• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“মই আপোনাৰ নামত কুকুৰ পুহিম”, দেৱেন দত্তক আক্ৰমণ পৰমানন্দ ৰাজবংশীৰ

৮৫ চনতেই তেওঁক মন্ত্ৰীপদ যঁচা হৈছিল বুলি দাবী সাহিত্য সভাৰ সভাপতিজনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 25, 2019 9:34 am
Paramananda Rajbongshi vs Deven Dutta
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী পুনৰ বিতৰ্কৰ মাজলৈ আহিছে ৰাজ্যৰ এজন বিশিষ্ট লোকৰ প্ৰতি অশোভনীয় মন্তব্য কৰি।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ ক্লিপত ৰাজবংশীয়ে সক্ৰিয় ৰাজহুৱা কৰ্মী বুলি খ্যাত, ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক দেৱেন দত্তক অমাৰ্জিত শব্দ, ভাষা ব্যৱহাৰ কৰি অধ্যাপকজনে লিখা এটা লেখাৰ প্ৰত্যুত্তৰ দিয়া দেখা গৈছে।

Apply Now

ভিডিঅ’টোত পৰমানন্দ ৰাজবংশীৰ অভিযোগ যে আমাৰ অসম কাকতত দেৱেন দত্তই, যিজনক তেওঁ সদায়ে শ্ৰদ্ধা কৰি আহিছে, তেওঁৰ বিৰুদ্ধে কিছুমান মিছা অভিযোগ অনাৰ লগতে তেওঁক ৰাজবংশী বুলি ইতিকিং কৰিছে।

ক্ষুভিত ৰাজবংশীয়ে কয় “হে মোৰ শ্ৰদ্ধাৰ দত্তদেৱ, ৰাজবংশী বুলি ইতিকিং নকৰিব মোক। আমাৰ অসমৰ দৰে এখন গুৰুত্বপূৰ্ণ কাকতত ৰাজবংশী বুলি ইতিকিং কৰিছে মোক। ৰাজবংশী হ’লেও মই অসমীয়া, মই ভাৰতীয়”।

আনহাতে অভিযোগবোৰ সঁচা প্ৰমাণ কৰিবলৈ অধ্যাপক দত্তক প্ৰত্যাহ্বান জনাই সাহিত্য সভাৰ সভাপতিজনৰ হুংকাৰ, “আপোনাক মই এই কাৰণে বুঢ়া আঙুলি দেখুৱাইছো। এটা বাক্য যদি আপুনি সঁচা বুলি প্ৰমাণ কৰিব পাৰে, তেতিয়া হ’লে মোৰ নামত আপুনি কুকুৰ পুহিব। আৰু যদি নোৱাৰে আপোনাৰ নামত মই কুকুৰ পুহিম”।

দত্তক আগৰ পৰাই শ্ৰদ্ধা কৰা বুলি জানিবলৈ দি তেওঁ আক্ষেপ কৰি কয়, “যিজন মানুহক মই ইমান শ্ৰদ্ধা কৰো, সেইজন মানুহে ইমান অকথ্য কথা লিখিব পাৰে, ইমান মনেসজা কথা লিখিব পাৰে, ইমান বেয়া কথা লিখিব পাৰে, সেই ক্ষোভটো মনত আছে বাবেই আজি মই উজাৰি দিছো”।

ভিডিঅ’টোত ৰাজবংশীয়ে আঙুলি টোঁৱাই টোঁৱাই দেৱেন দত্তক “খবৰদ্দাৰ কৰি দিছো” বুলি কয়।

তেওঁৰ বক্তব্যৰ পৰা জনা যায়, ৰাজবংশীয়ে পৰৱৰ্তী অসম বিধানসভা নিৰ্বাচনত ছিপাঝাৰ সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচন খেলিব বাবেই অসম সাহিত্য সভালৈ দ্বিতীয়বাৰলৈ নিৰ্বাচিত হোৱাৰ পৰা বিৰত থাকিল বুলি দত্তই তেওঁৰ লেখাটোত অভিযোগ কৰিছে।

ইয়াৰ প্ৰত্যুত্তৰত ৰাজবংশীয়ে কয়, “৮৫ চনতেই মোক মন্ত্ৰীপদ যঁচা হৈছিল। কিন্তু মই নসাৎ কৰি আমাৰ সমষ্টিৰ মানুহ নহয় যদিও আমাৰ জ্যেষ্ঠ সতীৰ্থ জয়নাথ শৰ্মাক আমাৰ সমষ্টিৰ পৰা ময়েই বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিলো। বৃন্দাবন গোস্বামী, প্ৰফুল্ল মহন্তই এইবোৰ কথা জানে”।

তেওঁ সমষ্টিৰ মানুহে তেতিয়াৰ পৰাই তেওঁক বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হেঁচা দি আহিছে বুলিও দাবী কৰে।

এই লেখাৰ পিছত দত্তৰ প্ৰতি শ্ৰদ্ধা নাইকিয়া হ’ল বুলি মন্তব্য সাহিত্য সভাৰ সভাপতিজনৰ। “তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধা নাইকিয়া হ’ল। তেখেতে জানে নে নাজানে যে অসম সাহিত্য সভাৰ পৱিত্ৰ সংবিধানৰ ৰক্ষাকৰ্তা হৈছো মই”, ৰাজবংশীয়ে কয়।

তাৰোপৰি দত্তক বৰডুমচা অধিৱেশনৰ কথা সোঁৱৰাই দি কয় “সম্পাদক প্ৰশান্ত ৰাজগুৰুৰ আমাৰ অসম কাকততে বৰডুমচাৰ অধিৱেশনত আপোনাৰ ভাষণৰ সময়ত হাজাৰ হাজাৰ মানুহ থকা সত্ত্বেও তাৰ দৃশ্য হিচাপে খালী চকী দেখুৱাই সাহিত্য সভাক ইতিকিং কৰিছিল, এতিয়াও আপুনি চালে পাব”।

আনহাতে অসম সাহিত্য সভাৰ সভাপতিৰ পদত থাকি এনে অশোভনীয় শব্দৰ প্ৰয়োগ কৰা বাবে ছ’চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হৈছে পৰমানন্দ ৰাজবংশী।

ছ’চিয়েল মিডিয়াত এজনৰ মন্তব্য, “তেওঁৰ ক্ষোভ যিয়েই নহওক, অসম সাহিত্য সভাৰ সভাপতি হৈ এনে নিম্নস্তৰৰ ভাব ভাষা কেনেকৈ ব্যৱহাৰ কৰিব পাৰে”।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

October 12, 2026 6:00 pm
মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd