মৰ্মান্তিক! বন্দুক পৰিষ্কাৰ কৰাৰ সময়তে দুৰ্ঘটনাৱশত: গুলীয়ে প্ৰাণ ল’লে জোৱানৰ

CISF guard died

পঞ্জাৱৰ লুধিয়ানাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। দুৰ্ঘটনাৱশত: বন্দুকৰ গুলী ফুটি প্ৰাণ হেৰুৱাইছে এগৰাকী জোৱানে।

লুধিয়ানাৰ কংগ্ৰেছ সাংসদ ৰৱনীত সিং বিট্টুৰ চৰকাৰী বাসভৱনত নিয়োজিত আছিল কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, চমুকৈ চিআইএছএফৰ জোৱানজন।

শুকুৰবাৰে সাংসদজনৰ চৰকাৰী বাসভৱনত নিজৰ চাৰ্ভিছ পিষ্টলটোৰ পৰিষ্কাৰ কৰি আছিল জোৱানজনে। সেই সময়ত তেওঁ নিজ কোঠাত অকলে আছিল।

কিন্তু অসাৱধানতাৱশতঃ তেওঁৰ বন্দুকৰ পৰা এটা গুলী নিৰ্গত হয় আৰু গুলীটোৱে জোৱানজনৰ থুঁতৰিৰে সোমাই মূৰৰ মাজেৰে উলাই যায়।

এই ঘটনাত লগে লগে প্ৰাণ হেৰুৱায় জোৱানজনে। নিহত জোৱানজনক উত্তৰ প্ৰদেশৰ সন্দীপ সিং বুলি চিনাক্ত কৰা হৈছে।

গুলীবৰ্ষণৰ শব্দ শুনি তেওঁৰ সহযোগী জোৱানসকল তাৎক্ষণিকভাৱে সন্দীপৰ কোঠাত উপস্থিত হয় আৰু তেওঁক তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰে।

নিহত সন্দীপ সিঙৰ মৃতদেহ স্থানীয় আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইফালে এই ঘটনাৰ সময়ত সাংসদ ৰৱনীত সিং বিট্টু বাসভৱনত উপস্থিত নাছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।