NORTHEAST NOW (Assamese)

Swain fever: শিৱসাগৰত আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক; এই ৰোগত আক্ৰান্ত হৈ শতাধিক গাহৰিৰ মৃত্যু

July 16, 2022 2:21 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ
ফটো: নৰ্থইষ্ট নাও।

Swain fever শিৱসাগৰত আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক বিয়পিছে। আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ শতাধিক গাহৰিৰ মৃত্যু ঘটাৰ পিছতে এইদৰে আতংক বিয়পিছে।

এই কথা জানিবলৈ দিছে শিৱসাগৰ জিলা পশু পালন বিভাগৰ বিষয়াই।

জিলাখনৰ খঙ্গীয়া গাওঁ, দিহিং কলঘৰ আৰু জালুকনি বিলত ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ ঘটিছে।

লগতে পঢ়ক: অসম ৰাজ্যিক পৰিবহণ নিগমৰ ২,২৭৪ জন কৰ্মচাৰীক চাটাইৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ

এই ৰোগত আক্ৰান্ত হৈ বৰ্তমান সময়লৈকে প্ৰায়  ২৮০ টা গাহৰিৰ মৃত্যু হোৱা বুলি জানিবলৈ দিছে জিলা পশুপালন বিষয়াগৰাকীয়ে।

অঞ্চলটোত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ থকা গাহৰি সমূহো নিধন কৰাৰ পৰামৰ্শ দিয়া হৈছে।

লগতে পঢ়ক: Cotton University: কটনিয়ানৰ বিজেপিত যোগদানৰ ঢৌ! গেৰুৱা শিৱিৰত যোগদান কটন বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি নিয়ৰ ডেকাৰ

বাকী অঞ্চললৈ যাতে ৰোগ বিয়পি পৰিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে।

ছোৱানই ফিভাৰ ধৰা পৰা অঞ্চলত নিষিদ্ধ কৰা হৈছে গাহৰি মাংসৰ সৰবৰাহ। 

Related News