মেচ ফিক্সিং কেলেংকাৰীত জড়িত হোৱা বাবে আজীৱন নিষেধাজ্ঞাৰ সন্মুখিন হোৱা পাকিস্তানৰ লেগ স্পীনাৰ ডানিছ কানেৰিয়াই বৰ্তমান বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলৰ সভাপতি হ’লে তেওঁৰ আজীৱন নিষেধাজ্ঞা ৰায় পুনৰ বিবেচনাৰ বাবে আবেদন কৰিব বুলি মন্তব্য কৰে।
‘‘মই নিশ্চিত যে আই চি চিয়ে মোক এইক্ষেত্ৰত সহায় কৰিব,’’ কানেৰিয়াই কয়।
‘‘সৌৰভ গাংগুলীয়ে মোৰ সৈতে হোৱা অন্যায়ৰ কথা ভালদৰে জানে আৰু তেওঁ এইক্ষেত্ৰত আই চি চিৰ অধ্যক্ষ হ’লে মোক সহায় কৰিব পাৰিব,’’ লেগস্পীনাৰ গৰাকীয়ে লগতে কয়।
আনহাতে, আই চি চিৰ অধ্যক্ষৰূপে সৌৰভ গাংগুলীতকৈ ভাল প্ৰাৰ্থী কোনো হ’ব নোৱাৰে বুলিও কানেৰিয়াই মন্তব্য কৰে।
এসময়ৰ পাকিস্তানৰ তাৰকা লেগ স্পীনাৰ গৰাকীয়ে পাকিস্তান ক্ৰিকেট বোৰ্ডে বেলেগ বেলেগ খেলুৱৈৰ বাবে বেলেগ বেলেগ শাস্তি নিৰ্ধাৰণ কৰা বুলি অভিযোগ কৰিছিল।
ইয়াৰ পূৰ্বেও পাকিস্তানী হিন্দু ক্ৰিকেটাৰ কানেৰিয়াই তেওঁ হিন্দু হোৱা বাবেই পাকিস্তান ক্ৰিকেট দলত শ্বাহিদ আফ্ৰিদিকে ধৰি কেইগৰাকীমান খেলুৱৈৰ পৰা নিৰ্যাতনৰ সন্মুখিন হ’বলগীয়া হৈছিল বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল।
পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখতাৰেও ডানিছ কানেৰিয়াক এইক্ষেত্ৰত সমৰ্থন কৰি মুকলিকৈ মত ব্যক্ত কৰিছিল।