• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচন পৰৱৰ্তী হিংসাত জৰ্জৰিত ত্ৰিপুৰাত আক্ৰমণৰ বলি সংসদীয় দল; বিজেপিৰ বিৰুদ্ধে অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2023 1:15 pm
ফটো  সংগ্রিহীত।

ফটো সংগ্রিহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাত নিৰ্বাচনোত্তৰ হিংসাৰ দ্বাৰা আক্ৰান্ত হৈছে সংসদীয় দল। ৰাজ্যখনত বিৰোধীৰ ওপৰত ধাৰাবাহিক আক্ৰমণৰ অভিযোগৰ পৰ্যবেক্ষণ কৰিবলৈ অহা কংগ্ৰেছ আৰু চিপিআই(এম)ৰ এটা যুটীয়া প্ৰতিনিধি দলৰ সদস্যসকল আৰক্ষীৰ সুৰক্ষাত প্ৰায় গৃহবন্দী হৈ থাকিবলগীয়া হৈছে। ৰাজ্যখনৰ শাসনাধিষ্ঠিত বিজেপি আক্ৰমণৰ আঁৰত আছে বুলি অভিযোগ কৰা হৈছে।

চিপিআই(এম)ৰ সাংসদ বিকাশ ৰঞ্জন ভট্টাচাৰ্য, সাংসদ পি আৰ নটৰাজন, এ এ ৰহিম, কংগ্ৰেছৰ সাংসদ ৰঞ্জিত ৰঞ্জন, আব্দুল খালেক আৰু চিপিআইৰ সাংসদ বিনয় বিশ্বাস যুটীয়া প্ৰতিনিধি দলটোৰ সদস্য আছিল। কংগ্ৰেছ-চিপিআই(এম) সংসদীয় দলে নিৰ্বাচনোত্তৰ হিংসাৰ অভিযোগৰ পৰ্যবেক্ষণৰ বাবে ত্ৰিপুৰালৈ দুদিনীয়া ভ্ৰমণলৈ গৈছে।

বাতৰি অনুসৰি, যেতিয়া বিশালগড়ৰ সন্ত্ৰাস-পীড়িত অঞ্চললৈ যোৱাৰ সময়তে তেওঁলোকক আক্ৰমণ কৰা হৈছিল। ফলস্বৰূপে, দলটোৱে বিভিন্ন স্থানত প্ৰৱেশ কৰিব নোৱাৰিলে। আক্ৰমণকাৰীসকল বিজেপি দলৰ সমৰ্থক বুলি অভিযোগ কৰা হৈছে।

Apply Now

শুকুৰবাৰে যুটীয়া প্ৰতিনিধি দলটোৱে বাধাৰঘাট আৰু প্ৰতাপগড় বিধানসভা সমষ্টিৰ ক্ষতিগ্ৰস্ত ঘৰসমূহ পৰিদৰ্শন কৰে আৰু বিশালগড়লৈ ৰাওনা হয়। বুধবাৰে নিশা নেহালচন্দ্ৰ নগৰ অঞ্চলত ৰাজনৈতিক প্ৰতিহিংসাৰ ফলত জুইত ভস্মীভূত হোৱা ১৯ খন দোকান পৰিদৰ্শন কৰিছিল সংসদীয় প্ৰতিনিধি দলটোৱে।

প্ৰতিনিধি দলটোত উপস্থিত থকা সাংসদ আব্দুল খালেক, প্ৰাক্তন সাংসদ অজয় কুমাৰ, ৰাজ্যিক কংগ্ৰেছৰ সভাপতি বিৰজিৎ সিনহা আৰু চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলৰ সৈতে কথা পাতি থকাৰ সময়ত শাসকীয় দলৰ দুৰ্বৃত্ত তাত উপস্থিত হৈছিল। সেই সময়ত দুয়োপক্ষৰ মাজত বাকযুদ্ধ আৰম্ভ হোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। সংসদীয় প্ৰতিনিধি দলৰ কেইবাখনো বাহন ভাঙি পেলোৱা হয়। আৰক্ষী আৰু টিএছআৰ জোৱানসকলে কোনোমতে সংসদীয় দলটোক তেওঁলোকৰ জীৱন ৰক্ষা কৰি এক সুৰক্ষিত স্থানত উপনীত কৰায়।

ৰাজ্যিক কংগ্ৰেছৰ সভাপতি সিনহাই কয় যে তেওঁলোকে ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলৰ সৈতে কথা পাতি থকাৰ সময়তে শাসকীয় দলৰ দুৰ্বৃত্তই আহি তেওঁলোকক বাধা দিছিল। তিনিখন গাড়ীত এছক’ৰ্ট থকা স্বত্বেও তেওঁলোকে কোনো ভূমিকা পালন কৰা নাছিল। টিএছআৰ জোৱানসকলে কৈছিল যে যদি তেওঁলোকে ওপৰৰ পৰা নিৰ্দেশনা নাপায় তেন্তে তেওঁলোকে কোনো ব্যৱস্থা ল’ব নোৱাৰে। এনেদৰে তেওঁ প্ৰশাসনৰ ফালে আঙুলি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd