বিদায় দেবানন্দ (বুবুল) চৌধুৰী!

বহুদিন মানুহজনক দেখা নাই! কি হ’ল তেওঁ ক’ৰবালৈ গ’ল নেকি? মই অফিছত কাৰোবাক সুধিলোঁ – বুবুল চৌধুৰীক যে দেখা নাই বহু দিন? অ’ চাৰ আপুনি গম নাপায় নেকি, তেখেত অসুস্থ, এপ’ল হাস্পাতালত। ইচৰাম, মই গৈ খবৰ এটা কৰিব লাগিব। সেইদিনাই আবেলি মই তেখেতৰ খবৰ ল’বলৈ গ’লোঁ।এপ’লত ৰোগী বিচাৰি উলিওৱাটোও কম কথা নহয়। অৱশেষত, তেওঁক বিচাৰি উলিয়ালোঁ। মোক দেখি তেওঁ ইমান ধুনীয়া হাঁহি এটা মাৰিলে। অসুখৰ কথা বাদ, কওকচোন কি হ’ব এইবাৰ নিৰ্বাচনত? মই বোলো চৌধুৰী, হ’ব পলিটিক্সৰ কথা আমি পাছত পাতিম, আগেয়ে আপুনি ভাল হৈ উঠক, ঘৰলৈ আহক!

মই যোৱা সময়ত তেখেতৰ কেবিনত তেখেতৰ লগত তেখেতৰ এগৰাকী ভাইবোৱাৰী আৰু ভিনদেউ আছিল। তেখেতৰ লগত কিছু সময় কটাই মই ওলাই আহিছিলোঁ। মই ভাবিছিলোঁ তেখেত ভাল হৈ ঘৰলৈ ওভতিব। তেখেতে কিন্তু কৈছিল- এইবাৰ মই ওপৰলৈহে যাম। এহ কি কথা কয় এইবোৰ! চৌধুৰী ঘৰলৈ ওভতি অহা নাছিল।পৰহি সন্ধিয়া অফিছৰ পৰা ওলোৱাৰ সময়ত কুনকিক (ভতিজা ছোৱালী) সুধিছিলোঁ-বৰদেউতাৰৰ কেনে? ভাল নহয়, আংক’ল। কালি হঠাৎ তেখেতৰ এটা কাৰ্ডিয়েক এৰেষ্টৰ দৰে হ’ল।এতিয়া ভেন্টিলেচনত। বৰ দুখ পালোঁ।আশাকৰোঁ তেওঁ ওলাই আহিব। ঘৰলৈ আহি মোৰ পত্নী লিপিকাক কথাটো ক’লোঁ। তেৱোঁ বৰ দুখ পালে।ৰাতি মাজে মাজে তেওঁৰ কথা মনত পৰি  থাকিল।কালি পুৱা, তেওঁৰ ভাইবোৱাৰী শ্ৰীমতী সুজাতা চৌধুৰীৰ পৰা গম পালো যে ২ মাৰ্চৰ দিনা তেখেতৰ মৃত্যু হৈছে। বৰ দুখ লাগিল।চৌধুৰী টিলাত সেই লুঙী পিন্ধা মানুহজনক আৰু কোনো দিনাই দেখা নাপাম!

নৰ্থ-ইষ্ট নাওত সোমোৱাৰ পিছত,মই দেৱানন্দ চৌধুৰীক যোৱা দুবছৰে ঘণিষ্ঠভাবে পাইছিলোঁ।মানুহজনৰ লগত মোৰ এটা হৃদ্যতা গঢ়ি উঠিছিল।তেখেতে সাধাৰণতে বাৰান্দাত বহি তেওঁলোকৰ কাৰখানাত কাম কৰি থকা মানুহবোৰক কিবা কিবি কৈ থাকে।মই সোধো কি কৰি আছে? এহ নিজকে ব্যস্ত কৰি ৰাখিছোঁ। কেতিয়াবা কি হয়, মই গৈ গাড়ীখন ৰখোৱাৰ পিছত তেওঁ মোক তেওঁৰ ওচৰলৈ মাতে বা মোৰ কোঠাটোলৈ সোমাই আহে, আৰু বিভিন্ন বিষয়লৈ মোৰ লগত কথা পাতিবলৈ আৰম্ভ কৰে।মই কিবা এটা কথা ক’লে কয়-নাই আপুনি মোৰ কথাটো বুজা নাই। তেওঁৰ কিহত ৰাপ নাছিল? ৰাজনীতি,খেতিবাতি, শিক্ষা আনকি সাহিত্যও।

কোনোবাই ভাবিব পাৰে এহ এই গাওঁবুঢ়াৰ দৰে থকা মানুহজনে পৃথিৱীৰ কি ভু-ভা পাব।এবাৰ তেওঁৰ লগত কথাপাতি চাওক। তেওঁ আপোনাৰ বাৰ বজাই দিব। তেওঁ মাটিৰ সমাজখন চিনি পাইছিল।ইমান সা-সম্পত্তি, টকা পইছা থকা সত্বেও সাধাৰণ মানুহৰ লগত তেওঁৰ বৰ বেলেগ ধৰণৰ সম্পৰ্ক এটা আছিল।চৌধুৰী পৰিয়ালৰ মানুহে কাক নাজানে? কাৰ লগত তেওঁলোকৰ সম্পৰ্ক নাই! কিন্তু, তেওঁলোকে সেইবোৰ মানুহক নেদেখুৱায়।অ, কোনোবাই যদি তেওঁলোকৰ লগত টক্কৰ দিবলৈ আহে তাৰ জবাব কেনেকৈ দিব লাগে তেওঁলোকে ভালকৈ জানে।

যোৱাবাৰ ব’হাগত তেওঁক মই এখন বিহুৱান দিছিলোঁ।

চৌধুৰীয়ে মোৰ লগত কথা পাতোতে মই এটা কথা লক্ষ্য কৰিছিলোঁ-আমি বহু সময়ত সমাজখন ওপৰে ওপৰেহে জানো।সাধাৰণ মানুহৰ সমাজখন, তেওঁলোকৰ জীয়া জীৱনটো তেওঁলোকৰ দৰে মানুহেহে জানে।সাধাৰণ মানুহে ব্যৱহাৰ কৰা ভাষাতো তেওঁলোকৰ জীৱনৰ সুখ-দুখ আৰু ৰং লাগি থাকে।তেওঁ মোক উলুবাৰী কছাৰীবস্তিলৈ যোৱা মানুহৰ আচৰণ/ ব্যৱহাৰৰ বিষয়ে যিবোৰ কথা কৈছিল, আমাৰ লেখক/ সাহিত্যিকে ঢুকি নোপোৱা সেইবোৰ আছিল সাধাৰণ মানুহৰ জীৱনৰ কিছুমান সত্য।

চৌধুৰীয়ে গুৱাহাটীৰ, বিশেষকৈ পুৰণি গুৱাহাটীৰ সমাজখন ইমান ভালদৰে জানিছিল। এদিন তেখেতৰ মুখৰ পৰা এটা কথা শুনি মই বিচূৰ্তি খাইছিলোঁ।তেওঁ কৈছিল-আজিকালি মানুহবোৰে কি লিখেহে? আগৰ বাংলা নভেলবোৰ পঢ়ি ইমান ভাল লাগিছিল! আপুনি জানেনে ভবেন বৰুৱাই এসময়ত এখন ভাল অসমীয়া আলোচনী  উলিয়াইছিল। আলোচনীখনৰ নাম আছিল ‘সংলাপ’। তাৰমানে তেখেতে ‘সংলাপ’ৰ খবৰো ৰাখিছিল।তেওঁ  কেৱল লোহা লক্কৰ, বা নিজৰ সম্পত্তিৰ মাজতে সোমাই থকা নাছিল।চৌধুৰী টিলাত আৰু কেতিয়াও তেওঁক  দেখা পোৱা নাযাব। চৌধুৰী টিলাত এতিয়া সকলোৱে তেওঁৰ অভাৱ আৰু শূন্যতা অনুভৱ কৰিব। বিদায় বুবুল চৌধুৰী!