NORTHEAST NOW (Assamese)

ড’নাল্ড ট্ৰাম্পৰ ভাবুকিৰ প্ৰত্যুত্তৰ দিলে পানামাৰ ৰাষ্ট্ৰপতি জোচে ৰাউল মুলিন’ই

December 23, 2024 12:43 pm · এন ই নাও নিউজ, গুৱাহাটী

পানামা খাল (কেনেল)পুনৰ নিয়ন্ত্ৰণ কৰাৰ বাবে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাবুকি নাকচ কৰিছে পানামাৰ ৰাষ্ট্ৰপতি জোচে ৰাউল মুলিন’ই।

যোৱা শনিবাৰে ট্ৰাম্পে আমেৰিকাৰ জাহাজৰ প্ৰতি “অন্যায়” ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি পানামা খালৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণ পুনৰ লোৱাৰ ভাবুকি দিছিল। ট্ৰাম্পে কয় যে ‘যদি পানামাই খালটোৰ নিৰাপদ, কাৰ্যক্ষম আৰু নিৰ্ভৰযোগ্য পৰিচালনা নিশ্চিত কৰিব নোৱাৰে তেন্তে আমি দাবী কৰিম যে পানামা খালটো সম্পূৰ্ণৰূপে আৰু প্ৰশ্ন নকৰাকৈ আমাক ঘূৰাই দিয়া হওক।‘

দেওবাৰে ট্ৰাম্পৰ ভাবুকি নাকচ কৰি পানামাৰ ৰাষ্ট্ৰপতি জোচে ৰাউল মুলিনোৱে ছ’চিয়েল মিডিয়া এক্স (পূৰ্বৰ টুইটাৰ)ত এটা ভিডিঅ’ পোষ্ট কৰে। ভিডিঅ’টোত জোচে ৰাউল মুলিনোৱে কয় যে, “পানামা খাল আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ প্ৰতিটো বৰ্গমিটাৰ পানামাৰ আৰু ই পানামাৰ মালিকানাধীন হৈ থাকিব।” মুলিনোৱে অৱশ্যে তেওঁৰ এই মুকলি মন্তব্যত ট্ৰাম্পৰ নাম উল্লেখ কৰা নাই।

শনিবাৰে নিজৰ মালিকানাধীন ছ’চিয়েল মিডিয়া চাইট ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত ট্ৰাম্পে কয় যে ‘আমেৰিকাৰ জাহাজ আৰু বাণিজ্যৰ সৈতে অতি অনৈতিক আৰু অন্যায় ব্যৱহাৰ কৰা হৈছে। এই জলপথৰ ব্যৱহাৰৰ বাবে পানামাই যি মাচুল লৈছে সেয়া হাস্যকৰ।‘ পানামা খালক কেন্দ্ৰ কৰি চীনৰ ক্ৰমবৰ্দ্ধমান প্ৰভাৱৰ সম্পৰ্কতো অভিযোগ তুলিছে ট্ৰাম্পে। আমেৰিকাই ইয়াক নিজৰ স্বাৰ্থৰ বাবে এক উদ্বেগজনক প্ৰৱণতা হিচাপে লৈছে।

পানামা খালৰ ওপৰত আমেৰিকাৰ বাণিজ্যিক নিৰ্ভৰশীলতা আছে। আমেৰিকাই এই জলপথ ব্যৱহাৰ কৰি জাহাজেৰে সামগ্ৰী পৰিবহণ কৰে। ট্ৰাম্পে কয় যে পানামা খাল কেৱল পানামাৰ ব্যৱস্থাপনাৰ বাবেহে, চীন বা আন কাৰোবাৰ বাবে নহয়। তেওঁলোকে কেতিয়াও এইটো ভুল হাতত পৰিবলৈ নিদিয়ে।

লেটিন আমেৰিকাৰ দেশ পানামা আমেৰিকাৰ মিত্ৰ দেশ। পানামা খাল খননত আমেৰিকাৰ মুখ্য ভূমিকা আছিল। আমেৰিকাই প্ৰথমে খালটো খনন কৰিছিল আৰু দশক দশক ধৰি ইয়াৰ আশে-পাশে থকা অঞ্চলৰ প্ৰশাসন নিয়ন্ত্ৰণ কৰিছিল। ইয়াৰ পিছত কিছুদিন পানামাৰ সৈতে যৌথভাৱে এই খালটো পৰিচালনা কৰে। ১৯৯৯ চনত আমেৰিকা চৰকাৰে খালটোৰ নিয়ন্ত্ৰণ সম্পূৰ্ণৰূপে এৰি দিয়ে। পানামাই খালটোৰ পৰিচালনাৰ দায়িত্ব লয়।

পানামা খালে আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰক সংযোগ কৰে। খালটোৰ দৈৰ্ঘ্য ৮২ কিলোমিটাৰ। ই পৃথিৱীৰ দুটা গুৰুত্বপূৰ্ণ জাহাজ চলাচলকাৰী কৃত্ৰিম খালৰ ভিতৰত অন্যতম। আনটো হ’ল ছুৱেজ খাল। পানামা খাল অবিহনে আমেৰিকাৰ পূব উপকূলৰ পৰা পশ্চিম উপকূললৈ যোৱা যিকোনো জাহাজে দক্ষিণ আমেৰিকাৰ কেপ হৰ্ণ হৈ অতিৰিক্ত ১৫,০০০ কিলোমিটাৰ যাত্ৰা কৰিব লাগিছিল।

Related News