অমৃতচৰৰ ভাৰত-পাক সীমান্তত পাকিস্তানী স্মাগলাৰক গুলীয়াই হত্যা : অস্ত্ৰসহ ড্ৰাগছ জব্দ; ১ পাঞ্জাৱীক গ্ৰেপ্তাৰ

international-border-bsf_650x400_51475829911

ভাৰত-পাক সীমান্তৰ নিছিদ্ৰ নিৰীক্ষণৰত সীমান্ত সুৰক্ষা বাহিনীৰ চকুত ধূলি দি ভাৰতত নিষিদ্ধ ঘোষিত ড্ৰাগছ সৰবাহ কৰিবলৈ মৰসাহ কৰি আহিছে কিছুসংখ্যক পাকিস্তানী স্মাগলাৰে।

তেনে এগৰাকী পাক স্মাগলাৰক পঞ্জাৱৰ অমৃতচৰৰ ভাৰত-পাক সীমান্তত গুলীয়াই হত্যা কৰিছে পঞ্জাৱ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে।

সীমান্ত সুৰক্ষা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বুধবাৰে গোপন সূত্ৰৰ ভিত্তিত পঞ্জাৱ আৰক্ষী এছএছপি ধ্ৰুৱ দাহিয়াৰ নেতৃত্ব যোৱা পঞ্জাৱ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ যৌথ অভিযানকাৰী দল এটাই অমৃতচৰৰ লুপুকে আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-পাক সীমান্তৰ কক্কৰ সীমান্ত নিৰীক্ষণ চকীৰ এলেকাত অভিযান চলাই পাকিস্তানী স্মাগলাৰগৰাকীক গুলীয়াই হত্যা কৰে।

অভিযানৰ সময়ত প্ৰথমে স্মাগলাৰগৰাকীয়ে যৌথ অভিযানকাৰী দলটোলৈ লক্ষ্য কৰি গুলীয়াবলৈ আৰম্ভ কৰে। অভিযানকাৰী দলটোৱে ইয়াৰ প্ৰত্যুত্তৰত স্মাগলাৰগৰাকীলৈ লক্ষ্য কৰি গুলীয়াবলৈ আৰম্ভ কৰে আৰু ঘটনাস্থলীতে পাক স্মাগলাৰগৰাকীৰ মৃত্যু হয়।

অভিযানকাৰী দলটোৱে স্মাগলাৰগৰাকীৰ পৰা ২২.৬৬০ কিলোগ্ৰামৰ ২২ পেকট হিৰ’ইন, এটা SAIGA-MK ৰাইফল(অৰ্ধ স্বয়ংক্ৰিয়), দুটা মেগজিনসহ ২৪ ৰাউণ্ড সজীৱ গুলী, এটা AK 47 ৰাইফলসহ 7.6mmৰ ২১ ৰাউণ্ড সজীৱ গুলী, পাকিস্তানী মুদ্ৰা আৰু পাকিস্তানী ছীমকাৰ্ডসহ এটা মোবাইল ফোন উদ্ধাৰ কৰে।

ইয়াৰ পিছতে পঞ্জাৱ আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰি বৰ্তমান বেলজিয়ামস্থিত খালিস্তান জিন্দাবাদ ফ’ৰ্ছৰ জগদীশ ভুৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ উপৰি ফীৰোজপুৰৰ গট্টী গাঁৱৰ যশপাল সিঙক পাকিস্তান স্মাগলাৰগৰাকীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ মতে বেলজিয়ামস্থিত খালিস্তানী উগ্ৰবাদী ভুৰাৰ সৈতে যশপাল সিঙৰ ঘনিষ্ঠ সম্পৰ্ক আছে আৰু তেওঁ অমৃতচৰৰ ভাৰত-পাক সীমান্তত ড্ৰাগছসহ অবৈধ মাৰণাস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত আছে।

এছএছপি দাহিয়াৰ মতে যশপাল সিঙে পাকিস্তানী চোৰাংচোৱা সংস্থাত আইএছআইৰ সৈতেও যোগাযোগ ৰক্ষা কৰি আহিছে।