গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্যৰ যোগান : এসপ্তাহৰ বাবে তলা ওলমাই দিয়া হ’ল পানবজাৰৰ বিখ্যাত ৰেৱতী চাট হাউছত

Reboti

ৰেৱতী চাট হাউছ।উৎস-ইণ্টাৰনেট

গুৱাহাটী মহানগৰীৰ পানবজাৰত থকা সকলোৰে পৰিচিত ৰেৱতী চাট হাউছখন কালি নিশা খাদ্য সুৰক্ষা বিভাগে জাননী জাৰি কৰি তলা ওলমাই দিয়ে।

পানবজাৰৰ বিখ্যাত চাট হাউছখনক গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগান ধৰাৰ অভিযোগত এসপ্তাহৰ বাবে বন্ধ কৰি দিয়া হয় বুলি নৰ্থ-ইষ্ট নাওৰ মহানগৰ সংবাদ দাতা জানিবলৈ দিয়ে খাদ্য সুৰক্ষা বিষয়া চম্পক পাঠকে।

৩১ জুলাইৰ নিশা খাদ্য সুৰক্ষা বিভাগৰ বিষয়া চম্পক পাঠকৰ নেতৃত্বত যোৱা এটা দলে চাট হাউছখনত অভিযান চলাইছিল।

অভিযানৰ  অন্তত চম্পক পাঠকে প্ৰতিষ্ঠানখনৰ প্ৰয়োজনীয় অনুজ্ঞাপত্ৰও নাই বুলি উল্লেখ কৰি তেওঁ প্ৰতিষ্ঠানখনৰ স্বত্তাধিকাৰীক প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ সংগ্ৰহ কৰাৰ বাবে দীৰ্ঘদিনৰ পৰা নিৰ্দেশ দি আছিল।

ৰাতিপুৱাৰ পৰা নিশালৈ পানবজাৰত থকা ৰেৱতী চাট হাউছত হাজাৰ হাজাৰ লোকে বিভিন্ন ধৰণৰ খাদ্যৰ জুতি ল’বৰ আবে উপস্থিত হৈছিল।

ফাষ্ট ফুড বিশেষকৈ চাওমিন, ৰোল আদিৰ বাবে অতি জনপ্ৰিয় চাট হাউছ খন বন্ধ হৈ পৰাত স্বাভাৱিকতে অসুবিধাৰ সন্মুখিন হ’ব প্ৰতিদিনে তাত খাদ্যৰ সোৱাদ লবলৈ যোৱা গ্ৰাহকসকল।

উল্লেখযোগ্য যে, ১৯৮৭ চনত স্থাপন হোৱা ৰেৱতী চাট হাউছে স্থাপন হোৱা দিনৰ পৰা গ্ৰাহকক ভাল খাদ্য যোগান ধৰাৰ বাবে জনপ্ৰিয় হৈ পৰিছিল।

কিন্তু বিগত সময়ছোৱাত ব্যৱসায়িক প্ৰতিষ্ঠানখনে গ্ৰাহকৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ বাবে গ্ৰাহক সুৰক্ষা বিভাগে তলা লগাই দিবলৈ বাধ্য হয়।