ছত্তীশগড়ত মাওবাদীৰ গুলীচালনাত চি আৰ পি এফৰ কমাণ্ডো জোৱানৰ মৃত্যু

CRPF Commando Killed In Chhattisgarh

মাওবাদী অধ্যুষিত ৰাজ্য ছত্তীশগড়ৰ চুকমা জিলাত মঙলবাৰে সংঘটিত মাওবাদীৰ এক ভয়াৱহ আক্ৰমণত প্ৰাণ হেৰুৱাইছে এগৰাকী চি আৰ পি এফ কমাণ্ডোৰ। জিলাখনত থকা অৰ্ধসামৰিক বাহিনীৰ এটা শিবিৰৰ সমীপত মাওবাদীয়ে গুলীচালনা কৰাত চি আৰ পি এফৰ জংঘল যুদ্ধ ইউনিট কোব্ৰাৰ কমাণ্ডোগৰাকী নিহত হয়।

আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰা মতে, চিন্তাগুফা থানাৰ সীমাৰ অন্তৰ্গত ডাব্বাকোন্টা আৰু পেন্টাপাদ গাঁৱৰ মাজত এই ঘটনা সংঘটিত হয়।

ৰাজধানী চহৰ ৰায়পুৰৰ পৰা প্ৰায় ৪৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই শিবিৰটোত ৰাজ্য আৰক্ষীৰ জিলা ৰিজাৰ্ভ গাৰ্ড আৰু বিশেষ টাস্ক ফ’ৰ্চৰ কৰ্মীও নিয়োজিত হৈ আছিল বুলি তেওঁ লগতে কয়।

শিবিৰৰ কাষতে এটা টহলদাৰী দলে এলেকাটোত নিয়মিত অভিযানত ওলাই যোৱাৰ সময়তে মাওবাদীৰ এটা দলে টহলদাৰী দলটোৰ ওপৰত গুলীচালনা কৰে।

এনে অতৰ্কিত আক্ৰমণত প্ৰথম অৱস্থাত সেনাৰ দলটো বিপদৰ সন্মুখীন হয় যদিও পিছ মুহূৰ্ততে প্ৰতি আক্ৰমণ কৰৈ। ফনত দুয়োটা গোটৰ মাজত গুলীয়াগুলীৰ সৃষ্টি হয়। সেনাৰ প্ৰতি আক্ৰমণৰ পিছতে মাওবাদী দলটো সংঘৰ্ষ স্থলীৰ পৰা ঘন অৰণ্যলৈ পলায়ন কৰে বুলিও আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়।

সুন্দৰৰাজে লগতে কয়, “কমাণ্ডো বেটেলিয়ন ফৰ ৰিজ’লিউট একচনৰ ২০২ নং বেটেলিয়নৰ হেড কনিষ্টবল চুলেমান সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁক ওচৰৰ ভেজি গাঁৱৰ চি আৰ পি এফৰ ফিল্ড হস্পিতাললৈ স্থানান্তৰ কৰা হয় যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।”

শ্বহীদ হেড কনিষ্টবল চুলেমান কেৰালাৰ পালাক্কাড জিলাৰ বাসিন্দা আছিল বুলিও তেওঁ লগতে সদৰী কৰে। ইফালে সংঘৰ্ষৰ পিছতে অতিৰিক্ত নিৰাপত্তা বাহিনীক ততাতৈয়াকৈ সংঘৰ্ষস্থানলৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে, বিগত কিছু দিনত ছত্তীশগড়ত মাওবাদীৰ কাৰ্যকলাপ পুনৰ কিছু বৃদ্ধি পাইছে। শেহতীয়াকৈ বিজাপুৰ জিলাত সন্দেহযুক্ত মাওবাদীয়ে স্থাপন কৰা প্ৰেচাৰ ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) বিস্ফোৰণ ঘটাত চি আৰ পি এফৰ এজন কনিষ্টবল আহত হৈছিল।