NORTHEAST NOW (Assamese)

পাকিস্তানীৰ কল্পনা; ২০২৫ টি-২০ বিশ্বকাপত পাকিস্তানৰ হৈ খেলিব বিৰাট ক’হলি, ধাৱান, জাদেজাই

September 7, 2019 10:52 am · এন ই নাও নিউজ
পাকিস্তানৰ ভাইৰেল হোৱা ক্ৰিকেট একাদশ

২০২৫ চনৰ টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী, অপেনিং বেটছমেন শিখৰ ধাৱান, ৰবিচন্দ্ৰন আশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাই পাকিস্তানৰ হৈ খেলিব বুলি পাকিস্তানী সাংবাদিক নাইলা ইনায়তে ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে সকলোৱে ধিক্কাৰ দিছে পাকিস্তানৰ মানসিকতাক।

ভিডিঅ’টোত ২০২৫ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলখন পাকিস্তান আৰু ইংলেণ্ডৰ মাজত জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত অনুষ্ঠিত হোৱা দেখুওৱা হৈছে য’ত বিৰাট কোহলী আৰু বাবৰ আজমে পাকিস্তানৰ হৈ অপেনিং কৰিবলৈ খেল পথাৰত নামিছে।

চাৰিগৰাকী ভাৰতীয় খেলুৱৈক লৈ মূল পাকিস্তানী একাদশটো গঠন কৰা হৈছে বিতৰ্কিত পাকিস্তানী ভিডিঅ’টোত।

আনহাতে, এই ভিডিঅ’টোত খেল চাই থকা এটা পৰিয়ালে খেলৰ সম্ভাৱনাক লৈ কথোপকথন কৰিছে।

ছোৱালী জনীয়ে দেউতাকক এনেদৰে কৈছে-‘দেউতা আজি খেল কোহলীয়ে জিকাব।’

ছোৱালীজনীৰ কথাৰ উত্তৰত দেউতাকে কোহলীয়ে পূৰ্বে ভাৰতৰ হৈ খেলিছিল বুলি উল্লেখ কৰে।

দেউতাকৰ কথাত এইবাৰ পুত্ৰই দেউতাকক প্ৰশ্ন কৰিছে কোন ভাৰত বুলি।

ছ’চিয়েল মিডিয়াত ভিডিঅ’টো প্ৰচাৰ কৰাৰ পাছতে পাকিস্তানী নাগৰিক সকল ট্ৰ’লৰ সন্মুখিন হৈছে।

উল্লেখযোগ্য যে, জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বাতিল কৰাৰ পাছতে পাকিস্তানৰ পৰা ধাৰাবাহিকভাৱে জম্মু-কাশ্মীৰৰ পৰিবেশ অস্থিৰ কৰি তোলাৰ বাবে চেষ্টা কৰি থকা হৈছে।

ভাইৰেল ভিডিঅ’টোত কোহলী আৰু বাবৰ আজমক একেশাৰীৰ বেটছমেন হিচাপে দেখুওৱা হৈছে।

Related News