কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত হাইলাকান্দিত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰ্মচাৰীৰ

প্রতিনিধিত্বমূলক চিত্র

নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত কাগজ কল দুটাৰ যৌথ শ্ৰমিক ঐক্য মঞ্চৰ উদ্যোগত আজি হাইলাকান্দিৰ পাঁচগ্ৰামত কৰ্মচাৰী সকলে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে।

কাগজ কল দুটা শীঘ্ৰে কাৰ্যক্ষম কৰা, দুবছৰ ধৰি অনাদায় হৈ থকা কৰ্মচাৰী সকলৰ দৰমহা শীঘ্ৰে আদায় দিয়া আদিৰ দাবীত কাগজ কল দুটাৰ কৰ্মচাৰীয়ে আজি হাইলাকান্দিৰ পাঁচগ্ৰামত ৫৩ আৰু ১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলত ঘাইপথ অৱৰোধ কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

ৰাতিপুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা পথ অৱৰোধ কাৰ্যসূচীত কাগজ কল দুটাৰ কৰ্মচাৰীৰ উপৰি বৰাক উপত্যকাৰ কেইবাটাও দল-সংগঠনে যোগদান কৰিছে। দিনৰ ১ বজালৈ এই অৱৰোধ কাৰ্যসূচী চলি থাকিব বুলি জানিব পৰা যায়।

উল্লেখ্য যে যৌথ শ্ৰমিক ঐক্য মঞ্চই আহ্বান জনোৱা অৱৰোধ কাৰ্যসূচীৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে আবদ্ধ হৈ পৰিছে শ শ যান-বাহন।

দীৰ্ঘদিনে বঞ্চনাৰ বলি হৈ অহা শ্ৰমিক সকলৰ প্ৰতিবাদত উত্তাল হৈ পৰা ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰাৰ বাবে প্ৰতিবাদস্থলত আৰক্ষী উপস্থিত হৈ যৌথ শ্ৰমিক ঐক্য মঞ্চৰ সভাপতি মানৱেন্দ্ৰ চক্ৰৱৰ্তীক আটক কৰি থানালৈ লৈ যোৱাত পৰিস্থিতি কিছু উত্তাল হৈছিল যদিও পৰৱৰ্তী সময়ত সেয়া নিন্ত্ৰনলৈ আহে।

মন কৰিবলগীয়া যে চৰকাৰৰ ফালৰ পৰা কেৱল আলোচনা আৰু আশ্বাসৰ মাজতে সীমাবদ্ধ হৈ থকা কাগজ কল পুনৰুজ্জীৱিত কৰণৰ বিষয়টোত কৰ্মচাৰী সকল যথেষ্ট পৰিমাণে হতাশ হৈ পৰাৰ লগতে আৰ্থিকভাৱেও তীব্ৰ সংকটত ভুগা পৰিলক্ষিত হৈছে। সেয়ে কৰ্মচাৰীসকলে ৰাজপথলৈ ওলাই আহি নিজৰ প্ৰাপ্যৰ বাবে বিগত কিছু দিনৰ পৰা ধাৰাবাহিকভাৱে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।