NORTHEAST NOW (Assamese)

কেৰালা চৰকাৰৰ আদৰ্শ ল’বলৈ সোণোৱালক আহ্বান কাগজ কল পুনৰুজ্জীৱিতকৰণ সমিতিৰ

May 8, 2019 10:20 am · এন ই নাও নিউজ
Updated: May 8, 2019 1:38 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰি তুলিব বুলি কৰা মন্তব্যক দুয়োটা কলৰ জইণ্ট একশ্বন কমিটিয়ে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হিচাপে অভিহিত কৰিছে।

মঙলবাৰে এইচ পি চি ৰিভাইভেল কমিটিৰ মুখ্য আহ্বায়ক মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে নতুন দিল্লীত আয়োজিত এক সংবাদমেলৰ জৰিয়তে কয় যে মু্খ্য মন্ত্ৰীগৰাকীৰ কথাৰ কোনো মূল্য নাই। কল দুটা পুনৰুজ্জীৱিত কৰাৰ ইচ্ছা আছিল যদি ইমানদিনে কি কৰি আছিল বুলি প্ৰশ্ন কৰে সোণোৱালক।

ইয়াৰ উপৰি মেছাৰ্ছ এলয় এণ্ড মেটেল নামৰ এটা যোগনীয়া প্ৰতিষ্ঠানক মাত্ৰ ৯৮ লাখ টকা বকেয়াৰ অজুহাতত নেশ্যনেল কোম্পানী আইন ন্যায়াধিকৰণত গোচৰ ৰুজু কৰি ৰাজহুৱা খণ্ডৰ উদ্যোগ দুটা ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় কাম-কাজ সম্পূৰ্ণ কৰি তোলা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

এই সন্দৰ্ভত সংবাদমেলত কয় যে ৰাজ্য চৰকাৰে ইচ্ছা কৰা হ’লে কাগজ কল দুটাৰ মালিকানা হস্তগত কৰিব পাৰিলেহেতেন। একেই অৱস্থা কেৰালাৰ কাগজ কলৰো হৈছিল। কিন্তু কেৰালা চৰকাৰে কেন্দ্ৰৰ পৰা কাগজ কলটোৰ মালিকানাৰ দাবী জনাইছে। ইতিমধ্যে এই সন্দৰ্ভত কেন্দ্ৰলৈ পত্ৰও প্ৰেৰণ কৰিছে। যদিহে কেৰালা চৰকাৰে কাগজ কলটো জীয়াই ৰখাৰ স্বাৰ্থত এনে কৰিব পাৰে তেন্তে অসম চৰকাৰে কিয় নোৱাৰে বুলি সোণোৱাল চৰকাৰক প্ৰশ্ন চক্ৰৱৰ্তীৰ।

উল্লেখ্য যে যদিহে ৩ জুনৰ ভিতৰত ৰাজ্য চৰকাৰে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ৩ জুনত কাগজ কল দুটাক আনুষ্ঠানিকভাৱে দেউলীয়া ঘোষণা কৰি দিয়া হ’ব। লগে লগে কৰ্মহীন হৈ পৰিব কল দুটাত কৰ্মৰত ১১৯০ গৰাকী কৰ্মচাৰী। সেয়ে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে ৰাজ্য চৰকাৰক কাতৰে অনুৰোধ জনাইছে চক্ৰৱৰ্তীয়ে।

Related News