NORTHEAST NOW (Assamese)

ভাৰত-বাংলাদেশ সীমান্ত অঞ্চল পৰিদৰ্শন বি এছ এফৰ অতিৰিক্ত সঞ্চালক পংকজ কুমাৰ সিঙৰ

February 2, 2021 7:25 pm · এন ই নাও নিউজ
উৎস-ইণ্টাৰনেট

মঙলবাৰে কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমা পৰিদৰ্শন কৰে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ অতিৰিক্ত সঞ্চালক পংকজ কুমাৰ সিঙে।

ভাৰত-বাংলাদেশ সীমান্ত অঞ্চল পৰিদৰ্শন কৰাৰ পাছতে অতিৰিক্ত সঞ্চালক গৰাকীয়ে অতি শীঘ্ৰে সীমান্তৰ পহৰাত ডগ স্কোৱাড মোতায়ন কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে।

মূলত সীমান্ত অঞ্চলেৰে চলি অহা অবৈধ বেহা-ব্যাৱসায়ৰ কাম-কাজ ৰোধ কৰাৰ বাবেই এই বিশেষ ডগ স্কোৱাড মোতায়ন কৰা হ’ব বুলি সিঙে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, মঙলবাৰে বি এছ এফৰ অতিৰিক্ত সঞ্চালক গৰাকীয়ে দিল্লীৰ পৰা কুম্ভীৰগ্ৰাম বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে কৰিমগঞ্জত উপস্থিত হয় সীমান্ত অঞ্চল পৰিদৰ্শনৰ বাবে।

বি এছ এফৰ বিষয়া গৰাকীয়ে কৰিমগঞ্জ জিলা প্ৰশাসনৰ সৈতে অবৈধ নিষিদ্ধ ড্ৰব্যৰ সৰবৰাহ, অবৈধ পশুধনৰ চোৰাং সৰবৰাহ ইত্যাদি বিষয়তো এক আলোচনাত অংশগ্ৰহণ কৰে।

Related News