DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্চায়তীৰাজ ব্যৱস্থাই ঢুকি পোৱা নাই ফুলনিআটি আদৰ্শ গাঁও

মিণ্টু দাস by মিণ্টু দাস
November 13, 2018 12:27 pm
be9aafac-95b3-4ec8-9dc4-f08bd9965ea6

বটদ্রবাৰ ফুলনিআটি আদৰ্শ গাঁৱ। ফটো : নৰ্থইষ্ট নাও

309
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলনিআটি আদৰ্শ গাঁও।  আজিও নিস্পেষিত হৈ আছে গাঁওখনৰ কিছু সংখ্যক লোকৰ জীৱন। অসম আন্দোলনৰ তেজে ধোৱা সময়ৰ পিচত ১৯৮৪ চনত ভূমিহীন এই লোকসকলক তদানীন্তন কংগ্ৰেছ চৰকাৰে বটদ্ৰৱা বিধান সভা সমষ্টিৰ নিজ হাতীচোং গাঁও পঞ্চায়তৰ ফুলনিআটিৰ পাৰ্শ্বৱৰ্তী এটা অঞ্চলত সংস্থাপিত কৰিছিল।

মায়ং, ন-সত্ৰ, কুৰুৱাবাহী, টুকুৰাবাহী, লেলাইবৰি, ভুৰবন্ধা আদি অঞ্চলৰ পৰা অহা ভূমিহীন এই লোকসকলক চৰকাৰে প্ৰায় একবিঘা ভূমি দি সংস্থাপিত কৰা গাঁওখনৰ নাম দিয়া হৈছিল আদৰ্শ গাঁও। গাঁওখনৰ নাম আদৰ্শ গাঁও দিয়া হৈছিল ঠিকেই কিন্তু বিগত ৩৪ বছৰ ধৰি অৱহেলিত, বঞ্চিত হৈয়ে ৰ’ল এই গাঁওবাসী।

গাঁওখনৰ বাসিন্দাসকলক দিয়া চৰকাৰী ভূমিও আজি পৰ্যন্ত ম্যাদি পট্টা হোৱা নাই। অথচ এই গাঁওখনৰ পৰা মাত্ৰ আধা কিলোমিটাৰ দূৰত্বত অৱস্থিত আন গাঁওসমূহৰ বাসিন্দাসকলৰ জীৱন যাত্ৰা স্বচ্ছল আৰু আধুনিক। ইয়াৰ বিপৰীতে ফুলনিআটিৰ আদৰ্শ গাঁৱত আজি পৰ্যন্ত হোৱা নাই বিদ্যুতৰ ব্যৱস্থা।

প্ৰতিটো নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলৰ নেতা-পালিনেতাসকল গাঁওখনত ভোট বিচাৰি আহি গাঁওবাসীৰ জীৱন প্ৰবাহৰ উন্নীতকৰণৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু নিৰ্বাচন যোৱাৰ পিচতেই পাহৰি যায় এই প্ৰতিশ্ৰুতি।

003cfba2-e124-44a9-a4a6-4dee2a048ae3
বটদ্ৰৱাৰ ফুলনিআটি আদৰ্শ গাঁৱ। ফটো : নৰ্থইষ্ট নাও

জানিব পৰামতে, ২০১৪-১৫ বৰ্ষতে গাঁওখনত সেই সময়ৰ তদানীন্তন কংগ্ৰেছ চৰকাৰখনৰ কাৰ্যকালত ৰাজীৱ গান্ধী গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিৰ অধীনত বিদ্যুত সংযোগ কৰাৰ কথা আছিল। বটদ্ৰৱা সমষ্টিৰ সেই সময়ৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী গৌতম বৰাই গাঁওবাসীক প্ৰতিশ্ৰুতি দিছিল যে গাঁওখনত বৈদ্যুতিকৰণৰ ব্যৱস্থা কৰি দিব। কিন্তু পৰবৰ্তী সময়ত সেই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হ’ল।

একেদৰে ২০১৬ বৰ্ষত ৰাজ্যত গঠন হ’ল বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। বটদ্ৰৱা সমষ্টিৰ বিধায়িকা হ’ল মোহময়ী অভিনেত্ৰী আঙুৰলতা ডেকা। জাতি-মাটি-ভেটিৰ পৰিবৰ্তনৰ কথা কোৱা বিজেপি মিত্ৰজোঁ‌টৰ চৰকাৰখনৰ দিনতো গাঁওবাসীয়ে সপোন দেখিছিল গাঁওখনত বিদ্যুতৰ সংযোগ হ’ব, পোহৰৰ মুখ দেখিব গাঁওবাসীয়ে। কিন্তু বিগত আঢ়ৈ বছৰে সেই সপোন বাস্তৱায়িত নহ’ল। দাৰিদ্ৰতা আৰু দু:সময়ৰ কলীয়া ডাৱৰে আৱৰি ৰখা গাঁওবাসীয়ে আজিপৰ্যন্ত লাভ নকৰিলে বিদ্যুতৰ পোহৰো।

শেহতীয়াকৈ পুনৰ গাঁওবাসীয়ে বিধায়িকা আঙুৰলতা ডেকাক লগ ধৰি গাঁওখনত দীনদয়াল গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিৰ অধীনত বিদ্যুত সংযোগ দিয়াৰ আহ্বান জনায়। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত পূৰ্বৰ ৰাজনৈতিক নেতা-পালিনেতাসকলৰ দৰে গাঁওখনত বিদ্যুত সংযোগ দিয়াৰ একেই প্ৰতিশ্ৰুতি দিছে বিধায়িকা আঙুৰলতা ডেকাই। কিন্তু কাৰ্যত: বিদ্যুত সংযোগ কেতিয়া হ’ব সেইয়া অনিশ্চিত।

পূৰ্বৰ দৰে কেৱল প্ৰতিশ্ৰুতিতে ই সীমাবদ্ধ থকাৰ আশংকাত ভুগিছে গাঁওবাসীয়ে। কেৱল বিদ্যুত সংযোগেই নহয়, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালৰ ইন্দিৰা আবাস যোজনা আৰু বৰ্তমানৰ বিজেপি চৰকাৰখনৰ কাৰ্যকালৰ প্ৰধান মন্ত্ৰী আবাস যোজনাৰ পৰাও বঞ্চিত গাঁওখনৰ অধিকাংশ বাসিন্দা।

গাঁওবাসীৰ পৰা জানিব পৰামতে কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ১১ টা ইন্দিৰা আবাস যোজনাৰ গৃহ লাভ কৰাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ কাৰ্যকালত মাত্ৰ ২ টাহে প্ৰধান মন্ত্ৰী আবাস যোজনাৰ গৃহ গাঁওবাসীয়ে লাভ কৰিছে। গাঁওখনৰ অধিকাংশ লোকেই উৰুখা পঁজাতে বসবাস কৰিব লগীয়া হয়।

তদুপৰি, গাঁওখনৰ বহু কেইটা পৰিয়ালৰ সুলভ মূল্যৰ সামগ্ৰী পাবলগীয়া ৰেচন কাৰ্ড সংশ্লিষ্ট কৰ্তৃপক্ষই কাটি দিছে। আনহাতে, বহুকেইটা পৰিয়ালে লাভ কৰা নাই ৰেচন কাৰ্ড। স্বাভাৱিকতে সেয়ে গাঁওখনৰ বহু বাসিন্দাই খাদ্য সুৰক্ষা যোজনাৰ আঁচনিৰ লগতে চৰকাৰীভাৱে পাবলগীয়া কেৰাচিন তেলকে ধৰি বিভিন্ন সুলভ মূল্যৰ সামগ্ৰী উপযুক্তভাৱে লাভ কৰা নাই। বিশেষকৈ এপিনে কেৰচিন তেলৰ অভাৱ আনপিনে গাঁওখনত বিদ্যুত সংযোগ নোহোৱাৰ বাবে গাঁওবাসীয়ে বহু নিশা অন্ধকাৰতে কটাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়।

আনহাতে, ভুতৰ ওপৰত দানহৰ দৰে বাৰিষা সোণাই নৈৰ  বান আহিলে গাঁওখন প্লাৱিত হয়। এনে ক্ষেত্ৰত গাঁওবাসীয়ে পথৰ ওপৰত অস্থায়ী কেম্প কৰি থাকিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হয়। কেৱল ফুলনিআটি আদৰ্শ গাঁওখনেই নহয়, বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত পাঘালী গাঁও পঞ্চায়তৰ কচৌবাৰী, চাবুকধৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত পাউলিগুৰিৰ আদিৰ লগতে সমষ্টিটোৰ বিলপাৰ, দক্ষিণ বৰচিলা আদি বহু গাঁৱত বিদ্যুৎ সংযোগ নাই।

নিৰ্বাচনৰ সময়ত এই গাঁও সমূহৰ ৰাইজক ৰাজনৈতিক দলৰ নেতা-পালিনেতাই বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে, পোহৰৰ সপোন দেখুৱায়। কিন্তু তেওঁলোকৰ ভোট লাভ কৰি নিৰ্বাচিত হোৱাৰ পিচত পাহৰি যায় সকলো প্ৰতিশ্ৰুতি। নিয়ম অনুযায়ী কোনো অঞ্চলত যদি এঘৰো দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোক থাকে তেন্তে সেই ঘৰ মানুহে দীনদয়াল গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ পাব লাগে। এনে অৱস্থাত উল্লেখিত গাঁওসমূহৰ শতাধিক দৰিদ্ৰ পৰিয়ালে বছৰ বছৰ ধৰি বিদ্যুতৰ সংযোগ লাভ নকৰা কাৰ্যই চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপটোকে উন্মোচিত কৰিছে।

উল্লেখ্য যে, কংগ্ৰেছ, বিজেপি সকলো ৰাজনৈতিক দলেই পঞ্চায়তী ৰাজ ব্যৱস্থাটো অথবা বিভিন্ন চৰকাৰী আঁচনিক লৈ চিণ্ডিকেটৰাজহে চলাই আহিছে। এই সময়ত তীব্ৰ গণতান্ত্ৰিক সংগ্ৰামৰ বাহিৰে নিস্পেষিত, শোষিত এই লোকসকলৰ মুক্তি অসম্ভৱ। ফুলনিআটি আদৰ্শ গাঁৱৰদৰে কচৌবাৰী, পাউলিগুৰী, বিলপাৰ আদি গাঁওসমূহৰ বাসিন্দাসকলো বহু চৰকাৰী আঁচনিৰ পৰা বঞ্চিত।

যাতায়তৰ সু-ব্যৱস্থা, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আদি নাই এই অঞ্চল সমূহত। স্বচ্ছতা অভিযানৰ বিভিন্ন আঁচনিৰ পৰাও বঞ্চিত এই লোকসকল। আৰ্থিক দীনতাত কোঙা হৈ পৰা এই পৰিয়ালসমূহে প্ৰতিনিয়ত দাৰিদ্ৰতাৰ বিৰুদ্ধে সংগ্ৰাম কৰি জীয়াই থাকিব লাগে। পৰিবৰ্তনৰ শ্লোগান দি শাসনৰ গাদীত বহা বিজেপি মিত্ৰজোঁ‌টৰ চৰকাৰখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকা, পাহাৰ-ভৈয়ামৰ উন্নয়নৰ কথাৰ লগতে ‘সবকে সাথ সবকে বিকাশ’ বুলি বিভিন্ন সভা সমিতিত কয় যদিও এনে বহু ভিতৰুৱা গাঁৱৰ বাসিন্দাৰ দুৰাৱস্থাই উন্নয়নৰ প্ৰকৃত ৰূপটো যেন উন্মোচিত কৰিছে।

Recent News

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

অসমীয়াৰ মননশীলতা

অসমীয়াৰ মননশীলতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd