• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১০ মাহৰ বিৰতিৰ অন্তত ৬ ফেব্ৰুৱাৰিৰ পৰা সাধাৰণ দৰ্শকৰ বাবে পুনৰ মুকলি হ’ব ৰাষ্ট্ৰপতি ভৱন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 2, 2021 6:48 pm

2 min read

১০ মাহৰ বিৰতিৰ অন্তত ৬ ফেব্ৰুৱাৰিৰ পৰা সাধাৰণ দৰ্শকৰ বাবে পুনৰ মুকলি হ’ব ৰাষ্ট্ৰপতি ভৱন
154
VIEWS
Share on FacebookShare on Twitter

জনসাধাৰণৰ বাবে ৬ ফেব্ৰুৱাৰিৰ পৰা পুনৰ মুকলি হ’ব ৰাষ্ট্ৰপতি ভৱন।

কোভিডৰ সংক্ৰমণৰ বাবে বিগত ১০ মাহৰো অধিক কাল বন্ধ হৈ থকাৰ পাছত পুনৰ দৰ্শনাৰ্থীৰ বাবে ৰাষ্ট্ৰপতি ভৱন মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

চৰাকী বন্ধৰ বাদে শনিবাৰ আৰু দেওবাৰে ৰাষ্ট্ৰপতি ভৱন খোলা থাকিব।

বিভাগীয় ৱেবচাইটত প্ৰকাশ পোৱা অনুসৰি দৰ্শনাৰ্থীয়ে ৰাষ্ট্ৰপতি ভৱন দৰ্শন কৰাৰ উদ্দেশ্যে ৫০ টকা ব্যয়েৰে অনলাইন বুকিং কৰিব লাগিব।

‘‘সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ ৰাষ্ট্ৰপতি ভৱন দৰ্শনৰ ১০.৩০ বজা, ১২.৩০ বজা আৰু ২.৩০ বজাৰ প্ৰৱেশৰ সময়ত মাত্ৰ ২৫ গৰাকীকৈহে দৰ্শনাৰ্থীক প্ৰৱেশ কৰিব দিয়া হ’ব,’’ বিভাগীয় ৱেবচাইটত এইদৰে প্ৰকাশ পায়।

কোভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ঐতিহাসিক ৰাষ্ট্ৰপতি ভৱন বিগত বৰ্ষৰ মাৰ্চৰ ১৩ তাৰিখৰ পৰা বন্ধ ৰখা হৈছিল।

আনহাতে, বৰ্তমান সময়ত ৰাষ্ট্ৰপতি ভৱন দৰ্শন কৰিবলগীয়া লোক সকলে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব মানি চলাকে ধৰি সকলো কোভিড প্ৰট’কল মানি চলিব লাগিব।

ৰাষ্ট্ৰপতি ভৱনৰ উপৰিও ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনো ৬ ফেব্ৰুৱাৰিৰ পৰা সাধাৰণ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ’ব।

ৰাতিপুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ ছয় ঘণ্টাৰ বাবে সাধাৰণ নাগৰিকৰ বাবে মোগল গাৰ্ডেন মুকলি কৰি দিয়া হ’ব।

সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰপতি ভৱন দৰ্শনৰ সময়ত মোবাইল, বেগ, পানীৰ বটল ইত্যাদি সামগ্ৰী দৰ্শনাৰ্থীয়ে ভিতৰলৈ লৈ যাব নোৱাৰিব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে।

 

Recent News

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

210228015049-03-myanmar-protest-0228-mandalay-exlarge-169

ৰক্তাক্ত ম্যানমাৰ : আৰক্ষীৰ গুলীত নিহত সাতগৰাকী প্ৰতিবাদকাৰী; গুলীবিদ্ধ বহু প্ৰতিবাদকাৰী

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

1000_1200x768

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত হংকঙত ৪৭ বিৰোধী নেতাক গ্ৰেপ্তাৰ চীন নিয়ন্ত্ৰাধীন কৰ্তৃপক্ষৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd