• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আউটছ’ৰ্চড, ঠিকাভিত্তিক নিযুক্তি আৰু ব্যক্তিগত খণ্ডতো এছ চি, এছ টিৰ বাবে সংৰক্ষণ?

বিজেপিৰ সাংসদ কিৰিট পি ছোলাংকীৰ নেতৃত্বত গঠিত সংসদীয় গোটটো

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 12, 2019 7:04 pm

3 min read

Reservation for SC and ST
7.4k
VIEWS
Share on FacebookShare on Twitter

অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে থকা সংৰক্ষণ ব্যৱস্থাটো আউটছ’ৰ্চড আৰু ঠিকাভিত্তিক নিযুক্তিবোৰতো প্ৰযোজ্য কৰিবলৈ চৰকাৰক প্ৰস্তাৱ দিছে এখন সংসদীয় সভাই। বাতৰিটো দ্দা টেলিগ্ৰাফৰ।

এইবোৰ নিযুক্তিত সামাজিকভাৱে পিছপৰা এই লোকসকলৰ বাবে বৰ্তমান এই নীতি অনুসৰণ কৰা হোৱা নাই।

তাৰোপৰি, পেনেলে যিবোৰ চৰকাৰী প্ৰতিষ্ঠান ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা হ’ব, সেইবোৰতো এছ চিৰ বাবে ১৫ শতাংশ আৰু এছ টিৰ বাবে ৭.৫ শতাংশ সংৰক্ষণৰ ব্যৱস্থাটো অব্যাহত ৰাখিবলৈ পৰামৰ্শ দিছে।

উভয় সদনৰ সাংসদেৰে গঠিত ২৯জনীয়া কমিটীখন প্ৰথমবাৰৰ বাবে যোৱা ৬ আগষ্টত বৈঠকত মিলিত হৈছিল। পিছত ই ইয়াৰ পৰামৰ্শবোৰ লোকসভাৰ সচিবালয়লৈ প্ৰেৰণ কৰে, যিবোৰ পিছত সচিবালয়ে পাৰ্ছনেল আৰু ট্ৰেইনিং বিভাগলৈ প্ৰেৰণ কৰে।

পাৰ্ছনেল আৰু ট্ৰেইনিং বিভাগ হ’ল সংৰক্ষণ সম্পৰ্কীয় নিৰ্দেশনাবোৰ জাৰি কৰা সমন্বয়ৰক্ষী বিভাগ।

পাৰ্ছনেল আৰু ট্ৰেইনিং বিভাগলৈ দিয়া সচিবালয়ৰ পত্ৰখনে ব্যক্তিগতকৰণ, আউটছ’ৰ্চিং আৰু চৰকাৰৰ সেৱাবোৰত ঠিকাভিত্তিক নিযুক্তিত সংৰক্ষণ নীতি প্ৰয়োগ হোৱাটো কেনেকৈ নিশ্চিত কৰিব পাৰি তাৰ উপায় উলিয়াবলৈও আহ্বান জনাইছে।

ঠিকাভিত্তিক নিযুক্তি মানে ইয়াত সংৰক্ষণ নীতিৰ বাহিৰত সীমিত সময়ৰ বাবে কৰ্মচাৰী লোৱা প্ৰক্ৰিয়াক বুজাইছে। আনহাতে আউটছ’ৰ্চড কৰ্মচাৰী হ’ল সেইসকল, যিসকলক কোনো চৰকাৰী কাৰ্য্যালয়ত কাম কৰিবৰ বাবে চৰকাৰ-ভিন্ন আন কোনো এজেন্সিয়ে কেৰেয়াত আনে।

পাৰ্ছনেল আৰু ট্ৰেইনিং বিভাগে সকলো মন্ত্ৰ্যালয় আৰু বিভাগক এই বিষয়টোত সামগ্ৰিক প্ৰেক্ষাপট টোকা (comprehensive background note) দিবলৈ কৈছে।

আটাইবোৰ মন্ত্ৰ্যালয়েই এতিয়া ইয়াৰ অধীনৰ কাৰ্য্যালয়বোৰৰ পৰা যোৱা পাঁচ বছৰত দিয়া আউটছ’ৰ্চড আৰু ঠিকাভিত্তিক নিযুক্তিবোৰৰ তথ্য সংগ্ৰহ কৰিছে।

সংসদীয় গোটটো বিজেপিৰ লোকসভাৰ সাংসদ কিৰিট প্ৰেমজীভাই ছোলাংকীৰ নেতৃত্বত গঠিত হৈছে। বিষয়টো পৰীক্ষা কৰি থকা হৈছে বুলি জানিবলৈ দি ছোলাংকীয়ে সংবাদ মাধ্যমৰ আগত কয়, “আমি ঠিকা ভিত্তিক আৰু আউটছ’ৰ্চিঙৰ জৰিয়তে দিয়া কৰ্মচাৰীৰ নিযুক্তিৰ বিষয়টো বাছি লৈছো। এই নিযুক্তিবোৰত সংৰক্ষণ ব্যৱস্থা মানি চলা হোৱা নাই। আমি এই নিযুক্তিবোৰতো এছ চি আৰু এছ টিৰ বাবে ক্ৰমে ১৫ আৰু ৭.৫ শতাংশ সংৰক্ষণ বিচাৰো।”

কেন্দ্ৰীয় সচিবালয়ৰ এছ চি-এছ টি কৰ্মচাৰীৰ কল্যাণ সংস্থাৰ অধ্যক্ষ ৰোহটাছ ভাংখাৰে কয় যে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্য্যালয়বোৰৰ ৪০ শতাংশ কৰ্মচাৰী ঠিকা ভিত্তিক আৰু আউটছ’ৰ্চড কৰ্মচাৰীৰে গঠিত।

তেওঁ কয়, এই দুই প্ৰকাৰৰ কৰ্মচাৰীয়ে, বিশেষকৈ ডেটা এণ্ট্ৰি অপাৰেটৰ, দিহা দিওঁতা (consultant) আৰু পৰামৰ্শদাতা (adviser), নিয়মীয়া কৰ্মচাৰীৰ তুলনাত অতি কম দৰমহা পায়, যিকোনো সময়তে এওঁলোকক কামৰ পৰা আঁতৰাব পাৰে আৰু ভৱিষ্যনিধি, বীমা বা পেন্সন পাবৰ বাবে অৰ্হতা নাথাকে। তেওঁলোকৰ আনকি পদোন্নতিৰ ব্যৱস্থা নহয়।

“আমাৰ সংস্থাই চাকৰিত সংৰক্ষণৰ এখন আইন বিচাৰি প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়লৈ পত্ৰ লিখিছে। এতিয়ালৈকে চাকৰিত সংৰক্ষণ পাৰ্ছনেল আৰু ট্ৰেইনিং বিভাগৰ বিভাগীয় নিৰ্দেশনাৰ ভিত্তিত চলি আছে। কেতিয়াবা কেতিয়াবা এনেকুৱা নিৰ্দেশনাবোৰক ভুল ব্যাখ্যা দিয়া হয়। এখন স্পষ্ট আইন লাগে, যাতে সংৰক্ষণ ব্যৱস্থাটো নিয়মীয়া আৰু ঠিকাভিত্তিক আৰু আউটছ’ৰ্চড নিযুক্তিবোৰত কাৰ্য্যকৰী কৰা হয়। তাৰোপৰি ব্যক্তিগতকৰণ কৰাৰ পিছত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰে সংৰক্ষণ ব্যৱস্থা কাৰ্য্যকৰী কৰিবই লাগিব”, ভাংখাৰে কয়।

ইপিনে বিভিন্নটা ৰাজনৈতিক দলেও ব্যক্তিগত খণ্ডতো সংৰক্ষণ ব্যৱস্থা দাবী কৰি আছে। ১০ নৱেম্বৰত ডি এম কেই  এই সম্পৰ্কীয় এটা প্ৰস্তাৱ গৃহীত কৰিছে। দলটোৰ লোকসভাৰ সাংসদ ৰবি কুমাৰে কয় যে চৰকাৰী প্ৰতিষ্ঠানবোৰত চাকৰিৰ সুযোগ দ্ৰুত গতিত নাটনি হৈ আহিছে।

“ডি এম কেই চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ সকলো প্ৰকাৰৰ নিযুক্তিতে সংৰক্ষণ বিচাৰে। ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰতো সংৰক্ষণৰ ব্যৱস্থা থাকিব লাগিব”, কুমাৰে কয়।

জে ডি য়ু আৰু চি পি এমেও ব্যক্তিগত খণ্ডত সংৰক্ষণ ব্যৱস্থা কাৰ্য্যকৰী কৰাৰ আহ্বান জনাই আহিছে।

উল্লেখ কৰিব পাৰি যে ২০১৯ চনত চৰকাৰে অৰ্থনৈতিকভাৱে পিছপৰা সকলৰ বাবেও ১০ সংৰক্ষণৰ ব্যৱস্থা আনিছে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd