• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১০ জানুৱাৰীৰ পূৰ্বেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন : সাজু হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগ

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , October 11, 2018 6:20 pm

2 min read

Panchayat-768x442

প্ৰতিনিধিত্বমূলক ছবি

252
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত বহুসংখ্যক কৰ্মচাৰী ব্যস্ত হৈ থকাৰ অজুহাতত পিচুৱাই থকা পঞ্চায়ত নিৰ্বাচন পাতিবলৈ অৱশেষত সাজু হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগে।

‘২০১৯’ৰ ১০ জানুৱাৰীৰ ভিতৰতেই ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন’,- নৰ্থ-ইষ্ট নাওক এই কথা জানিবলৈ দিয়ে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই।

উল্লেখ্য যে যোৱা ৯ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৫ জানুৱাৰীৰ পূৰ্বেই পঞ্চায়ত নিৰ্বাচন পাতিবলৈ চৰকাৰক কঢ়া নিৰ্দেশ দিছে। ন্যায়ালয়ে লগতে পঞ্চায়ত নিৰ্বাচনৰ বাবে আৰু সময় নিবিচাৰিবলৈও কৈছে।

আগন্তুক নিৰ্বাচন সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্ত বৰাই কয়, ‘’উচ্চ ন্যায়ালয়ে যিহেতু ১৫ জানুৱাৰীৰ ভিতৰত এই নিৰ্বাচন পাতিবলৈ কৈছে গতিকে আমি জানুৱাৰীৰ ১০ তাৰিখৰ ভিতৰতে সমগ্ৰ প্ৰক্ৰিয়া শেষ কৰাৰ ব্যৱস্থা লৈছো। কাৰণ ১৩ জানুৱাৰীৰ পৰা ভোগালী বিহু আৰম্ভ হ’ব আৰু সকলোৱে বিহুক লৈ ব্যস্ত হ’ব লাগিব। সেয়ে তাৰ আগতেই পঞ্চায়ত নিৰ্বাচনৰ কাম শেষ কৰা হ’ব।‘’

আনহাতে, এই নিৰ্বাচন সমগ্ৰ ৰাজ্যখনত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব বুলি ৰাজ্যিক নিৰ্বাচন আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। লগতে পূজাৰ পাছতেই নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।

উল্লেখ্য যে, পূৰ্বে ২৯ মে’ত উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশত ৰাজ্য চৰকাৰক ১৫ ছেপ্টেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন  পাতিবলৈ আদেশ দিছিল। কিন্তু চৰকাৰে পুনৰ সেই সময়সীমা বৃদ্ধি কৰিবলৈ আৱেদন জনাইছিল ন্যায়ালয়ত।

এই আৱেদনৰ ৯ অক্টোবৰত শুনানি লৈ সকলো কথা চালি-জাৰি চাই ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ চূড়ান্ত সময়সীমা পুনৰ বান্ধি দিয়ে চৰকাৰক।

Recent News

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

index.jpg

কাশ্মীৰৰ কুলগামত আইডি বিস্ফোৰণ : ১ গৰাকী জোৱান নিহত, আহত ৩ জোৱান

a ulfa

সময়সীমা বান্ধি দিলে আলফাই: ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত মুক্তিপণ আদায় নিদিলে হত্যা কৰিব অপহৃত বিষয়া ৰাম কুমাৰক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd