কৃষ্ণাইত বিজেপিৰ দিশে ধাৱমান হৈছে সংখ্যালঘু ভোটাৰ, শংকিত বিৰোধী শিৱিৰ

IMG_20181126_104445

ফটো : নৰ্থ-ইষ্ট নাও

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ আন আন অঞ্চল সমূহৰ দৰে গোৱালপাৰাতো ক্ৰমাত বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত ব্যস্ততা। পঞ্চায়ত সমূহ নিজৰ দখলত আনিবৰ বাবে জিলাখনৰ কৃষ্ণাইত একাংশ নিৰ্দলীয় প্ৰাৰ্থীৰ লগতে অন্যান্য প্ৰধান ৰাজনৈতিক দলসমূহে এতিয়া চলাইছে ঘৰে ঘৰে প্ৰচাৰ।

নিৰ্বাচনী প্ৰচাৰে গোৱালপাৰা জিলাৰ দুধনৈ বিধান সভা সমষ্টিৰ কৃষ্ণাই গাঁও পঞ্চায়তৰ বতাহ গৰম কৰি তুলিছে। কৃষ্ণাই গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে এই বেলি শাসকীয় বিজেপি দলৰ উপৰি তিনি গৰাকীকৈ নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ছাহাবুল হক (বিজেপি), শ্বাহ আলম (কংগ্ৰেছ), শ্যামল মিত্ৰ (নিৰ্দলীয়), ৰামিছ ৰাজা (নিৰ্দলীয়) আৰু আউৱাল পাৰমানিক (নিৰ্দলীয়) হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

প্ৰত্যেক গৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ সমৰ্থনত প্ৰচাৰ চলোৱাত ব্যস্ত যদিও কৃষ্ণাই গাঁও পঞ্চায়তত সঘনাই নিৰ্বাচনী পেক্ষাপট সলনি হ’বলৈ ধৰিছে। টিকট কেন্দ্ৰিক সংঘাতে জুৰুলা কৰা কংগ্ৰেছ দলৰ দুগৰাকীকৈ প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাবে মনোনয়নপত্ৰ দাখিল কৰাত দলটো এই বেলি কৃষ্ণাই গাওঁ পঞ্চায়তত বিপৰ্যয়ৰ সন্মুখিন হোৱাটো স্বাভাৱিক বুলি একাংশ সচেতন লোকে মুকলিকৈ মতপোষণ কৰিছে ৷

ইফালে পঞ্চায়ত খনৰ বৃহৎ সংখ্যক সংখ্যালঘু ভোটাৰে বিজেপিৰ পক্ষত থিয় দিয়া ঘটনাই দলটোক উৎসাহিত কৰি তুলিছে। উল্লেখ্য যে প্ৰথম বাৰৰ বাবে বিজেপি দলে অঞ্চলটোত সংখ্যালঘু নেতা ছাহাবুল হকক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইতিমধ্যেই বিজেপি দলটোৰ সদস্য সকলে দলে বলে প্ৰচাৰ অভিযানত নামি পৰিছে ৷

গাঁও পঞ্চায়ত খনৰ সভাপতিৰ পদৰ আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী শ্যামল মিত্ৰও কংগ্ৰেছৰ বিসম্বাদৰ সুবিধা গ্ৰহণ কৰি অঞ্চলটোত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।

উল্লেখ্য যে কৃষ্ণাই পঞ্চায়ত নিৰ্বাচনৰ মুল যুঁজখন শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী ছাহাবুল হক আৰু নিৰ্দলীয় প্ৰাৰ্থী শ্যামল মিত্ৰৰ মাজত হ’ব বুলি অঞ্চলটোৰ ৰাজনৈতিক বিশ্লেষক সকলে অনুমান কৰিছে।

ইফালে বিজেপি প্ৰাৰ্থী গৰাকীয়ে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিজেপি দলত কোনো বিসম্বাদ নাই বুলি উল্লেখ কৰি হিন্দু-মুছলমান উভয়ৰে সহযোগিতাত নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ বাবে টঙালি বন্ধা বুলি উল্লেখ কৰে।

আনহাতে গোৱালপাৰা পূব বিধান সভা সমষ্টিৰ অন্তৰ্গত মাণিকপুৰ-ভেলাখামাৰ গাঁও পঞ্চায়ততো তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। সমষ্টিটোত এই বাৰ অগপ আৰু কংগেছ দলে পঞ্চায়ত দখলৰ যুঁজত নামি পৰিছে। প্ৰথম বাৰৰ বাবে অগপ দলে আঞ্জুৱাৰা বেগম (সভানেত্ৰী), তুহিন ৰহমান (কাউন্সিলাৰ) আৰু বদাহপুৰ জিলা পৰিষদৰ সদস্য পদত মজুৰুল ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷