বোকাখাতত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল সমাপ্ত; বিভিন্ন দলে দেখুৱালে নিজৰ নিজৰ শক্তি

IMG-20181115-WA0082

ফটো : নৰ্থ-ইষ্ট নাও

ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা অৰ্থাৎ বৃহস্পতিবাৰে অন্য প্ৰান্তৰ লগতে বোকাখাত মহকুমাৰ মুঠ ২০ খন গাঁও পঞ্চায়তৰ বাবেও মনোনয়ন দাখিল প্ৰক্ৰিয়া শান্তিপূৰ্ণ ভাৱে সম্পূৰ্ণ হৈ যায়।

বৃহস্পতিবাৰে বোকাখাত মহকুমাৰ ৪ খন জিলা পৰিষদৰ আসনৰ বাবে ১৪ খন মনোনয়ন পত্ৰ , ২০ টা গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে ৬৫ খন মনোনয়ন পত্ৰ আৰু ২০ খন আঞ্চলিক সদস্য পদৰ বাবে ৬২ খন মনোনয়ন পত্ৰ দাখিল হয়।

ইয়াৰ বিপৰীতে ২০ খন গাঁও পঞ্চায়তৰ মুঠ ২০০ সদস্য পদৰ বাবেও মনোনয়ন দাখিল হয় ৷ মনােনয়ন পত্র দাখিলৰ অন্তিম দিনা মহকুমাটোৰ চাৰিটা জিলা পৰিষদৰ ৰঙামাটি জিলা পৰিষদৰ সদস্য পদৰ  বাবে বিজেপি দলৰ ৰঞ্জিত খণ্ডাইট, কংগ্ৰেছ দলৰ সূভাস চাহু আৰু অগপ দলৰ হৈ সিদ্ধ নাথ গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ বিপৰীতে নির্দলীয় প্ৰাৰ্থী হিচাবে দেবেন ভূঞা আৰু কৃষ্ণ কান্ত লইঙে মনোনয়ন পত্ৰ দাখিল কৰে।

কাজিৰঙা জিলা পৰিষদৰ সদস্য পদৰ বাবে বিজেপি দলৰ সীতা পানিকা, কংগ্ৰেছ দলৰ হৈ ৰেখা শৰ্মা, অগপ দলৰ চন্দ্রাগু প্রজাই মনোনয়ন দাখিল কৰে ৷ মহুৰা জিলা পৰিষদৰ সদস্য পদৰ বাবে বিজেপি দলৰ ৰশ্মি কাকতি, কংগ্ৰেছ দলৰ ৰূপা লয়িং দাৱ, অগপ দলৰ সংগীতা ৰাভাই মনোনয়ন পত্ৰ দাখিল কৰিছে ৷

একেদৰে বােকাখাত জিলা পৰিষদৰ সদস্য পদৰ বাবে বিজেপি দলৰ শ্ৰীৰাম দাস , কংগ্ৰেছ দলৰ নৱজ্যোতি দাস আৰু অগপ দলৰ পৰমানন্দ দাসে মনােনয়ন পত্র দাখিল কৰে ।

উল্লেখ্য যে বোকাখাত মহকুমাৰ চাৰিখন জিলা পৰিষদ এলেকাৰ মুঠ ১,২৯,২৫৭ গৰাকী ভােটাৰে অহা ৫ ডিচেম্বৰত মহকুমাটোৰ মুঠ ২০৩টা ভোটকেন্দ্ৰত মতদান কৰিব ৷ ইয়াৰে ৬৬,০০৯ গৰাকী পুৰুষ ভােটাৰ আৰু ৬৩,২৪৮ গৰাকী মহিলা ভােটাৰ ।

মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয় আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ত এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷

মন কৰিব লগীয়া যে বিজেপিৰ কেন্দ্ৰীয় সম্পাদক দেৱপ্ৰদীপ বৰাই তৃণমূল পৰ্যায়ত এতিয়াও দলীয় বুজাবুজি আছে বুলি কোৱাৰ লগতে বোকাখাতত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হ’ব বুলি তাৎপৰ্যমূলক মন্তব্য প্ৰকাশ কৰে ৷

আনহাতে বোকাখাতত পঞ্চায়ত দখল কৰিব পৰাতো ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাৰ বাবে সন্মানৰ বিষয় হৈ পৰিছে।