NORTHEAST NOW (Assamese)

আজৱ! নিজৰ সন্তানৰ স’তেই বিয়া পাতি সংসাৰ কৰিবলৈ ওলাইছে এগৰাকী অভিভাৱক, ক’ত?

April 14, 2021 4:11 pm · এন ই নাও নিউজ
Updated: April 14, 2021 4:39 pm

নিজে জন্ম দিয়া সন্তানৰ স’তে বিয়া পাতি সংসাৰ পাতিবলৈ উলাইছে এগৰাকী অভিভাৱকে।

হয়, আচৰিত হ’লেও সত্য।

আনকি এই আজৱ বিবাহৰ বাবে আইনী অনুমতি বিচাৰিও আদালতৰ কাষ চাপিছে অভিভাৱকগৰাকীয়ে।

ঘটনাটো ঘটিছে নিউয়ৰ্কত।

অভিভাৱকগৰাকীয়ে ইয়াক ‘ব্যক্তিস্বাধিনতা’ আখ্যা দি কৈছে যে তেজৰ সম্পৰ্ক থকা প্ৰাপ্তবয়স্ক লোকৰ মাজত বিবাহৰ প্ৰতি থকা আইনী বাধাসমূহ আঁতৰাব লাগে।

এই অনুসৰি পিতৃ-মাতৃয়ে সন্তানক বিয়া কৰিব পাৰিব, অথবা ভাতৃ-ভগ্নীয়ে নিজৰ মাজতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিব পাৰিব।

তেওঁ কয় যে বৈবাহিক সম্পৰ্কৰ যোগেৰে দুজন ব্যক্তিয়ে এক উচ্চ স্তৰৰ আনন্দ, আন্তৰিকতা আৰু আধ্যাত্মিকতা লাভ কৰিব পাৰে, এইক্ষেত্ৰত বিবাহৰ বাহিৰে থকা তেওঁলোকৰ পাৰস্পৰিক সম্পৰ্ক গৌণ।

বিবাহৰ অনুমতি বিচাৰি কাষ চপা আদালতখনে এতিয়ালৈকে অভিভাৱকগৰাকী আৰু সন্তানৰ কোনো তথ্য ৰাজহুৱা কৰা নাই।

তেওঁলোকৰ লিংগ, বয়স, ঠিকনা আৰু সম্পৰ্কৰ ধৰণ গোপনে ৰখা হৈছে।

অভিভাৱকগৰাকীৰ অনুৰোধমৰ্মেই তেওঁলোকৰ তথ্যসমূহ গোপনে ৰখা হৈছে।

Related News