• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বিজেপিৰ আগ্ৰাসনৰ বিপৰীতে পঞ্চায়ত নিৰ্বাচন অগপৰ বাবে অগ্নি পৰীক্ষা

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
November 29, 2018 5:59 pm
AGP-leadership-singing-Bihu-during-a-press-conference-at-AGP-headquarter-in-Guwahati-on-April-12

ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত পঞ্চায়ত নিৰ্বাচন ৰাজ্যখনৰ ৰাজনৈতিক দলবোৰৰ শক্তি পৰীক্ষাৰ এক উপযুক্ত সুযোগ হিচাপে পৰিগণিত হৈছে। অসমৰ প্ৰধান ৰাজনৈতিক দল হিচাপে বিজেপি,কংগ্ৰেছ আৰু অসম গণ পৰিষদৰ ওপৰত ৰাজ্যখনৰ জনসাধাৰণৰ দৃষ্টি নিবদ্ধ হৈছে।স্থান সাপেক্ষে এআইয়ুডিএফৰ প্ৰতিও লক্ষ্য ৰাখিব ৰাইজে। কিন্তু সাম্প্ৰতিক পৰিস্থতিত সকলোবোৰ ৰাজনৈতিক দলৰ ওপৰতে ৰাইজৰ ভৰসা হ্ৰাস পোৱালৈ চাই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে অন্য এক সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰো থল আছে।

আপাতত: ৰাজ্যখনত চৰকাৰৰ নেতৃত্ব বহন কৰা বিজেপি দলে পঞ্চায়তৰ ফলাফলত ভাল ফল দেখুৱাব বুলি দম্ভ মাৰিলেও ভিতৰি ভিতৰি শংকিত হৈ আছে। কিয়নো ৰাজ্যখনৰ শেহতীয়া পৰিস্থতিত দলটোৱে অসমৰ থলুৱা-খিলঞ্জীয়া জনসাধাৰণৰ আস্থা ধৰি ৰখাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ প্ৰসংগত বিজেপিয়ে গ্ৰহণ কৰা স্থিতিত অসমৰ ৰাইজ সন্তুষ্ট নহয়। তদুপৰি উন্নয়নৰ দিশতো চৰকাৰখনে সফলতাৰ দাবী কৰিব পৰাকৈ বিশেষ একো কৰা নাই। কেবল আঁচনিৰ নাম সলনি কৰিয়েই কৃতিত্ব অৰ্জাৰ প্ৰচেষ্টাই জনসাধাৰণক বিতুষ্ট কৰি তোলাহে দেখা গৈছে।

Apply Now

আনহাতে, কংগ্ৰেছৰ প্ৰতি ঘটা ৰাইজৰ মোহভংগ এতিয়াও আঁতৰা নাই।দলটোৱে জনসাধাৰণৰ মাজলৈ যাব পৰাকৈ কোনো বিষয়তে পতিয়নযোগ্য নীতি অৱলম্বন কৰা নাই।তদুপৰি কংগ্ৰেছৰ বৰ্তমানৰ ৰাজ্যিক নেতৃত্ব ৰাজ্যখনৰ জনসাধাৰণৰটো দূৰৰে কথা, দলটোৰ ভিতৰতে কৰ্মীসকলৰ আস্থা ধৰি ৰখাত ব্যৰ্থ হৈছে।প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈক বাদ দি প্ৰদেশ কংগ্ৰেছৰ নেতাসকল তেনেই নিষ্প্ৰভ। গগৈয়েহে যেন এতিয়াও দলটোক ধৰি ৰাখিছে এনে লাগে। দলটোৰ ৰাজ্যিক সভাপতিগৰাকীয়ে বিভিন্ন সময়ত কৰা ৰাজনৈতিক মন্তব্যসমূহে দলটোক তুলি ধৰাৰ সলনি ক্ষতিহে কৰা দেখা গৈছে।গতিকেই এনে নেতৃত্বৰে কংগ্ৰেছে পঞ্চায়তত ভাল ফল লাভ কৰাৰ আশা বৃথা। একমাত্ৰ ধৰ্মীয় সংখ্যালঘু প্ৰধান অঞ্চলত দলটোৱে কিছু ভাল ফল প্ৰদৰ্শন কৰিব পাৰে।

কংগ্ৰেছৰ দৰে এআইয়ুডিএফেও ধৰ্মীয় সংখ্যালঘুৰ ভোটৰ ওপৰতে নিৰ্ভৰ কৰিছে।দলটোৰ নেতা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বহুসময়ত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ নেতাসকলে বিৰূপ মন্তব্য কৰি আহিলেও নিৰ্বাচনকেন্দ্ৰিক ৰাজনীতিত আজমলক উপেক্ষা কৰিব পৰা নাই।পূৰ্বৰ নিৰ্বাচনী ফলাফলসমূহে সেই কথা ইতিমধ্যে প্ৰমাণ কৰিছে।সেয়েহে পঞ্চায়ত নিৰ্বাচনতো এআইয়ুডিএফে ধৰ্মীয় সংখ্যালঘু অঞ্চলত কংগ্ৰেছৰ দৰে সমানে প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।

আগন্তুক পঞ্চায়ত নিৰ্বাচনত এইবাৰ সকলোৰে দৃষ্টি নিবদ্ধ হৈছে ৰাজ্যখনৰ একমাত্ৰ আঞ্চলিক দল অসম গণ পৰিষদৰ ওপৰত।বৰ্তমান জনসাধাৰণৰ মনত ৰাষ্ট্ৰীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ মাজত কোনটোক আদৰি ল’ব তাক লৈ এটা দ্বন্দ্বৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিলাকে আঞ্চলিক শক্তিৰ উত্থান কেতিয়াও সহ্য নকৰে। সেয়েহে আঞ্চলিক দলবিলাক শক্তিহীন কৰি তুলি ধ্বংস কৰাটোৱে এওঁলোকৰ প্ৰধান লক্ষ্য। অৱশ্যে বিজেপিয়ে অসমত আঞ্চলিকতাবাদী অগপৰ বোকোচাত উঠিয়েই আজি শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে বিজেপিৰ একাংশ নেতাই সেইকথা অস্বীকাৰ কৰাই নহয় অগপক এতিয়া বাটৰ কাঁইট হিচাপে গণ্য কৰি দলিয়াই দিব বিচাৰিছে।

লক্ষণীয় কথাটো হ’ল বৰ্তমান অসমত বিজেপি আৰু অগপ দুয়োটা দলতে নেতাসকলৰ দুটা সমান্তৰাল ধাৰা স্পষ্ট হৈ উঠিছে। বিজেপিত থকা জাতীয়তাবাদী ধাৰাটোৱে অগপৰ সৈতে মিত্ৰতাৰ প্ৰসংগত আগবাঢ়ি যাব খোজে যদিও আনটো ধাৰাত থকা দল বাগৰা নেতা আৰু প্ৰতিযোগিতাহীন সময়ছোৱাৰ বিজেপি নেতৃত্ব বহন কৰা নেতা একাংশই অগপক অঁতৰাই পঠিওৱাৰ অভিসন্ধিত ব্যস্ত।

আনহাতে, দল-বাগৰা তথা কংগ্ৰেছী সংস্কৃতিৰে পুষ্ট একাংশ নেতাই বিজেপিত যোগ দি ইতিমধ্যেই ক্ষমতাৰ নতুন সমীকৰণ বিচাৰি শীতল যুদ্ধৰ আখৰা আৰম্ভ কৰিছে। এইক্ষেত্ৰত পূৰ্বতে কংগ্ৰেছত থাকোতে অগপৰ কাৰ্যালয়টো বিবাহ ভৱন হ’ব বুলি ভৱিষ্যৎবাণী কৰা নেতাজনেই এতিয়া বিজেপিলৈ আহি অগপক “বাই বাই’’ দিবলৈ তৎপৰ হৈ পৰিছে। ইপিনে অগপৰ নেতৃত্বও মিত্ৰতাক লৈ দুটা ভাগত বিভক্ত হৈছে। দলটোৰ বৰ্তমানৰ নেতৃত্ব বহন কৰা তথা ক্ষমতাসীন সকলে এতিয়া মিত্ৰতা ভংগও কৰিবও বিচৰা নাই আৰু মিত্ৰতা ধৰি ৰাখিবলৈ গৈ বাৰে বাৰে উজুটি খাবলগীয়া হৈছে।

যি কি নহওক, ভিতৰি যিয়েই নাথাকক পঞ্চায়ত নিৰ্বাচনত দুয়োটা দলেই সুকীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এতিয়া পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে দুয়োটা দলৰে “ভেটি’’ কিমান অক্ষত আছে তাৰ প্ৰমাণ দাঙি ধৰিব। অগপ বিহীন বিজেপিয়ে ৰাজ্যখনৰ জনসাধাৰণ কিমান আস্থা অৰ্জন কৰিব পাৰিছে তাৰ প্ৰকৃত ছবিখন দাঙি ধৰাৰ লগতে অগপইয়ো আপোচ সূত্ৰত বান্ধ খাই পৰাৰ পাছত নিজৰ ভেটি কিমান অক্ষুণ্ণ ৰাখিব পাৰিছে তাৰ ছবি স্পষ্ট হ’ব।

বিজেপি নেতাৰ ককৰ্থনা লাভ কৰাৰ পাছতো যদি অগপই পঞ্চায়তত ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰে তেন্তে আঞ্চলিকতাবাদক বাদ দি বিজেপিয়ে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ স্বপ্ন পৰিহাৰ কৰিবলৈ বাধ্য হ’ব আৰু তেতিয়াই অগপই নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰাৰ সুযোগ পাব। সেয়েহে, আগন্তুক পঞ্চায়ত নিৰ্বাচন অগপৰ বাবে হৈ পৰিছে এক অগ্নিপৰীক্ষা।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd