• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ছত্তীশগড়ত মাওবাদীৰ গুলীচালনাত চি আৰ পি এফৰ কমাণ্ডো জোৱানৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 30, 2022 6:55 am
CRPF Commando Killed In Chhattisgarh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাওবাদী অধ্যুষিত ৰাজ্য ছত্তীশগড়ৰ চুকমা জিলাত মঙলবাৰে সংঘটিত মাওবাদীৰ এক ভয়াৱহ আক্ৰমণত প্ৰাণ হেৰুৱাইছে এগৰাকী চি আৰ পি এফ কমাণ্ডোৰ। জিলাখনত থকা অৰ্ধসামৰিক বাহিনীৰ এটা শিবিৰৰ সমীপত মাওবাদীয়ে গুলীচালনা কৰাত চি আৰ পি এফৰ জংঘল যুদ্ধ ইউনিট কোব্ৰাৰ কমাণ্ডোগৰাকী নিহত হয়।

আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰা মতে, চিন্তাগুফা থানাৰ সীমাৰ অন্তৰ্গত ডাব্বাকোন্টা আৰু পেন্টাপাদ গাঁৱৰ মাজত এই ঘটনা সংঘটিত হয়।

Apply Now

ৰাজধানী চহৰ ৰায়পুৰৰ পৰা প্ৰায় ৪৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই শিবিৰটোত ৰাজ্য আৰক্ষীৰ জিলা ৰিজাৰ্ভ গাৰ্ড আৰু বিশেষ টাস্ক ফ’ৰ্চৰ কৰ্মীও নিয়োজিত হৈ আছিল বুলি তেওঁ লগতে কয়।

শিবিৰৰ কাষতে এটা টহলদাৰী দলে এলেকাটোত নিয়মিত অভিযানত ওলাই যোৱাৰ সময়তে মাওবাদীৰ এটা দলে টহলদাৰী দলটোৰ ওপৰত গুলীচালনা কৰে।

এনে অতৰ্কিত আক্ৰমণত প্ৰথম অৱস্থাত সেনাৰ দলটো বিপদৰ সন্মুখীন হয় যদিও পিছ মুহূৰ্ততে প্ৰতি আক্ৰমণ কৰৈ। ফনত দুয়োটা গোটৰ মাজত গুলীয়াগুলীৰ সৃষ্টি হয়। সেনাৰ প্ৰতি আক্ৰমণৰ পিছতে মাওবাদী দলটো সংঘৰ্ষ স্থলীৰ পৰা ঘন অৰণ্যলৈ পলায়ন কৰে বুলিও আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়।

সুন্দৰৰাজে লগতে কয়, “কমাণ্ডো বেটেলিয়ন ফৰ ৰিজ’লিউট একচনৰ ২০২ নং বেটেলিয়নৰ হেড কনিষ্টবল চুলেমান সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁক ওচৰৰ ভেজি গাঁৱৰ চি আৰ পি এফৰ ফিল্ড হস্পিতাললৈ স্থানান্তৰ কৰা হয় যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।”

শ্বহীদ হেড কনিষ্টবল চুলেমান কেৰালাৰ পালাক্কাড জিলাৰ বাসিন্দা আছিল বুলিও তেওঁ লগতে সদৰী কৰে। ইফালে সংঘৰ্ষৰ পিছতে অতিৰিক্ত নিৰাপত্তা বাহিনীক ততাতৈয়াকৈ সংঘৰ্ষস্থানলৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে, বিগত কিছু দিনত ছত্তীশগড়ত মাওবাদীৰ কাৰ্যকলাপ পুনৰ কিছু বৃদ্ধি পাইছে। শেহতীয়াকৈ বিজাপুৰ জিলাত সন্দেহযুক্ত মাওবাদীয়ে স্থাপন কৰা প্ৰেচাৰ ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) বিস্ফোৰণ ঘটাত চি আৰ পি এফৰ এজন কনিষ্টবল আহত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd