শিখ সমাজেও নাগৰিকত্ব (সংশোধন) আইনখন নাকচ কৰিছে আৰু আইনখন অনা ভাৰত চৰকাৰক গৰিহণা দিছে।

হিন্দু সম্প্ৰদায়ৰ লগতে দেশখনৰ আন এটা সংখ্যালঘু সম্প্ৰদায় শিখ সম্প্ৰদায়েও ভাৰতৰ এই পদক্ষেপক সমালোচনা কৰিছে।

বিজেপি নেতৃত্বাধীন ভাৰত চৰকাৰে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা অমুছলমান ৫টা সম্প্ৰদায় (হিন্দু, বৌদ্ধ, শিখ, পাৰ্চী, খ্ৰীষ্টান)ৰ লোকসকলক বিনাচৰ্তে নাগৰিকত্ব দিয়াৰ বাবে যোৱা ১৩ ডিচেম্বৰত নাগৰিকত্ব আইনখন সংশোধিত ৰূপত গ্ৰহণ কৰিছে।

চৰকাৰে এই লোকসকল উক্ত দেশবোৰত ধৰ্মীয় নিৰ্য্যাতনৰ সন্মুখীন হৈছে বুলি যুক্তি প্ৰদৰ্শন কৰিছে। এই সংশোধনৰ আগলৈকে ভাৰতৰ নাগৰিকত্ব আইন সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ আছিল। ভাৰতে নাগৰিকত্ব প্ৰদানৰ বাবে ধৰ্মক আধাৰ কৰাটোক সমগ্ৰ বিশ্বই গৰিহণা দি আছে।

বিধেয়কখন লোকসভা আৰু ৰাজ্যসভাত গৃহীত হোৱাৰ পিছতে বাংলাদেশত থকা হিন্দু, বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদে ইয়াক গৰিহণা দিয়াৰ লগতে ই বাংলাদেশৰ পৰা হিন্দুসকলৰ ভাৰত গমনক উৎসাহিত কৰিব বুলি সম্ভাৱনা প্ৰকাশ কৰিছিল।

পৰিষদৰ সাধাৰণ সম্পাদক ৰাণা দাশগুপ্তই সংবাদমেলত লগতে কৈছিল যে বাংলাদেশত সংখ্যালঘু নিৰ্য্যতনকাৰী আৰু বাংলাদেশক ইছলামিক ৰাষ্ট্ৰ কৰাৰ আকাংক্ষা কৰি থকাসকলক সংখ্যালঘুৰ ওপৰত নিৰ্য্যাতন বৃদ্ধি কৰাত আইনখনে উদগনি দিয়াৰ শংকা আছে।

বাংলাদেশৰ সংখ্যালঘু হিন্দু, বৌদ্ধ, খ্ৰীষ্টান সম্প্ৰদায়ৰ এই স্থিতিৰ সৈতে পাকিস্তানৰ হিন্দু, শিখ আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ স্থিতিৰ মিল দেখা গৈছে।

“পাকিস্তানৰ হিন্দু সম্প্ৰদায়ে স্পষ্ট ভাষাৰে বিধেয়কখন (বৰ্তমান আইন)ক অগ্ৰাহ্য কৰিছে আৰু ইয়াক ভাৰতক ধৰ্মীয় ভিত্তিত বিভাজন কৰাৰ সমতুল্য”, দেশখনৰ দ্দা এক্সপ্ৰেছ ট্ৰিবিউন নামৰ কাকতখনত পাকিস্তান হিন্দু পৰিষদৰ বিষয়ববীয়া ৰাজা আছৰ মংগলানিৰ উদ্ধৃতি।

তেওঁৰ মতে আইনখনেৰে ভাৰতে নিজৰ সংবিধানকে উলংঘা কৰিছে।

লগতে পঢ়ক ভাৰতৰ পদক্ষেপে বাংলাদেশত সংখ্যালঘুৰ ওপৰত নিৰ্য্যাতন বৃদ্ধি কৰিব : বাংলাদেশত সংবাদমেলত হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদ

“পাকিস্তানৰ হিন্দু সম্প্ৰদায়ৰ পৰা ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এইটো এটা স্পষ্ট বাৰ্তা। এজন সঁচা হিন্দুৱে কেতিয়াও এই আইনখনক সমৰ্থন নকৰে”, সংবাদ প্ৰতিষ্ঠানটোত তেওঁৰ আন এটা মন্তব্য।

দেশখনৰ খ্ৰীষ্টান সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা পাকিস্তান উচ্চ সদন বা ছিনেটৰ এজন সদস্য আনোৱাৰ লাল ডীনে কয়, “আইনখন ধৰ্মীয় সম্প্ৰদায়বোৰক পৰস্পৰৰ বিৰুদ্ধে উচটাবলৈ অনা হৈছে”।

তেওঁ এই আইনখনক মৌলিক মানৱ অধিকাৰৰ স্পষ্ট উলংঘন বুলিও দাবী কৰে।

আনহাতে দেশখনত থকা শিখসকলেও আইনখন নাকচ কৰিছে বুলি জানিবলৈ দি বাবা গুৰু নানকৰ নেতা গোপাল সিঙে কয়, “কেৱল পাকিস্তানত থকা শিখসকলেই নহয়, ভাৰতকে ধৰি গোটেই বিশ্বৰ শিখ সম্প্ৰদায়ে এই পদক্ষেপক গৰিহণা দিছে”।

“শিখসকল ভাৰত আৰু পাকিস্তান উভয়তে সংখ্যালঘু। সংখ্যালঘু সম্প্ৰদায়ৰ এজন সদস্য হিচাপে মই ভাৰতৰ মুছলমানসকলৰ যন্ত্ৰণা আৰু ভয় অনুভৱ কৰিব পাৰো। এইটো দেখদেখকৈ ধৰ্মীয় উৎপীড়ন”, কাকতখনত সিঙৰ উদ্ধৃতি।