NORTHEAST NOW (Assamese)

হেকাৰৰ চাইবাৰ ষ্ট্ৰাইক! পাকিস্তানৰ ডন টিভিত জিলিকালে ভাৰতৰ ত্ৰিৰংগা

August 3, 2020 7:48 am · এন ই নাও নিউজ

ফেচবুক,টুইটাৰ নহয় এইবাৰ টেলিভিছনেই হেক কৰিলে হেকাৰে।

টিভিত তেতিয়া চলি আছিল বাতৰি।

সেই সময়তে হঠাতে বাতৰি বন্ধ হৈ টিভিৰ পৰ্দাত জিলিকি উঠিল এটা বিশেষ বিজ্ঞাপন।

পাকিস্তানৰ বিখ্যাত ডন টিভিৰ পৰ্দাত হঠাতে ভাৰতৰ জাতীয় পতাকাৰ ছবি জিলিকি উঠাত দেশ খনৰ চৌদিশে হাহাকাৰ লাগিল।

ডন টিভিৰ বিয়লি ৩.৩০ বজাৰ বাতৰিৰ মাজতে ভাৰতৰ জাতীয় পতাকাৰ ছবি জিলিকি উঠাৰ লগতে এটা বিজ্ঞাপনো সম্প্ৰচাৰ হ’ল।

বিজ্ঞাপনটোত ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষ্যে দেশখনক শুভেচ্ছা জ্ঞাপন কৰা হয়।

পাক জনতাৰ বাবে সম্পূৰ্ণ অনাহুত এই বিজ্ঞাপন হঠাতে ক’ৰ পৰা আহি টিভিৰ পৰ্দাত জিলিকিল তাৰ প্ৰথমতে কোনো ততেই ধৰিব পৰা নাছিল টিভি কৰ্তৃপক্ষই।

কেইছেকেণ্ডমান সম্প্ৰচাৰিত হোৱাৰ পিছতে পৰ্দাৰ পৰা আঁতৰিল ভাৰতৰ জাতীয় পতাকা।

পুনৰ আৰম্ভ হ’ল বাতৰি।

মূহুৰ্তৰ ভিতৰতে পাকিস্তানত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই বিজ্ঞাপন সন্দৰ্ভত তদন্ত কৰি ডন টেলিভিছন কৰ্তৃপক্ষ নিশ্চিত হ’ল যে কোনো দুষ্ট চক্ৰই টিভিৰ ছেটেলাইট নেটৱৰ্ক হেক কৰি এই কাম কৰিছে।

ইয়াৰ বাবে পাকিস্তানে ভাৰতক দোষো দিব পৰা নাই,কাৰণ এয়া যে হেকাৰৰ কাম।

Related News