NORTHEAST NOW (Assamese)

বিজেপিৰ সৈতে ঘনিষ্ঠতা বিতৰ্কত এইবাৰ Facebook কৰ্তৃপক্ষক সংসদীয় সমিতিৰ জৰুৰী তলব

August 21, 2020 6:49 am · এন ই নাও নিউজ
ফেচবুক ইণ্ডিয়াৰ কাৰ্যৱাহী অখি দাস।

বিজেপিৰ সৈতে ঘনিষ্ঠ সম্পৰ্কীয় বিতৰ্কত Facebook কৰ্তৃপক্ষক জৰুৰীভাৱে হাজিৰ হোৱাৰ নিৰ্দেশ দিছে সংসদীয় সমিতিয়ে।

জাননী প্ৰেৰণ কৰি অহা ২ছেপ্টেম্বৰত Facebook কৰ্তৃপক্ষক সমিতিৰ আগত উপস্থিত থাকিবলৈ কোৱা  হৈছে।

তদুপৰি, একেসময়তে জাননী যোগে কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ বিষয়াসকলকো উপস্থিত থাকিবলৈ কোৱা হৈছে।

যোৱা কিছুদিন ধৰি চলি থকা বিতৰ্কৰ বাবেই সংসদীয় সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

বিগত কেইদিন ধৰি Facebook ইণ্ডিয়াৰ কামকাজক সৈ ৰাষ্ট্ৰীয় ৰাজনীতি উত্তপ্ত হৈ পৰিছে।

ভাৰতত বিজেপিক কিয় বিশেষ সুবিধা দিয়া হৈছে বা বিভাজনমূলক মন্তব্য বিয়পাবলৈ দিয়া হৈছে তাক লৈ কংগ্ৰেছকে ধৰি বিৰোধীয়ে তদন্তৰ দাবী জনাইছিল।

কংগ্ৰেছে মাৰ্ক জুকাৰবাৰ্গলৈ তিনি পৃষ্ঠা জোৰা এখন পত্ৰও প্ৰেৰণ কৰে। তাত কোৱা হৈছে যে আমেৰিকাৰ বাতৰিকাকতত Facebookৰ ভাৰতীয় শাখাৰ বিৰুদ্ধে বিজেপিৰ প্ৰতি পক্ষপাতিত্বৰ অভিযোগ উত্থাপিত হৈছে। সেয়েহে, জুকাৰবাৰ্গক ইয়াৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে।

ইয়াৰ পাছতে তথ্য প্ৰযুক্তি বিষয়ক সংসদীয় সমিতিৰ অধ্যক্ষ শশী থাৰুৰে  Facebookৰ ভাৰতীয় শাখাক উত্তৰ দিবলৈ জৰুৰীভাৱে তলব কৰিছে।

Related News